প্ৰচণ্ড গৰমৰ বাবে পাঠদানৰ সময়-সূচী সলনি! কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিলে কেতবোৰ বিশেষ নিৰ্দেশনা | kamrup metro district school schedule changed due to extreme heat Assam news - Assam Tv9

প্ৰচণ্ড গৰমৰ বাবে পাঠদানৰ সময়-সূচী সলনি! কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিলে কেতবোৰ বিশেষ নিৰ্দেশনা

Updated On: 

20 Sep 2024 18:03 PM

উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য ৷ আজিৰ দিনটোত গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ ৩৭ ডিগ্ৰী ছেলচিয়াছ। যাৰ বাবে প্ৰশাসনে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনিৰ নিৰ্দেশনা জাৰি কৰিছে ৷ ২১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশনা।

1 / 5গ্ৰীষ্মপ্ৰবাহৰ বাবে কামৰূপ মেট্ৰ'ৰ শিক্ষা প্ৰতিষ্ঠানলৈ বিশেষ নিৰ্দেশনা শিক্ষা বিভাগৰ। গ্ৰীষ্মপ্ৰবাহৰ বাবে ২১ ছেপ্টেম্বৰৰ পৰা পুৱা ৭.৩০ বজাৰ পৰা ১২.৩০ বজালৈ পাঠদানৰ নিৰ্দেশ।

গ্ৰীষ্মপ্ৰবাহৰ বাবে কামৰূপ মেট্ৰ'ৰ শিক্ষা প্ৰতিষ্ঠানলৈ বিশেষ নিৰ্দেশনা শিক্ষা বিভাগৰ। গ্ৰীষ্মপ্ৰবাহৰ বাবে ২১ ছেপ্টেম্বৰৰ পৰা পুৱা ৭.৩০ বজাৰ পৰা ১২.৩০ বজালৈ পাঠদানৰ নিৰ্দেশ।

2 / 5

সকলো চৰকাৰী, ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানলৈ এই নিৰ্দেশনা। শিক্ষানুষ্ঠানৰ প্ৰাতঃসভা শ্ৰেণীকোঠাত সম্পন্ন কৰাৰ নিৰ্দেশ।

3 / 5

শিক্ষাৰ্থীসকলে ৱেষ্টকোট বা টাই পৰিধানত নিষেধাজ্ঞা। শিক্ষাৰ্থীসকলে সুবিধা হিচাপে জোতাৰ পৰিৱৰ্তে পিন্ধিব পাৰিব ছেণ্ডেল।

4 / 5

ইয়াৰ উপৰিও শ্ৰেণীকোঠাত থাকিব লাগিব ফেনৰ লগতে অন্যান্য সুবিধা। লোডশ্বেডিং হ'লে থাকিব লাগিব পাৱাৰ বেকআপৰ সুবিধা। বিদ্যুৎ সংযোগ ব্যাহত হ’লে বিকল্প বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰিব লাগিব।

5 / 5

গ্ৰীষ্ম প্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড়ৰ শিক্ষা প্ৰতিষ্ঠানলৈ বিশেষ নিৰ্দেশনা শিক্ষা বিভাগৰ। গ্ৰীষ্মপ্ৰবাহৰ বাবে ৭.৩০ বজাৰ পৰা ১২.৩০ বজালৈ পাঠদানৰ নিৰ্দেশ।

কিয় প্ৰতিখন দেশে প্ৰস্তুত কৰিব নোৱাৰে পাৰমাণৱিক অস্ত্ৰ? জানক কাৰণ...
আওকাণ নকৰিব, দিনৰ ভাগত টোপনি যোৱাৰ অভ্যাস স্বাস্থ্যৰ বাবে কিয় বিপদজনক ? জানক
আনাৰসৰ স্বাস্থ্য উপকাৰিতা: এই গ্রীষ্মমণ্ডলীয় ফলটো আপোনাৰ খাদ্যত কিয় ঠাই পোৱাৰ যোগ্য ?
হালধিৰ আছে বহু উপকাৰী গুণ, জানক সকলো...