হাছান নছৰল্লাহক হত্যা কৰা হ’ল...নিশ্চিত কৰিলে হিজবুল্লাহে | Lebanon Beirut : Hezbollah confirms chief Hassan Nasrallah death in Israeli airstrike Assam news - Assam Tv9

হাছান নছৰল্লাহক হত্যা কৰা হ’ল…নিশ্চিত কৰিলে হিজবুল্লাহে

manas-borah
Published: 

28 Sep 2024 19:43 PM

যোৱা নিশা এক আক্ৰমণত হিজবুল্লাহৰ মুৰব্বী হাছান নছৰল্লাহৰ মৃত্যু হোৱা বুলি দাবী কৰিছিল ইজৰাইল সেনাই । অৱশেষত এই কথা নিশ্চিত কৰিছে হিজবুল্লাহে। হিজবুল্লাহে এক বিবৃতি প্ৰকাশ কৰি কয় যে, তেওঁলোকৰ নেতা নছৰল্লাহ এতিয়া তেওঁলোকৰ মাজত নাই।

1 / 8হাছান নছৰল্লাহৰ মৃত্যু নিশ্চিত কৰিছে হিজবুল্লাহে। হিজবুল্লাহে এক বিবৃতি প্ৰকাশ কৰি কয় যে, তেওঁলোকৰ নেতা নছৰল্লাহ এতিয়া তেওঁলোকৰ মাজত নাই।

হাছান নছৰল্লাহৰ মৃত্যু নিশ্চিত কৰিছে হিজবুল্লাহে। হিজবুল্লাহে এক বিবৃতি প্ৰকাশ কৰি কয় যে, তেওঁলোকৰ নেতা নছৰল্লাহ এতিয়া তেওঁলোকৰ মাজত নাই।

2 / 8১৯৯২ চনত মাত্ৰ ৩২ বছৰ বয়সতে নছৰল্লাহে হিজবুল্লাহৰ কমাণ্ড লয়। সেই সময়ত তেওঁ এই সংগঠনটোক লেবাননৰ চৰকাৰৰ অংশও কৰি তুলিছিল।

১৯৯২ চনত মাত্ৰ ৩২ বছৰ বয়সতে নছৰল্লাহে হিজবুল্লাহৰ কমাণ্ড লয়। সেই সময়ত তেওঁ এই সংগঠনটোক লেবাননৰ চৰকাৰৰ অংশও কৰি তুলিছিল।

3 / 8অৱশেষত ইজৰাইলে বেইৰুটত আক্ৰমণ চলাই তেওঁক হত্যা কৰিলে। হিজবুল্লাহৰ কমাণ্ড লোৱাৰ পিছত নছৰল্লাহে সংগঠনটোক আৰু অধিক শক্তিশালী কৰি তুলিছিল।

অৱশেষত ইজৰাইলে বেইৰুটত আক্ৰমণ চলাই তেওঁক হত্যা কৰিলে। হিজবুল্লাহৰ কমাণ্ড লোৱাৰ পিছত নছৰল্লাহে সংগঠনটোক আৰু অধিক শক্তিশালী কৰি তুলিছিল।

4 / 8

হিজবুল্লাহৰ মুৰব্বীগৰাকীয়ে বেইৰুটৰ মুখ্য কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত কৰি থকাৰ সময়তে ইজৰাইলৰ বিমান আক্ৰমণত নিহত হয় নছৰল্লাহ । এই দাবী কৰিছে ইজৰাইল সেনাই ।

5 / 8

ইয়াৰ সমান্তৰালকৈ দক্ষিণ ফ্ৰণ্টৰ অধিনায়ক আলী কাৰ্কিৰ দৰে আন হিজবুল্লাহৰ শীৰ্ষ নেতাও এই আক্ৰমণত নিহত হয়। ইজৰাইলৰ মুখ্য সেনাধ্যক্ষই কয় যে, দীৰ্ঘদিন ধৰি হিজবুল্লাহ নেতৃত্বক লক্ষ্য কৰি এই আক্ৰমণৰ পৰিকল্পনা কৰা হৈছিল ।

6 / 8

বেইৰুটৰ দহিয়াত থকা হিজবুল্লাহৰ মুখ্য কাৰ্যালয়ত উপস্থিত থকাৰ সময়তে নছৰল্লাহক লক্ষ্য কৰি আক্ৰমণ চলাইছিল ইজৰাইল সেনাই ।

7 / 8

ইজৰাইলে লেবাননত ৰকেটেৰে নিশাটোৰ ভিতৰতে বিধ্বংসী আক্ৰমণ সংঘটিত কৰে । হিজবুল্লাহৰ মুখ্য কাৰ্যালয়ত ৬০টা বাংকাৰ ৰকেটেৰে আক্ৰমণ চলাইছিল ইজৰাইল সেনাই ।

8 / 8

এই সময়ছোৱাত ইজৰাইল সেনাই হিজবুল্লাহৰ বহু ঘাটি ধ্বংস কৰে। ইজৰাইল সেনাই দাবী কৰিছে যে, এই ভয়ানক আক্ৰমণত হিজবুল্লাহৰ মুখ্য কাৰ্যালয় সম্পূৰ্ণৰূপে ধ্বংস হয়। হিজবুল্লাহৰ মুখ্য কাৰ্যালয়ত কোনো লোক জীয়াই থকা নাই। ভিতৰত থকা সকলো লোকৰে মৃত্যু হৈছে বুলি দাবী কৰিছে ইজৰাইল সেনাই ।

এই ৫ টা সাধাৰণ অভ্যাস হ'ব পাৰে হাৰ্ট এটেকৰ কাৰণ! জানক সকলো...
নৱৰাত্ৰিত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!
খজুৱতি, বমি, প্ৰস্ৰাৱৰ ৰং সলনি...কি ৰোগৰ লক্ষণ জানেনে? জানক...
বগা স্ৰাৱ বেছি হ'লে সাৱধান! এয়া কোনো ৰোগৰ সংকেত হ'ব পাৰে!