কাইলৈৰ পৰা ঐতিহাসিক জোনবিল মেলা, ২২গৰাকী তিৱা ৰজাক ৰাজ ভাট্টা প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে | Jonbeel Mela with a three-day programme from tomorrow, known for its barter system Assam news - Assam Tv9

কাইলৈৰ পৰা ঐতিহাসিক জোনবিল মেলা, ২২গৰাকী তিৱা ৰজাক ৰাজ ভাট্টা প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে

Published: 

15 Jan 2025 | 08:51 PM

জোনবিলৰ পাৰত প্ৰস্তুতি সম্পন্ন জোনবিল মেলাৰ। গোভা দেওঁৰজাৰ শাসনকালৰে পৰা চলি অহা এইখন পৰম্পৰাগত মেলা। বিনিময় প্ৰথাৰে উজলিব জোনবিলৰ পাৰ।

1 / 5কাইলৈৰ পৰা জাগীৰোডত ঐতিহাসিক জোনবিল মেলা।  বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ ৷ পাহাৰত উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ কাৰ্বি আংলং, মেঘালয়ৰ শতাধিক গাঁৱৰ পৰা আহিব পাহাৰৰ মামা-মামী। (Image Credit: Social Media)

কাইলৈৰ পৰা জাগীৰোডত ঐতিহাসিক জোনবিল মেলা। বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ ৷ পাহাৰত উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ কাৰ্বি আংলং, মেঘালয়ৰ শতাধিক গাঁৱৰ পৰা আহিব পাহাৰৰ মামা-মামী। (Image Credit: Social Media)

2 / 5

তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব গোভা দেওঁৰজাৰ জোনবিল মেলা। মেলাৰ প্ৰথম দিনাই ২২গৰাকী তিৱা ৰজাক ৰাজ ভাট্টা প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। (Image Credit: Social Media)

3 / 5

১৬,১৭ আৰু ১৮ তাৰিখে পৰম্পৰাগত কাৰ্যসূচীৰে তিৱা সাংস্কতিক প্রাণকেন্দ্র, পাহাৰ-ভৈয়াম মিলনৰ ক্ষেত্ৰ আৰু বিভিন্ন জনগোষ্ঠীৰ সমন্বয়ৰ প্রতীক ‘জোনবিল মেলা’ চলিব। (Image Credit: Social Media)

4 / 5

বিজেপি নেতৃত্বাধীন চৰকাৰে মধ্য অসমৰ তিৱা ৰজাসকলৰ ৰজাদিনীয়া সংস্কৃতি জীয়াই ৰখাৰ বাবে প্ৰতি বছৰে তিৱা ৰজাসকলক এককালীন ৰাজভাট্টা প্রদান কৰি আহিছে। (Image Credit: Social Media)

5 / 5

জোনবিল মেলাৰ আৰম্ভণি কোনে, কেতিয়া কৰিছিল তাৰ সঠিক তথ্য পোৱা নাযায় যদিও তাহানিৰ গোভা ৰাজ্য প্ৰতিষ্ঠাৰ দিনৰে পৰা এই মেলাৰ আৰম্ভণি হোৱা বুলি পণ্ডিত-গৱেষকসকলে মত পোষণ কৰিছে। গোভা ৰজা হৈছে এই মেলাৰ জন্মদাতা। (Image Credit: Social Media)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...