জালুকবাৰীৰ হাজাৰ হাজাৰ মহিলাক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে ১০,০০০ টকা... | mahila udyamita cheque distribute himanta biswa sarma Jalukbari see in details Assam news - Assam Tv9

জালুকবাৰীৰ হাজাৰ হাজাৰ মহিলাক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে ১০,০০০ টকা…

Published: 

03 Sep 2025 19:12 PM

জালুকবাৰী সমষ্টিৰ হাজাৰ হাজাৰ মহিলাই আজি লাভ কৰিলে ১০ হাজাৰ টকাকৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশাল সভা সম্বোধন কৰি এই চেক বিতৰণ কৰে। ইয়াৰোপৰি শীঘ্ৰেই অৰুণোদয় ৩.০ আৰম্ভ কৰা হ'ব বুলি কয় শৰ্মাই।

1 / 5বুধবাৰে জালুকবাৰী বিধানসভা সমষ্টিৰ হাজাৰ হাজাৰ মহিলাৰ মাজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে। সমষ্টিটোৰ ৫,৭৯১ গৰাকী আত্মসহায়ক গোটৰ সদস্যক ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰে শৰ্মাই।

বুধবাৰে জালুকবাৰী বিধানসভা সমষ্টিৰ হাজাৰ হাজাৰ মহিলাৰ মাজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে। সমষ্টিটোৰ ৫,৭৯১ গৰাকী আত্মসহায়ক গোটৰ সদস্যক ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰে শৰ্মাই।

2 / 5

এই সময়চোৱাত বিশাল জনসভা সম্বোধন কৰি শৰ্মাই কয় যে,ইয়াতেই শেষ নহয়, এই ধনৰ ভাল ব্যৱহাৰ কৰিলে পৰৱৰ্তী সময়ত আৰু ধনৰাশি প্ৰদান কৰা হ'ব। দ্বিতীয় পৰ্যায়ত ২৫,০০০ টকা আৰু তৃতীয় পৰ্যায়ত ৫০,০০০ টকা লাভ কৰিব।

3 / 5

লগতে কয়, এই ধনৰাশি মহিলাসকলে যিকোনো উৎপাদনমুখী কামত ব্যৱহাৰ কৰিব পাৰিব। আনহাতে নিজ আত্মসহায়ক গোটৰ অন্যান্য মহিলাৰ সৈতে যৌথভাৱে এই পুঁজি ব্যৱহাৰ কৰি বাণিজ্যিক কামত ব্যৱহাৰ কৰিব পাৰিব।

4 / 5

শৰ্মাই কয়, বৰ্তমান ৰাজ্যত থকা ৮ লাখ লাখপতি বাইদেউৰ সংখ্যা ৪০ লাখলৈ বৃদ্ধি কৰাৰ প্ৰচেষ্টা কৰিব চৰকাৰে। লগতে কয় যে, মহিলাসকলে উদ্যমিতা পুঁজিৰ পৰৱৰ্তী ধন লাভ কৰিবলৈ হ'লে সন্তানৰ সংখ্যা তিনিটাৰ ভিতৰত সীমাবদ্ধ ৰাখিব লাগিব।

5 / 5

ভাষণৰ সময়ত অৰুণোদয়ৰ কথাও উল্লেখ কৰে শৰ্মাই। তেওঁ কয় যে, অহা ১৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় ৩.০। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ প্ৰতি লক্ষ্য ৰাখি এই দিনটোত অৰুণোদয় ৩.০ শুভাৰম্ভ কৰা হ'ব।

পুৱা খালী পেটত ১ চামুচ ঘিউ খালে কেনে প্ৰভাৱ পৰে জানেনে? বিশেষজ্ঞই কি কয় চাওক
ইলাচীয়ে বঢ়াব যৌন ক্ষমতা! মাত্ৰ এইদৰে কৰক ব্যৱহাৰ
গুপ্তাংগ ক'লা পৰিলে কেনেকৈ ঠিক কৰিব? জানক সহজ উপায়
পূজাৰ বতৰত জেলেপীৰ সোৱাদ লয় নে? পিছে ভাৰতলৈ ক’ৰপৰা আহিছিল জেলেপী, জানেনে?