২৬ বছৰীয়া খেলুৱৈৰ মৃত্যু, প্ৰথমে মদৰ প্ৰতি আসক্ত আৰু পিছত বৃক্ক আৰু যকৃত বিকল হৈ পৰে | kenya world 800 metres bronze medallist kipyegon bett died due to kidney liver failure Assam news - Assam Tv9

২৬ বছৰীয়া খেলুৱৈৰ মৃত্যু, প্ৰথমে মদৰ প্ৰতি আসক্ত আৰু পিছত বৃক্ক আৰু যকৃত বিকল হৈ পৰে

Published: 

09 Oct 2024 20:41 PM

২৬ বছৰীয়া এথলীট কিপয়েগান বেটৰ মৃত্যু হৈছে। তেওঁৰ কিডনীৰ সমস্যা আছিল। চিকিৎসকৰ মতে তেওঁৰ লিভাৰৰ লগতে তেওঁৰ কিডনীও বিকল হৈ পৰিছিল। খেলুৱৈগৰাকীৰ ভনীয়েকে প্ৰকাশ কৰে যে বেটছ মদ্যপানৰ প্ৰতি আসক্ত হৈ পৰিছিল।

1 / 5কেনিয়াৰ এগৰাকী উদীয়মান খেলুৱৈ কিপয়েগান বেটৰ মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু হৈছে। ২০১৭ চনৰ বিশ্ব চেম্পিয়নশ্বিপত তেওঁ ৮০০ মিটাৰ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে। সেই বছৰতে তেওঁ ৪*৮০০ মিটাৰ বিশ্ব ৰিলে দৌৰত দ্বিতীয় স্থান দখল কৰি ৰূপৰ পদক লাভ কৰে। ইয়াৰ পূৰ্বে তেওঁ যুৱ চেম্পিয়নশ্বিপতো স্বৰ্ণ পদক লাভ কৰিছিল।

কেনিয়াৰ এগৰাকী উদীয়মান খেলুৱৈ কিপয়েগান বেটৰ মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু হৈছে। ২০১৭ চনৰ বিশ্ব চেম্পিয়নশ্বিপত তেওঁ ৮০০ মিটাৰ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে। সেই বছৰতে তেওঁ ৪*৮০০ মিটাৰ বিশ্ব ৰিলে দৌৰত দ্বিতীয় স্থান দখল কৰি ৰূপৰ পদক লাভ কৰে। ইয়াৰ পূৰ্বে তেওঁ যুৱ চেম্পিয়নশ্বিপতো স্বৰ্ণ পদক লাভ কৰিছিল।

2 / 5

কেনিয়াৰ উদীয়মান দৌৰবিদৰ ভিতৰত অন্যতম। কিন্তু ২০১৮ চনৰ আগষ্ট মাহত তেওঁ প্ৰদৰ্শন বৃদ্ধি কৰা ‘Erythropoietin’ (EPO) গ্ৰহণ কৰাৰ বাবে পজিটিভ পোৱা গৈছিল। ইয়াৰ পিছত এথলেটিকছ ইন্টিগ্ৰিটি ইউনিটে তেওঁক ৪ বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰে। যোৱা ৩ বছৰত পূব আফ্ৰিকাৰ পৰা প্ৰায় ৮০ জন খেলুৱৈক নিষিদ্ধ কৰা হৈছে।

3 / 5

কিপয়েগাক ৪ বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে ২০২০ চনৰ টকিঅ’ অলিম্পিক আৰু ২০২২ চনৰ বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ পৰা বঞ্চিত হৈছিল। ইয়াৰ ফলত তেওঁৰ ওপৰত গভীৰ প্ৰভাৱ পৰিল আৰু তেওঁ ডিপ্ৰেছনত পৰে।

4 / 5

বেটৰ পৰিয়ালে প্ৰকাশ কৰে যে এই নিষেধাজ্ঞাৰ প্ৰভাৱ তেওঁৰ ওপৰত বেয়াকৈ পৰিছে। ডিপ্ৰেচনৰ বাবে মদ খাবলৈ ধৰিলে। তেওঁ মদ্যপানৰ প্ৰতি ইমানেই আসক্ত হৈ পৰিছিল যে তেওঁ আনকি নিজৰ কেৰিয়াৰটোও পাহৰি গৈছিল। ২০২২ চনৰ আগষ্ট মাহত নিলম্বন শেষ হোৱাৰ পিছত তেওঁৰ পৰিয়ালে তেওঁক উৎসাহিত কৰিবলৈ বহু চেষ্টা কৰিছিল যদিও একোৱেই কামত নাহিল।

5 / 5

বেটৰ ভগ্নী প্য়োৰিটী কিৰুইয়ে কয় যে, তেওঁৰ ইতিমধ্যে কিডনীৰ সমস্যা হৈছে। মৃত্যুৰ পূৰ্বে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। পিছত চিকিৎসাৰ অন্তত তেওঁক ঔষধ দি মুকলি কৰি দিয়া হ’ল যদিও ঘৰ পোৱাৰ লগে লগে তেওঁৰ অৱস্থা আৰু বেয়া হৈ পৰে। পুনৰ হস্পিতাললৈ যাওঁতে ডাক্তৰে বুজি পালে যে তেওঁৰ কিডনী আৰু লিভাৰে কাম কৰা বন্ধ হৈ গৈছে। (ফটো: গেট্টি ইমেজ)

বতৰৰ ফল আম ঠিকেই খাওঁ, পিছে আমি অধিকাংশই নাজানো আমৰ এইসমূহ দিশৰ বিষয়ে…
আই পি এলত হয়তো আপোনাৰো আছে প্ৰিয় দল! পিছে জানেনে দলৰ স্বত্বাধিকাৰীসকলৰ বিষয়ে…
আপুনিও নিশা দেৰিলৈকে নুশুৱে নেকি? তেন্তে জানক ইয়াৰ ফলত কি বিপদ হ'ব পাৰে...
জিম নোযোৱাকৈ কম কৰক শৰীৰৰ ওজন, কেইটামান সাধাৰণ উপায়...