বিহুৰ বতৰত সোণৰ বজাৰত জুই, দাম বাঢ়িল প্ৰায় ১৭০০০০ টকা! চাওক আজি কিমান হৈছে দৰ | Major Hike in Gold Rates Today: Silver Prices Also Surge; Check Latest Rates Before Buying Jewelry Assam news - Assam Tv9

বিহুৰ বতৰত সোণৰ বজাৰত জুই, দাম বাঢ়িল প্ৰায় ১৭০০০০ টকা! চাওক আজি কিমান হৈছে দৰ

Updated On: 

12 Jan 2026 | 10:24 AM

বিশ্বজুৰি চলি থকা অৰ্থনৈতিক অস্থিৰতাৰ বাবেই দেশৰ লগতে অসমৰ বজাৰতো সোণ-ৰূপৰ এই দৰ বৃদ্ধি হোৱা বুলি ধাৰণা কৰা হৈছে। বিয়াৰ বতৰৰ প্ৰাকক্ষণত এনেদৰে মূল্যবৃদ্ধি হোৱাত স্বাভাৱিকতে চিন্তিত হৈ পৰিছে মধ্যবিত্ত গ্ৰাহকসকল।

1 / 5বিহুৰ বতৰত সোণৰ অলংকাৰ ক্ৰয় কৰাৰ পৰিকল্পনা কৰা গ্ৰাহকসকলৰ বাবে আহিছে এক দুঃসংবাদ। আন্তঃৰাষ্ট্ৰীয় বজাৰৰ প্ৰভাৱত আজি ঘৰুৱা বজাৰতো সোণ আৰু ৰূপৰ মূল্যত আকাশলংঘী বৃদ্ধি পৰিলক্ষিত হৈছে। 'গুড ৰিটাৰ্ণছ'ৰ শেহতীয়া তথ্য অনুসৰি, বজাৰত আজি সোণৰ দৰ যথেষ্ট উৰ্ধগামী হৈছে।

বিহুৰ বতৰত সোণৰ অলংকাৰ ক্ৰয় কৰাৰ পৰিকল্পনা কৰা গ্ৰাহকসকলৰ বাবে আহিছে এক দুঃসংবাদ। আন্তঃৰাষ্ট্ৰীয় বজাৰৰ প্ৰভাৱত আজি ঘৰুৱা বজাৰতো সোণ আৰু ৰূপৰ মূল্যত আকাশলংঘী বৃদ্ধি পৰিলক্ষিত হৈছে। 'গুড ৰিটাৰ্ণছ'ৰ শেহতীয়া তথ্য অনুসৰি, বজাৰত আজি সোণৰ দৰ যথেষ্ট উৰ্ধগামী হৈছে।

2 / 5

আজি ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ১৬৯ টকাকৈ বৃদ্ধি পাইছে বুলি গুড ৰিটাৰ্ণছে প্ৰকাশ কৰিছে। এনে দৰ বৃদ্ধিৰ ফলত আজি বজাৰত এক গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য হৈছেগৈ ১৪,২১৫ টকা।

3 / 5

আটাইতকৈ বেছি ব্যৱহৃত ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত আজি ১৫৫ টকাকৈ বৃদ্ধি পাইছে। ফলত গ্ৰাহকসকলে আজি প্ৰতি গ্ৰাম ২২ কেৰেট সোণ ক্ৰয় কৰিবলৈ ১৩,০৩০ টকা পৰিশোধ কৰিব লাগিব।

4 / 5

সমান্তৰালভাৱে ১৮ কেৰেট সোণৰ মূল্যও প্ৰতি গ্ৰামত ১২৭ টকাকৈ বৃদ্ধি পাইছে বুলি প্ৰকাশ কৰিছে গুড ৰিটাৰ্ণছে। এইদৰে আজি বজাৰত মূল্য ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ১০,৬৬১ টকা হৈছে।

5 / 5

কেৱল সোণেই নহয়, আজি ৰূপৰ মূল্যয়ো সাধাৰণ গ্ৰাহকক চিন্তিত কৰিব। বজাৰত আজি প্ৰতি গ্ৰাম ৰূপত ১০ টকাকৈ বৃদ্ধি পোৱাৰ ফলত বৰ্তমান এক কিলোগ্ৰাম ৰূপৰ মূল্য প্ৰায় ২,৭০,০০০ টকা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...