আজি ডুৰাণ্ড কাপত অভিযান আৰম্ভ কৰিব নৰ্থইষ্ট ইউনাইটেডেঃ গুৱাহাটীত উপস্থিত জন আব্ৰাহাম | John Abraham Reaches Guwahati as NorthEast United Start Durand Cup Journey Assam news - Assam Tv9

আজি ডুৰাণ্ড কাপত অভিযান আৰম্ভ কৰিব নৰ্থইষ্ট ইউনাইটেডেঃ গুৱাহাটীত উপস্থিত জন আব্ৰাহাম

Updated On: 

02 Aug 2025 18:53 PM

শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত আজি মালয়েছিয়ান আৰ্মড ফ’ৰ্চৰ বিপক্ষে ডুৰাণ্ড কাপ ২০২৫ত প্ৰথমখন মেচ খেলিব নৰ্থইষ্ট ইউনাইটেডে। মেচখনত দলক উৎসাহ যোগোৱাৰ বাবে গুৱাহাটীত উপস্থিত হয় স্বত্বাধিকাৰী জন আব্ৰাহাম।

1 / 5যোৱা ২৩ জুলাইৰ পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ এক ঐতিহাসিক প্ৰতিযোগিতা ডুৰাণ্ড কাপ। আজি প্ৰতিযোগিতাখনত নিজৰ অভিযান আৰম্ভ কৰিব ডিফেণ্ডিং চেম্পিয়ন নৰ্থইষ্ট ইউনাইটেড ফুটবল ক্লাৱে।

যোৱা ২৩ জুলাইৰ পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ এক ঐতিহাসিক প্ৰতিযোগিতা ডুৰাণ্ড কাপ। আজি প্ৰতিযোগিতাখনত নিজৰ অভিযান আৰম্ভ কৰিব ডিফেণ্ডিং চেম্পিয়ন নৰ্থইষ্ট ইউনাইটেড ফুটবল ক্লাৱে।

2 / 5

আজি মেঘালয়ত মালয়েছিয়ান আৰ্মড ফ’ৰ্চৰ বিপক্ষে প্ৰথমখন মেচ খেলিব নৰ্থইষ্ট ইউনাইটেডে। এই মেচখনৰ বাবে আজি গুৱাহাটীত উপস্থিত হয় বলীউডৰ অভিনেতা তথা নৰ্থইষ্ট ইউনাইটেডৰ স্বত্বাধিকাৰী জন আব্ৰাহাম।

3 / 5

গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে পোনে পোনে মেঘালয়লৈ ৰাওনা হয় জন আব্ৰাহাম। শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত নিজ দলক উৎসাহ যোগাবলৈ উপস্থিত থাকিব নৰ্থইষ্ট ইউনাইটেডৰ স্বত্বাধিকাৰীগৰাকী।

4 / 5

উল্লেখ্য যে বিগত বাৰৰ ডুৰাণ্ড কাপৰ খিতাপ জয় কৰিছিল নৰ্থইষ্ট ইউনাইটেডে। প্ৰতিযোগিতাৰ ফাইনেলত নৰ্থইষ্ট ইউনাইটেডে শক্তিশালী মোহন বাগানক পৰাস্ত কৰিছিল। এইবাৰ নৰ্থইষ্ট ইউনাইটেডে খিতাপ অক্ষুণ্ণ ৰখাৰ চেষ্টা চলাব।

5 / 5

ইফালে জন আব্ৰাহামৰ সৈতে একেখন বিমানতে বিমানবন্দৰত উপস্থিত হয় বলীউডৰ অভিনেতা গোবিন্দা। আজি গুৱাহাটীৰ যোৰাবাটত ‘পাইন ক্লাব’ৰ মুকলি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অভিনেতাগৰাকী৷

মহিলাসকলৰ বেছি প্ৰস্ৰাৱৰ সংক্ৰমণ কিয় হয়?
নিশা আপুনিও থাকে নেকি উজাগৰে? সাৱধান, টোপনিৰ অভাৱত হ’ব পাৰে এনে ভয়ানক সমস্যা
কুকুৰাৰ কণী কিয় বিভিন্ন ৰঙৰ হয়? বিজ্ঞানে ক'লে...
কোনবোৰ ৰোগে শৰীৰৰ ওজন বৃদ্ধি কৰে? চিকিৎসকৰ পৰা জানক