জীৱনৰ ৩৭ টা বসন্ত গৰকিলে ‘মেজিচিয়ান’ মেছিয়ে
খেলপথাৰত ২২ জন খেলুৱৈ। সকলোৰে দৃষ্টি নিবদ্ধ এগৰাকী খেলুৱৈৰ ওপৰত। নিপুণ ক্ৰীড়াশৈলীৰ অভিনৱ প্ৰদৰ্শনেৰে বিপক্ষৰ খেলুৱৈৰ মাজেৰে আগলৈ বল ঠেলি আগুৱাই গৈছে এই বিশেষ খেলুৱৈগৰাকী। তাৰ পিছতে ‘মেজিকেল লেফ্ট ফুটে’ৰে নেটলৈ লক্ষ্য কৰি নান্দনিকভাৱে ঠেলি দিছে বল। তাৰ পিছতে চাৰিওফালে হৰ্ষোল্লাস! — ফুটবলৰ এই চিনাকি দৃশ্যৰ চমৎকাৰী নায়কজনৰ নাম লিঅ’নেল মেছি। মাত্ৰ ১১ বছৰ বয়সতে Growth Hormone Deficiency ৰোগত ভুগিও ন উদ্যমেৰে বিশ্ব ফুটবলৰ সৰ্বশ্ৰেষ্ঠ তাৰকা হিচাপে প্ৰতিষ্ঠিত হৈ পৰা আৰ্জেণ্টিনাৰ এই মহান ফুটবলাৰগৰাকীয়ে গৰকিলে জীৱনৰ ৩৭টা বসন্ত। বিশ্বৰ অগনণ ফুটবল অনুৰাগী, প্ৰাক্তন ফুটবলাৰ আৰু ফুটবল বিশেষজ্ঞৰ ভাষাত ‘এলিয়েন’ ‘G.O.A.T’ খ্যাত মেছিয়ে ৩৬ বছৰৰ পিছতো মোহাচ্ছন্ন কৰি ৰাখিছে ফুটবল প্ৰেমী সকলক।
1 / 9

2 / 9
3 / 9
4 / 9
5 / 9
6 / 9
7 / 9
8 / 9
9 / 9