লাভলীনাৰ জন্মদিনত মাতৃৰ আৱেগিক পোষ্ট! মুখ্যমন্ত্ৰীকে ধৰি বিভিন্নজনে জনালে শুভেচ্ছা | lovlina borgohain birthday mother Mamoni Borgohain cm Himanta Biswa Sarma wishes her on birthday Assam news - Assam Tv9

লাভলীনাৰ জন্মদিনত মাতৃৰ আৱেগিক পোষ্ট! মুখ্যমন্ত্ৰীকে ধৰি বিভিন্নজনে জনালে শুভেচ্ছা

Published: 

02 Oct 2024 18:11 PM

আজি অৰ্জুন বঁটা বিজয়ী বক্সাৰ লাভলীনা বৰগোঁহাইৰ জন্মদিন। লাভলীনাৰ জন্মদিন শুভেচ্ছা জনাই সামাজিক মাধ্যমত বিশেষ পোষ্ট লিখিলে লাভলীনাৰ মাতৃ মামণি বৰগোঁহায়ে।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি মন্ত্ৰী অতুল বৰা, মন্ত্ৰী পীযূষ হাজৰিকা, জয়ন্তমল্ল বৰুৱাৰ লগতে লাভলীনা বৰগোঁহাইক জনালে শুভেচ্ছা।

1 / 5২৭ বছৰীয়া হ’ল অসম কন্যা লাভলীনা । আজি অৰ্জুন বঁটা বিজয়ী বক্সাৰ লাভলীনা বৰগোঁহাইৰ জন্মদিন। জন্মদিন শুভেচ্ছা জনাই বিভিন্নজনে শ্বেয়াৰ কৰিলে বিশেষ পোষ্ট।

২৭ বছৰীয়া হ’ল অসম কন্যা লাভলীনা । আজি অৰ্জুন বঁটা বিজয়ী বক্সাৰ লাভলীনা বৰগোঁহাইৰ জন্মদিন। জন্মদিন শুভেচ্ছা জনাই বিভিন্নজনে শ্বেয়াৰ কৰিলে বিশেষ পোষ্ট।

2 / 5

সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি মন্ত্ৰী অতুল বৰা, মন্ত্ৰী পীযূষ হাজৰিকা, জয়ন্তমল্ল বৰুৱাৰ লগতে লাভলীনা বৰগোঁহাইক জনালে শুভেচ্ছা। কন্যাক জন্মদিন শুভেচ্ছা জনাই সামাজিক মাধ্যমত বিশেষ পোষ্ট লিখিলে লাভলীনাৰ মাতৃ মামণি বৰগোঁহায়ে।

3 / 5

লাভলীনাৰ মাতৃ ফেচবুকত লিখিছে, "জীৱনত কি পালো নাজানো, কিন্তু তোক পাই মোৰ জীৱন সাৰ্থক হ’ল। আজি এই শুভ দিনটোত তোলৈ মোৰ এসোপামান আশীৰ্বাদ , আৰু এখিনিমান শুভেচ্ছা। সমাজত ভোটা তৰা হৈ জিলিকি থাক। ভগৱানৰ ওচৰত তোৰ বাবে এগছি বন্তি জ্বলাই মাথোঁ সেৱা জনাইছোঁ।"

4 / 5

২০২১ চনত জাপানত অনুষ্ঠিত টকিঅ’ অলিম্পিক ২০২০ত ইতিহাস ৰচনা কৰি পদক জিনিছিল লাভলীনাই। টকিঅ’ অলিম্পিকত ৬৯ কেজি শাখাত লাভলীনাই দেশক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল।

5 / 5

২০২৩ৰ IBA বিশ্ব মহিলা বক্সিঙত লাভলিনাই সোণৰ পদক লাভ কৰিছিল। ইয়াৰ পূৰ্বে একেখন প্ৰতিযোগিতাত ২০১৮ চনত ব্ৰঞ্জৰ পদক আৰু ২০১৯ চনত AIBA মহিলা বক্সিঙতো তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ২০২৩ চনত চীনত অনুষ্ঠিত হোৱা এছিয়ান গেমছত ৭৫ কিলোগ্ৰাম শাখাত তেওঁ ৰূপৰ পদক লাভ কৰিছিল।

হনুমানক সন্তুষ্ট কৰাৰ আটাইতকৈ সহজ উপায়! মঙলবাৰে কৰক এই কাম
ভগৱানৰ কৃপা লাভ কৰিলে কি সংকেতে দেখা দিয়ে? ক'লে প্ৰেমানন্দ মহাৰাজে...
আমাৰ পেটত কিদৰে কৃমিৰ সৃষ্টি হয়? চাওঁ আহক এই সমস্যা দূৰ কৰাৰ ঘৰুৱা উপায়
জীৱনত সফল হোৱাটো নিশ্চিত, আজিৰে পৰা পালন কৰক এইকেইটা নিয়ম!