AASU New General Secretary: আছুৰ নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ বিষয়ে জানেনে? | Know about AASU's new elected general secretary Samiran Phukan Assam news - Assam Tv9

AASU New General Secretary: আছুৰ নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ বিষয়ে জানেনে?

Updated On: 

27 Jan 2025 23:10 PM

সদৌ অসম ছাত্ৰ সন্থাৰ স্থায়ী সাধাৰণ সম্পাদক নিৰ্বাচিত। ২০০৫ বৰ্ষত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে পোনপটীয়াকৈ জড়িত হৈ যাত্ৰা আৰম্ভ কৰিছিল সমীৰণ ফুকনে। এতিয়া সমীৰণে নতুন সাধাৰণ সম্পাদক ৰূপে পৰৱৰ্তী ৩ বছৰলৈ কাৰ্যভাৰ চম্ভালিব।

1 / 5অপেক্ষাৰ অন্ত! অৱশেষত সদৌ অসম ছাত্ৰ সন্থাৰ স্থায়ী সাধাৰণ সম্পাদক নিৰ্বাচিত। সমীৰণ ফুকনক আছুৰ সাধাৰণ সম্পাদক হিচাপে ঘোষণা কৰিলে।

অপেক্ষাৰ অন্ত! অৱশেষত সদৌ অসম ছাত্ৰ সন্থাৰ স্থায়ী সাধাৰণ সম্পাদক নিৰ্বাচিত। সমীৰণ ফুকনক আছুৰ সাধাৰণ সম্পাদক হিচাপে ঘোষণা কৰিলে।

2 / 5

দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰৰ ৰংপুৰত অনুষ্ঠিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা। আছুৰ সাধাৰণ সভাতে নিৰ্বাচন কৰা হ'ল নতুন সাধাৰণ সম্পাদকৰ নাম ।

3 / 5

আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে প্ৰতাৰণাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই, আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে চাৰ্জুন হান্সেক সাময়িকভাৱে নিৰ্বাচন কৰিছিল।

4 / 5

কিন্তু শিৱসাগৰত অনুষ্ঠিত এই অধিৱেশনতে সমীৰণ ফুকন আছুৰ নতুন সাধাৰণ সম্পাদক, চাৰ্জুন হান্সেক উপ সভাপতি আৰু সমৰজ্যোতি গোঁহাইক সহকাৰী সম্পাদকৰ দায়িত্ব অৰ্পন কৰে।

5 / 5

আজি এই অনুষ্ঠানত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা আৰু অসমৰ ৩৩খন জিলাৰ প্ৰায় ৫,০০০ প্ৰতিনিধি। শিৱসাগৰত জন্মগ্ৰহণ কৰা সমীৰণ ফুকনৰ পিতৃ তাৰাপ্ৰসন্ন ফুকন চাৰিঙৰ শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ আৰু মাতৃ অঞ্জলী বৰুৱা ফুকন এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী৷

মহিলাসকলৰ যকৃতৰ সমস্যা হোৱাৰ ৫ টা কাৰণ, জানক বিশেষজ্ঞৰ পৰা...
ফুলকবিৰ উপকাৰিতাৰ কথা জানেনে? এনে ৰোগৰ ‘ৰক্ষাকৱচ’ বুলি জানিলে আপুনিও হ’ব আচৰিত
বৃক্কৰ সমস্যা থাকিলে কৰ্দৈ খাব পাৰিনে? কৰ্দৈৰ আচৰিত উপকাৰিতাৰ বিষয়ে জানো আহক
সম্পৰ্কত সদায় ভালপোৱা অটুট থাকিব, মাথোঁ পালন কৰক এই নিয়ম!