গাড়ী চুৰি চক্ৰৰ মাষ্টাৰ-মাইণ্ডক গ্ৰেপ্তাৰ, উদ্ধাৰ ১০০ খন বাহন... | Luxury Car Theft Racket Busted by Guwahati Police Assam news - Assam Tv9

বিলাসী গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীৰ অভিযান, মাষ্টাৰ-মাইণ্ডক গ্ৰেপ্তাৰ, উদ্ধাৰ প্ৰায় ১০০ খন বাহন…

Published: 

12 Jul 2025 | 08:13 PM

বিলাসী গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান গুৱাহাটী আৰক্ষীৰ। খবৰ অনুসৰি, শিলিগুড়ি আৰক্ষীৰ সহযোগত চলোৱা হৈছে এই অভিযান। ইতিমধ্যে প্ৰায় ১০০ খন চুৰি হোৱা বিলাসী বাহন উদ্ধাৰ কৰিছে দুয়োখন ৰাজ্যৰ আৰক্ষীয়ে।

1 / 5আন্তঃৰাষ্ট্ৰীয় বিলাসী গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান গুৱাহাটী আৰক্ষীৰ। অভিযানত ডাঙৰ সফলতা লাভ কৰিছে গুৱাহাটী আৰক্ষীয়ে। ৰাজ্যৰ লগতে পশ্চিমবংগৰ বিভিন্ন প্ৰান্তত অভিযান গুৱাহাটী আৰক্ষীৰ।

আন্তঃৰাষ্ট্ৰীয় বিলাসী গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান গুৱাহাটী আৰক্ষীৰ। অভিযানত ডাঙৰ সফলতা লাভ কৰিছে গুৱাহাটী আৰক্ষীয়ে। ৰাজ্যৰ লগতে পশ্চিমবংগৰ বিভিন্ন প্ৰান্তত অভিযান গুৱাহাটী আৰক্ষীৰ।

2 / 5

সূত্ৰৰ খবৰ অনুসৰি,শিলিগুড়ি আৰক্ষীৰ সহযোগত চলোৱা হৈছে এই অভিযান। চুৰি হোৱা শ শ বিলাসী গাড়ী বিচাৰি এই অভিযান দুয়োখন ৰাজ্যৰ আৰক্ষীৰ। দুয়োখন ৰাজ্যৰ পৰা এটা চক্ৰই কেইবা শতাধিক গাড়ী চুৰি কৰিছে বুলি জানিব পৰা গৈছে।

3 / 5

জানিব পৰা মতে, ইতিমধ্যে প্ৰায় ১০০ খন চুৰি হোৱা বিলাসী বাহন উদ্ধাৰ কৰিছে দুয়োখন ৰাজ্যৰ আৰক্ষীয়ে। জানিব পৰা মতে, বিভিন্ন কাৰ এজেন্সিৰ পৰা গাড়ী ভাড়ালৈ নি নেপালত বিক্ৰী কৰিছে চক্ৰটোৱে। গুৱাহাটীৰ পৰাও দুটা মাহত প্ৰায় ৬০খন বিলাসী গাড়ী লৈ পলাইছিল চক্ৰটো।

4 / 5

এই গাড়ী চুৰি চক্ৰটোৰ মাষ্টাৰ-মাইণ্ড সোমনাথ মুখাৰ্জীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইফালে, চান্দমাৰী থানালৈ লৈ অহা হ'ল পশ্চিমবংগত উদ্ধাৰ কৰা ৬খন বিলাসী বাহন। গুৱাহাটীৰ কাৰ ৰেন্ট এজেন্সিৰ পৰা চুৰি হৈছিল প্ৰায় ৬০ খন বাহন।

5 / 5

নেপাললৈ সৰবৰাহ কৰা পথত উদ্ধাৰ হয় এই ৬খন বানহ। এতিয়াও চুৰি হোৱা প্ৰায় অৰ্ধ শতাধিক বাহন উদ্ধাৰ কৰিবলৈ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। সূত্ৰই সদৰী কৰা মতে, নেপাল আৰক্ষীয়ে এই বিষয়টোৰ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ আৰক্ষীক সহযোগ কৰা নাই বুলি জানিব পৰা গৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...