Gold price today: সোণ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? তেন্তে চাই লওক আজিৰ দাম… | Know The gold and silver rate 6 September 2025 in Guwahati Assam news - Assam Tv9

Gold price today: সোণ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? তেন্তে চাই লওক আজিৰ দাম…

Updated On: 

06 Sep 2025 09:58 AM

সোণ-ৰূপৰ মূল্যত আহিছে ডাঙৰ পৰিৱৰ্তন। ২০২৫ চনৰ ৬ ছেপ্তেম্বৰত আপোনাৰ চহৰত ১০ গ্ৰাম ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ দাম কিমান জানো আহক।

1 / 5এদিনৰ বিৰতিৰ পিছত পুনৰ বৃদ্ধি পাইছে সোণ আৰু ৰূপৰ মূল্য। পুনৰ অভিলেখৰ স্তৰত উপনীত হৈছে সোণ। ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছ’চিয়েশ্যনৰ ৱেবছাইট অনুসৰি শুকুৰবাৰে বজাৰ বন্ধ হোৱাৰ সময়লৈকে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১০৬৩৩৮ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৰূপৰ মূল্য প্ৰতি কেজিত ১২৩১৭০ টকালৈ বৃদ্ধি পায়।

এদিনৰ বিৰতিৰ পিছত পুনৰ বৃদ্ধি পাইছে সোণ আৰু ৰূপৰ মূল্য। পুনৰ অভিলেখৰ স্তৰত উপনীত হৈছে সোণ। ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছ’চিয়েশ্যনৰ ৱেবছাইট অনুসৰি শুকুৰবাৰে বজাৰ বন্ধ হোৱাৰ সময়লৈকে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১০৬৩৩৮ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৰূপৰ মূল্য প্ৰতি কেজিত ১২৩১৭০ টকালৈ বৃদ্ধি পায়।

2 / 5

শনিবাৰ আৰু দেওবাৰে বজাৰ বন্ধ, গতিকে এই মূল্য দুয়োটা দিনতে থাকিব। আৰু জানি লওক ২২, ২৪, আৰু ১৮ কেৰেট সোণৰ শেহতীয়া মূল্য...

3 / 5

অল ইণ্ডিয়া চাৰাফা এছ’চিয়েশ্যনৰ তথ্য অনুসৰি শুকুৰবাৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বুলিয়ন বজাৰত সোণৰ মূল্য ৯০০ টকা বৃদ্ধি পাই প্ৰতি ১০ গ্ৰামত ১,০৬,৯৭০ টকাৰ অভিলেখ সৃষ্টি হৈছে। বৃহস্পতিবাৰে ৯৯.৯ শতাংশ বিশুদ্ধতাৰ সোণৰ মূল্য ১০০০ টকা হ্ৰাস পাই প্ৰতি ১০ গ্ৰামত ১,০৬,০৭০ টকা হয়। শুকুৰবাৰেও প্ৰতি কেজি (সকলো কৰকে ধৰি) ৰূপৰ মূল্য ১,২৫,৬০০ টকাত স্থিৰ হৈ আছে।

4 / 5

আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১০,৭৬৩ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,৮৬৬ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৮,০৭৩ টকা।

5 / 5

আজি গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ১২৫.৯০ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,২৫,৯০০ টকা।

এই মাৰাত্মক ভুলবোৰ নকৰিব ! সাপে কামোৰাৰ পাছত প্ৰথম ১০ মিনিটত কি কৰিব লাগে? জানক
ভগৱান বিষ্ণুৰ প্ৰিয় এই ৩ ৰাশিৰ লোক, কেতিয়াও নহয় ধনৰ অভাৱ!
হঠাৎ কিয় ছ'চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰ ৰাজীৱ কলিতাই ল'লে চৰম পন্থা?
বদহজম, ভোক কমি যোৱাৰ পৰা ওজন হ্ৰাসলৈকে, পেটৰ কৰ্কট ৰোগৰ ৫টা প্ৰাৰম্ভিক লক্ষণ কি কি? জানক