ওজন হ্ৰাসৰ বাবে খালী পেটত নেমু ৰস আৰু মৌ খোৱা ভাল নে বেয়া? জানক বিশেষজ্ঞৰ পৰা... | lemon and honey benefits for weight loss know from expert in details Assam news - Assam Tv9

ওজন হ্ৰাসৰ বাবে খালী পেটত নেমু ৰস আৰু মৌ খোৱা ভাল নে বেয়া? জানক বিশেষজ্ঞৰ পৰা…

Updated On: 

29 Jun 2025 19:04 PM

আজিকালি শৰীৰৰ ওজন হ্ৰাসৰ বাবে বহুতে বহু ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। কিছুমানে নেমু ৰস, মৌ আদি খায়। পিছে ইয়াৰ ফলত কিমান কি লাভ হয় বা লোকচান হয় বহুতে নাজানে।

1 / 5বহুলোকৰ বাবে আজিকালি ওজন বৃদ্ধি এক ডাঙৰ সমস্যা হৈ পৰিছে। ওজন হ্ৰাসৰ বাবে মানুহে বহু ব্যৱস্থা গ্ৰহণ কৰে। কিছুমানে পুৱা খালী পেটত নেমু আৰু মৌৰ পানী খালে ওজন কমোৱাত সহায়ক হয় বুলি ভাবে। ইয়াৰ বিপৰীতে কিছুমানে এয়া খালেও বিশেষ ফল দেখা নাপায়। নেমু আৰু মৌৰ পানী সঁচাকৈয়ে ওজন কমোৱাত সহায়ক হয়নে?

বহুলোকৰ বাবে আজিকালি ওজন বৃদ্ধি এক ডাঙৰ সমস্যা হৈ পৰিছে। ওজন হ্ৰাসৰ বাবে মানুহে বহু ব্যৱস্থা গ্ৰহণ কৰে। কিছুমানে পুৱা খালী পেটত নেমু আৰু মৌৰ পানী খালে ওজন কমোৱাত সহায়ক হয় বুলি ভাবে। ইয়াৰ বিপৰীতে কিছুমানে এয়া খালেও বিশেষ ফল দেখা নাপায়। নেমু আৰু মৌৰ পানী সঁচাকৈয়ে ওজন কমোৱাত সহায়ক হয়নে?

2 / 5

ওজন হ্ৰাস কৰাৰ বাবে বহুতে ঘৰুৱা উপায় গ্ৰহণ কৰে। একাংশই পুৱা খালী পেটত নেমু পানী খায়। আয়ুৰ্বেদ বিশেষজ্ঞ কিৰণ গুপ্তাই কয় যে ওজন হ্ৰাস কৰাৰ বাবে নেমু আৰু মৌ খোৱা ভাল। ই ওজন কম কৰাত সহায় কৰে। কিন্তু ইয়াৰ লগতে কিছুমান বিশেষ দিশৰ ওপৰত গুৰুত্ব দিয়া উচিত।

3 / 5

গুপ্তাই কয় যে, যিসকলৰ গেষ্ট্ৰিক বা আলচাৰৰ সমস্যা আছে তেওঁলোকে খালী পেটত নেমু পানী খাব নালাগে। প্ৰতিদিনে খালী পেটত নেমু পানী খোৱা ভাল নহয়। ইয়াৰোপৰি নেমু আৰু মৌৰ লগতে চেনিৰ পৰিমাণ কমোৱা, সঠিক খাদ্যাভ্যাস পালন কৰা আৰু ব্যায়াম কৰাটোও অতি গুৰুত্বপূৰ্ণ। ই কেৱল ওজন হ্ৰাসৰ বাবেই নহয় আমাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবেও উপকাৰী।

4 / 5

বিশেষজ্ঞ গুপ্তাই কয় যে, যদি আপুনি ওজন কমাবলৈ নেমু আৰু মৌ খায়, আৰু তাৰ লগতে জাংক ফুড খাই আছে কোনো ধৰণৰ ব্যায়াম নকৰে। তেন্তে ওজন কম নহয়। গতিকে সুষম খাদ্য গ্ৰহণ কৰি ব্যায়াম কৰা অতি প্ৰয়োজন। তেতিয়া ওজন কম হোৱাত সহায় হয়।

5 / 5

ইয়াৰ লগতে যদি পুৱা খালী পেটত নেমু আৰু মৌ খোৱা হয়, তেন্তে ই অধিক উপকাৰী। ইয়াক অলপ পানীৰ সৈতে মিহলাই খাব লাগে। কুহুমীয়া পানীৰ সৈতে খোৱা অতি ভাল। অৱশ্যে আপোনাৰ শৰীৰে যদি ইয়াক গ্ৰহণ নকৰে তেন্তে নাখাব। ইয়াৰোপৰি যদি আপোনাৰ কোনো ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যা বা এলাৰ্জী আছে, তেন্তে প্ৰথমে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।

হিন্দু ধৰ্মত কিয় শুভ কামৰ পূৰ্বে নাৰিকল ভঙা হয়? জানেনে আঁৰৰ এই কাৰণ?
সঘনাই তলপেটত বিষ অনুভৱ হয় নেকি? এয়া কি ৰোগৰ লক্ষণ জানো আহক
আজিয়ে পৰিহাৰ কৰক, এই ৫টা ৰাতিৰ অভ্যাসে আপোনাৰ টোপনি নষ্ট কৰিব পাৰে...
আপোনাৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ কৰিব পৰা ৫টা ভুল, জানক