অহা বৰ্ষত পুনৰ ভাৰতলৈ মেছি, চাব বিশ্বকাপ! বিশেষ উপহাৰসহ আমন্ত্ৰণ জনালে জয় শ্বাহে | Lionel Messi Concludes ‘GOAT India Tour 2025’, ICC Chairman Jay Shah Presents T20 World Cup Ticket and Special Gifts Assam news - Assam Tv9

অহা বৰ্ষত পুনৰ ভাৰতলৈ মেছি, চাব বিশ্বকাপ! বিশেষ উপহাৰসহ আমন্ত্ৰণ জনালে জয় শ্বাহে

Published: 

16 Dec 2025 07:03 AM

বিশ্বৰ ফুটবল ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ তাৰকা তথা আৰ্জেণ্টিনাৰ কিংবদন্তি তাৰকা লিঅ’নেল মেছিৰ তিনিদিনীয়া ভাৰত ভ্ৰমণৰ কালি অন্ত পৰে। কালি অন্তিম দিনা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আইচিচি অধ্যক্ষ জয় শ্বাহে মেছিক সাক্ষাৎ কৰি কিছু বিশেষ উপহাৰ প্ৰদান কৰে।

1 / 5ভাৰতীয় ফুটবল অনুৰাগীৰ বাবে বিগত দিন তিনিটা হৈ পৰে স্মৃতিমধুৰ ঐতিহাসিক ক্ষণ। ‘GOAT India Tour 2025’ৰ অংশ হিচাপে বিগত এই তিনিটা দিন ভাৰতত উপস্থিত থাকে ফুটবল জগতৰ মহাতাৰকা তথা আৰ্জেণ্টিনাৰ কিংবদন্তি ফুটবলাৰ লিঅ’নেল মেছি। এই ভ্ৰমণৰ অন্তিম দিনা অৰ্থাৎ কালি তেওঁ দিল্লীত উপস্থিত থাকে।

ভাৰতীয় ফুটবল অনুৰাগীৰ বাবে বিগত দিন তিনিটা হৈ পৰে স্মৃতিমধুৰ ঐতিহাসিক ক্ষণ। ‘GOAT India Tour 2025’ৰ অংশ হিচাপে বিগত এই তিনিটা দিন ভাৰতত উপস্থিত থাকে ফুটবল জগতৰ মহাতাৰকা তথা আৰ্জেণ্টিনাৰ কিংবদন্তি ফুটবলাৰ লিঅ’নেল মেছি। এই ভ্ৰমণৰ অন্তিম দিনা অৰ্থাৎ কালি তেওঁ দিল্লীত উপস্থিত থাকে।

2 / 5

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত মেছিৰ বাবে এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। স্বচক্ষুৰে প্ৰিয় তাৰকাগৰাকীক প্ৰত্যক্ষ কৰিবলৈ ষ্টেডিয়ামত সমবেত হয় বৃহৎসংখ্যক লোক। এই অনুষ্ঠানতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ, চমুকৈ আইচিচিৰ অধ্যক্ষ জয় শ্বাহে তেওঁক টি-২০ বিশ্বকাপৰ আমন্ত্ৰণমূলক টিকটকে ধৰি কিছু বিশেষ উপহাৰ প্ৰদান কৰে।

3 / 5

আগন্তুক টি-২০ বিশ্বকাপৰ ভাৰত বনাম আমেৰিকাৰ মেচৰ টিকটৰ লগতে জয় শ্বাহে মেছিক ভাৰতীয় দলৰ এক ১০ নম্বৰ জাৰ্চি আৰু কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰৰ দ্বাৰা স্বাক্ষৰিত এখন ক্ৰিকেট বেট উপহাৰ দিয়ে। এই অনুষ্ঠানৰ সময়ত মেছিয়ে বহু কিশোৰ-কিশোৰীক ফুটবলৰ টিপছ প্ৰদান কৰে।

4 / 5

এই বিশেষ অনুষ্ঠানত লিঅ’নেল মেছিয়ে ভাৰতত এই দিনকেইটাত লাভ কৰা মৰমৰ বাবে সকলোকে ধন্যবাদ জনায়। এই দিনকেইটা এক সুন্দৰ অভিজ্ঞতা আছিল বুলি উল্লেখ কৰি কিংবদন্তি ফুটবলাৰগৰাকীয়ে লগতে মেচ খেলিবলৈ বা আন কোনো অনুষ্ঠানৰ বাবে হ’লেও পুনৰ ভাৰতলৈ অহাৰ নিশ্চয়তা প্ৰদান কৰে।

5 / 5

উল্লেখ্য যে যোৱা শনিবাৰে কলকাতাত আৰম্ভ হয় লিঅ’নেল মেছিৰ এই ‘GOAT India Tour 2025’। তাৰ পিছত তেওঁ হায়দৰাবাদত উপস্থিত হয়। ভ্ৰমণৰ দ্বিতীয় দিনা তেওঁ মুম্বাইত উপস্থিত থাকে। তাৰ পিছত তৃতীয় তথা অন্তিম দিনা দিল্লীৰ কাৰ্যসূচীত অংশ লয়। এই তিনিদিনীয়া ভ্ৰমণকালত তেওঁক সংগ দিয়ে দুই সতীৰ্থ লুইছ ছুৱাৰেজ আৰু ৰড্ৰিগো ডি পলে।

জীৱন হ'ব ধ্বংস, কেতিয়াও বিশ্বাস নকৰিব এইসকল লোকক!
প্ৰতিদিনে খাওক ডালিম, ৰক্তহীনতাৰপৰা পাচনতন্ত্ৰৰ সমস্যা হ'ব নিৰাময়!
ভৰি ফুলা, ছালৰ খজুৱতি, অনিদ্ৰা... এয়া কি ৰোগৰ ইংগিত?
ফেন, তেজ...বৃক্ক বিকল হ'লে প্ৰস্ৰাৱত দেখা দিয়ে এইসমূহ লক্ষণ, জানক
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী
বৰপেটাতো হব বৃহৎ উচ্ছেদঃ মুখ্যমন্ত্ৰী
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...