আধাতকৈ কম স্ক’ৰত থমকিল কেৰিবিয়ান বাহিনী, স্পীন ঘূৰ্ণীৰে প্ৰায় ৭০ বৰ্ষীয় অভিলেখ ভংগ কুলদীপৰ | Kuldeep Yadav Equals Johnny Wardle’s 70 Year Old Record with Fifth Five Wicket Haul Against West Indies Assam news - Assam Tv9

আধাতকৈ কম স্ক’ৰত থমকিল কেৰিবিয়ান বাহিনী, স্পীন ঘূৰ্ণীৰে প্ৰায় ৭০ বৰ্ষীয় অভিলেখ ভংগ কুলদীপৰ

Updated On: 

12 Oct 2025 13:45 PM

দৰ্শনীয় বলিঙেৰে কুলদীপে ৮২ ৰানত ৫টা উইকেট দখল কৰে। নিজ টেষ্ট কেৰিয়াৰত পঞ্চমবাৰৰ বাবে এটা ইনিংছত ৫টা উইকেট দখল কৰিছে। এনে প্ৰদৰ্শনেৰে তেওঁ এক অনন্য অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

1 / 5দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজৰ বিপক্ষে চলি থকা দ্বিতীয় টেষ্টতো ইনিংছ ব্যৱধানত জয়ৰ সম্ভাৱনা গঢ়ি তুলিছে ভাৰতীয় দলে। মেচৰ আজি তৃতীয় দিনা ভাৰতীয় দলে নিয়ন্ত্ৰিত বলিঙেৰে ৱেষ্ট ইণ্ডিজক ২৪৮ ৰানতে বান্ধি ৰাখে।

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজৰ বিপক্ষে চলি থকা দ্বিতীয় টেষ্টতো ইনিংছ ব্যৱধানত জয়ৰ সম্ভাৱনা গঢ়ি তুলিছে ভাৰতীয় দলে। মেচৰ আজি তৃতীয় দিনা ভাৰতীয় দলে নিয়ন্ত্ৰিত বলিঙেৰে ৱেষ্ট ইণ্ডিজক ২৪৮ ৰানতে বান্ধি ৰাখে।

2 / 5

ভাৰতে প্ৰথম ইনিংছত ৪ উইকেটত ৫১৮ ৰানৰ স্ক’ৰত ইনিংছ ঘোষণা কৰাৰ পিছত কালি দ্বিতীয় দিনাৰ সমাপ্তিলৈ ৱেষ্ট ইণ্ডিজে ৪ উইকেটত ১৪০ ৰান সংগ্ৰহ কৰিছিল। আজি আৰু ১০৮ ৰান যোগ দি প্ৰথম ইনিংছ সামৰে দলটোৱে আৰু ২৭০ ৰানত পিছ পৰি ফ’ল’ অন কৰিবলৈ বাধ্য হয়।

3 / 5

১৭৫ ৰানতে দলটোৱে অষ্টম উইকেট হেৰুৱাইছিল যদিও অন্তিম দুই উইকেটত পিয়েৰে, ফিলিপ আৰু ছিলছৰ সহযোগত দলটোৱে ২৪৮ ৰানলৈ আগবঢ়াই নিয়ে ইনিংছ। দলটোৰ এই দুৰ্গতিৰ কাৰণ হৈ পৰে ভাৰতীয় স্পিনাৰ কুলদীপ যাদৱ। দৰ্শনীয় বলিঙেৰে কুলদীপে ৮২ ৰানত ৫টা উইকেট দখল কৰে।

4 / 5

এনে প্ৰদৰ্শনেৰে তেওঁ এক অনন্য অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। নিজ টেষ্ট কেৰিয়াৰত পঞ্চমবাৰৰ বাবে এটা ইনিংছত ৫টা উইকেট দখল কৰিছে। টেষ্ট ক্ৰিকেটত তেওঁ এতিয়া ৫বাৰ পাঁচ বা তাতোধিক উইকেট দখল কৰা দ্ৰুততম বাওঁহতীয়া ৰিষ্ট স্পিনাৰ হিচাপে পৰিগণিত হৈছে।

5 / 5

মাত্ৰ ১৫খন টেষ্টত এই কৃতিত্ব অৰ্জন কৰিছে কুলদীপে। তেওঁৰ পূৰ্বে এই অভিলেখ আছিল ইংলেণ্ডৰ জনী ৱাৰ্ডলৰ (২৮ খন টেষ্ট) নামত। কুলদীপ এতিয়া সৰ্বাধিকবাৰ পাঁচ উইকেট দখল কৰা ৰিষ্ট স্পিনাৰৰ ক্ষেত্ৰত ৱাৰ্ডলৰ সৈতে যুটীয়াভাৱে শীৰ্ষত আছে। আৰু মাত্ৰ এবাৰ পাঁচ উইকেট দখল কৰিলেই ইতিহাস সৃষ্টি কৰিব কুলদীপে।

শতকৰ হেট্ৰিক! বিৰাট কৃতিত্ব অৰ্জনেৰে শচীনকো পিছ পেলালে ‘কিং’ কোহলীয়ে
কমলা খাই পেলাই নিদিব বাকলি, কমলাৰ লগতে বাকলিৰ উপকাৰী গুণৰ বিষয়ে জানি হ'ব আচৰিত!
ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ কি কি স্বাস্থ্য উপকাৰিতা আছে জানি লওক
মানিবেগত ৰাখিব এই কেইবিধ বস্তু, ধনৰ অভাৱ নহয় কেতিয়াও!
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...