মহিলা উদ্যমিতা অভিযানঃ কোন জিলাৰ মহিলাই কেতিয়া পাব ১০,০০০ টকা, জানক তাৰিখ... | Mahila udyamita abhiyan start from today know the date dist wise in details Assam news - Assam Tv9

মহিলা উদ্যমিতা অভিযানঃ কোন জিলাৰ মহিলাই কেতিয়া পাব ১০,০০০ টকা, জানক তাৰিখ…

Published: 

22 Aug 2025 09:12 AM

Mahila udyamita abhiyan: ৰাজ্যৰ মহিলাসকললৈ ভাল খবৰ। মহিলা উদ্যমিতা আঁচনিৰ অধীনত ৰাজ্য়ৰ লাখ লাখ মহিলাক চৰকাৰে ১০ হাজাৰ টকাকৈ প্ৰদান কৰিব। আজিৰ পৰা আৰম্ভ কৰিব এই কাৰ্যসূচী।

1 / 5আজি, ২২ আগষ্টৰ পৰা আৰম্ভ মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত পুঁজি বিতৰণ কাৰ্যসূচী আৰম্ভ হৈছে। আজি নলবাৰীত এক বিশাল জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। নলবাৰীৰ প্ৰায় ৩৪ হাজাৰ মহিলাক এই ধন প্ৰদান কৰা হ'ব।

আজি, ২২ আগষ্টৰ পৰা আৰম্ভ মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত পুঁজি বিতৰণ কাৰ্যসূচী আৰম্ভ হৈছে। আজি নলবাৰীত এক বিশাল জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। নলবাৰীৰ প্ৰায় ৩৪ হাজাৰ মহিলাক এই ধন প্ৰদান কৰা হ'ব।

2 / 5

ইয়াৰ পাছতে ৰাজ্যৰ আন জিলাৰ মহিলাসকলক পুঁজি প্ৰদান কৰা হ'ব। এই আঁচনিৰ অধীনত মহিলাসকলক ১০ হাজাৰ টকাকৈ প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে চৰকাৰে।

3 / 5

নলবাৰীৰ পাছত ২৩ আগষ্টত জাগীৰোডৰ মহিলাক পুঁজি প্ৰদান কৰা হ'ব। ইয়াৰ পাছত ২৪ আগষ্টত মাৰ্ঘেৰিটা, ২৫ আগষ্টত ধুবুৰী, ১ ছেপ্টেম্বৰত পাথৰকান্দি, ২ ছেপ্টেম্বৰত হোজাই, ৩ ছেপ্টেম্বৰত জালুকবাৰী আৰু লাহৰীঘাটত পুঁজি প্ৰদান কৰিব চৰকাৰে।

4 / 5

ইয়াৰ পাছতে ৪ ছেপ্টেম্বৰত ঢেকিয়াজুলি, ৬ ছেপ্টেম্বৰত মানকাচৰ, ১৬ ছেপ্টেম্বৰত গৌৰিপুৰ, ২৫ ছেপ্টেম্বৰত বিশ্বনাথ, ২৬ ছেপ্টেম্বৰত জোনাই, ২৭ ছেপ্টেম্বৰত তিনিচুকীয়া, ২৮ ছেপ্টেম্বৰত ৰংখাঙত ধন প্ৰদান কৰিব।

5 / 5

উল্লেখ্য যে,এই আঁচনিৰ অধীনত ৰাজ্যজুৰি প্ৰায় ৩০ লাখ মহিলা উপকৃত হ'ব। ইয়াৰ বাবে পুঁজি নিৰ্ধাৰণ কৰা হৈছে প্ৰায় ৩০০০ কোটি টকা। কৃষি, পশুপালন, বয়নশিল্প, হস্তশিল্প ইত্যাদি ক্ষেত্ৰৰ বাবে এই ধন প্ৰদান কৰা হৈছে।

দল ঘোষণাৰ পিছতো হ’ব পাৰে পৰিৱৰ্তন, বিচিচিআইৰ সিদ্ধান্তৰ পিছত দলত স্থান পাব ৰাহুল আৰু চিৰাজে!
ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব দৰিদ্ৰতাই!
বৃক্কত সমস্যা হ'লে দেখা দিয়ে এই ৭ টা লক্ষণ! জানক বিশেষজ্ঞৰ পৰা...
বছৰৰ দ্বিতীয় সূৰ্য গ্ৰহণ অশুভ এই ৰাশিৰ লোকৰ বাবে! জানক...