নেমুৰ বাকলিৰ উপকাৰিতাৰ বিষয়ে জানেনে? বিশেষজ্ঞৰ পৰা জানক... | lemon peels benefits know from doctor in details Assam news - Assam Tv9

নেমুৰ বাকলিৰ উপকাৰিতাৰ বিষয়ে জানেনে? বিশেষজ্ঞৰ পৰা জানক…

Published: 

03 Jul 2025 | 05:35 PM

নেমু স্বাস্থ্যৰ বাবে উপকাৰী। নেমুত বহু উপকাৰী গুণ আছে। কেৱল নেমু নহয়, নেমুৰ বাকলিতো আছে উপকাৰী গুণ। ইয়াক বিভিন্ন প্ৰকাৰে আপুনি ব্যৱহাৰ কৰিব পাৰে।

1 / 5নেমুত ভিটামিন চি পৰ্যাপ্ত পৰিমাণে পোৱা যায়। ইয়াৰোপৰি নেমুত ভিটামিন বি ৬, ফোলেট, পটেছিয়াম, ফাইবাৰ আদিৰ দৰে পুষ্টিকৰ উপাদান থাকে। যাৰ বাবে নেমু শৰীৰৰ বাবে উপকাৰী। নেমু ছালতো ব্যৱহাৰ কৰিব পাৰি। ইয়াৰোপৰি বহুতে নেমুৰ বাকলিও ব্যৱহাৰ কৰে। ইয়াৰো আছে উপকাৰী গুণ।

নেমুত ভিটামিন চি পৰ্যাপ্ত পৰিমাণে পোৱা যায়। ইয়াৰোপৰি নেমুত ভিটামিন বি ৬, ফোলেট, পটেছিয়াম, ফাইবাৰ আদিৰ দৰে পুষ্টিকৰ উপাদান থাকে। যাৰ বাবে নেমু শৰীৰৰ বাবে উপকাৰী। নেমু ছালতো ব্যৱহাৰ কৰিব পাৰি। ইয়াৰোপৰি বহুতে নেমুৰ বাকলিও ব্যৱহাৰ কৰে। ইয়াৰো আছে উপকাৰী গুণ।

2 / 5

নেমুৰ বাকলি ব্যৱহাৰ কৰি ফেচ মাস্ক, এয়াৰ ফ্ৰেছনাৰ তৈয়াৰ কৰিব পাৰে। কিন্তু কিছুমানে এয়া খোৱাও দেখা যায়। নেমুৰ বাকলিত শৰীৰৰ বাবে বহু উপকাৰী গুণ আছে। কিছুমানে নেমুৰ বাকলিৰ আচাৰ বনোৱাও দেখা যায়।

3 / 5

আয়ুৰ্বেদ বিশেষজ্ঞ কিৰণ গুপ্তাই কয় যে নেমুৰ বাকলিত এন্টিঅক্সিডেন্ট আৰু ভিটামিন চিৰ দৰে পুষ্টিকৰ উপাদান থাকে।সেয়েহে ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে উপকাৰী। কিয়নো ভিটামিন চিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে। গতিকে নেমুৰ বাকলি খাব পাৰে।

4 / 5

ইয়াৰোপৰ নেমুৰ বাকলিত থকা ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট ছালৰ বাবে অতি উপকাৰী হ’ব পাৰে। ই ছালৰ মৃত কোষবোৰ আঁতৰোৱাত আৰু দাগ কমোৱাত সহায় কৰিব পাৰে। কিন্তু ছালত লগোৱাৰ আগতে পেচ টেষ্ট কৰাটো গুৰুত্বপূৰ্ণ। ইয়াক গুড়ি কৰি লগাব পাৰে।

5 / 5

বিভিন্ন প্ৰকাৰে নেমুৰ বাকলি সেৱন কৰিব পাৰি। ইয়াৰ দ্বাৰা আপুনি ডিটক্স পানী তৈয়াৰ কৰিব পাৰে। ইয়াৰোপৰি নেমুৰ আচাৰ, সিজোৱা বা কেঁচাকৈ খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী। নেমু বাকলিৰ সৈতে টুকুৰা-টুকুৰাকৈ কাটি নিশা পানীত তিয়াই থৈ দিব লাগে। পাছদিনা এই পানী খাব পাৰে। ই শৰীৰ শীতল কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...