জন্মাষ্টমী কেতিয়া? ভগৱান শ্ৰীকৃষ্ণৰ জন্ম ক'ত, কেনেকৈ হৈছিল জানেনে? | Lord Krishna birth date and time in assamese Where is lord krishna birth place Assam news - Assam Tv9

জন্মাষ্টমী কেতিয়া? ভগৱান শ্ৰীকৃষ্ণৰ জন্ম ক’ত, কেনেকৈ হৈছিল জানেনে?

Updated On: 

09 Aug 2025 18:59 PM

Krishna Janmashtami 2025: জন্মাষ্টমী ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন হিচাপে পালন কৰা হয়। হিন্দু পঞ্জিকা অনুসৰি প্ৰতি বছৰে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত জন্মাষ্টমী পালন কৰা হয়। ভগৱান শ্ৰীকৃষ্ণৰ জন্ম সম্পৰ্কীয় বহুতো কাহিনী ধৰ্ম গ্ৰন্থত পোৱা যায়।

1 / 5 প্ৰতি বছৰে জন্মাষ্টমী উৎসৱ অতি আড়ম্বৰেৰে পালন কৰা হয়। প্ৰায়ে মানুহৰ মনত এই প্ৰশ্নটো আহে যে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম কেতিয়া, ক'ত আৰু কেনকৈ হৈছিল। শ্ৰীকৃষ্ণৰ জন্মৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথা জানক।

প্ৰতি বছৰে জন্মাষ্টমী উৎসৱ অতি আড়ম্বৰেৰে পালন কৰা হয়। প্ৰায়ে মানুহৰ মনত এই প্ৰশ্নটো আহে যে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম কেতিয়া, ক'ত আৰু কেনকৈ হৈছিল। শ্ৰীকৃষ্ণৰ জন্মৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথা জানক।

2 / 5

ভাৰত,নেপাল,আমেৰিকাকে ধৰি সমগ্ৰ বিশ্বতে জন্মাষ্টমীৰ নামত ভগৱান কৃষ্ণৰ জন্মদিন পালন কৰা হয়। উত্তৰ প্ৰদেশৰ মথুৰাৰ এখন কাৰাগাৰত জন্মগ্ৰহণ কৰিছিল কৃষ্ণই। শ্ৰী কৃষ্ণ মাতৃ দৈৱকী আৰু পিতৃ বাসুদেৱৰ ৮ম সন্তান।

3 / 5

ভগৱান শ্ৰীকৃষ্ণৰ প্ৰকৃত নাম আছিল বসুদেৱ কৃষ্ণ। তেওঁ বাসুদেৱ আৰু দৈৱকীৰ পুত্ৰ হিচাপে পৰিচিত। ইয়াৰ উপৰিও তেওঁক গোবিন্দ, গোপাল, কানহা, দেৱকীনন্দন, মাধৱ, শ্যাম আদি বহু নামেৰেও পৰিচিত।

4 / 5

হিন্দু যুগৰ হিচাপত তৃতীয় যুগ দ্বাপৰ যুগত ভগৱান কৃষ্ণৰ জন্ম হয়। শ্ৰী কৃষ্ণৰ গাঁও গোকুল, য'ত তেওঁৰ ডাঙৰ-দীঘল হৈছিল। জন্মৰ পিছত ভগৱান শ্ৰীকৃষ্ণক নন্দ আৰু যশোদাই ডাঙৰ-দীঘল কৰিছিল।

5 / 5

পৌৰাণিক বিশ্বাস অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ সময়ত বাসুদেৱে তেওঁক নিজৰ মামাক কংসৰ পৰা বচাবলৈ যমুনা নদীৰ সিপাৰে গোকুলৰ নন্দ বাবা আৰু যশোদাৰ ওচৰত থৈ আহিছিল।

সুখী বৈবাহিক জীৱনৰ বাবে নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইবিধ বস্তু!
বাংলাদেশত I Love You কেনেকৈ কয়? জানি হ'ব আচৰিত
মদ্যপান কৰিলে মানুহ কিয় ফুলে ? উপশম পোৱাৰ উপায় জানক...
নিয়ন্ত্ৰণত থাকিব ব্লাড চুগাৰ! খালী পেটত এইদৰে খাওক নৰসিংহৰ পাত...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী
খেৰণিৰ পৰিস্থিতি অতি স্পৰ্শকাতৰঃ মুখ্যমন্ত্ৰী
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা