ঝুমইৰ বিনন্দিনীত অংশ লোৱা প্ৰায় ৮০০০ শিল্পীয়ে লাভ কৰিলে ২৫,০০০কৈ টকা... | Jhumoir binandini Distributed 25,000 each to 8,000 performers see details in assamese Assam news - Assam Tv9

ঝুমইৰ বিনন্দিনীত অংশ লোৱা প্ৰায় ৮০০০ শিল্পীয়ে লাভ কৰিলে ২৫,০০০কৈ টকা…

Published: 

16 Oct 2025 17:09 PM

ঝুমইৰ বিনন্দীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰা শিল্পীসকলক মাননি আৰু প্ৰশস্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজি গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত এই মাননি প্ৰদান কৰা হয়।

1 / 5'ঝুমইৰ বিনন্দিনী'ত অংশগ্ৰহণ কৰা শিল্পীসকলক  মাননি আৰু প্রশস্তি পত্ৰ প্ৰদান কৰে অসম চৰকাৰে। গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বিশেষজ্ঞ সমিতিৰ ২৯গৰাকী সদস্য, ৭৫৩৯গৰাকী শিল্পী আৰু ৩৫৮গৰাকী প্ৰশিক্ষক বা মাষ্টাৰ ট্ৰেইনাৰক এই মাননি আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰে। ২৫,০০০ টকাকৈ প্ৰদান কৰে প্ৰতিগৰাকী শিল্পীক।

'ঝুমইৰ বিনন্দিনী'ত অংশগ্ৰহণ কৰা শিল্পীসকলক মাননি আৰু প্রশস্তি পত্ৰ প্ৰদান কৰে অসম চৰকাৰে। গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বিশেষজ্ঞ সমিতিৰ ২৯গৰাকী সদস্য, ৭৫৩৯গৰাকী শিল্পী আৰু ৩৫৮গৰাকী প্ৰশিক্ষক বা মাষ্টাৰ ট্ৰেইনাৰক এই মাননি আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰে। ২৫,০০০ টকাকৈ প্ৰদান কৰে প্ৰতিগৰাকী শিল্পীক।

2 / 5

এই শিল্পীসকলে যোৱা ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত ঝুমইৰ বিনন্দিনী অনুষ্ঠান সফলভাৱে ৰূপায়ন কৰিছিল। যাৰ ফলত সমগ্ৰ বিশ্বৰ দৃষ্টি অসমে কাঢ়িবলৈ সক্ষম হৈছিল। ২৭খন জিলাৰ ভিতৰত ২৪খন জিলাৰ শিল্পীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। এই শিল্পীসকলক আজি সন্মান যঁচা হয়।

3 / 5

একেটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনাৰ অধীনত ৰাজ্যৰ চাহ বাগিচাসমূহৰ লগতে ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত স্বাস্থ্য সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে ৮০খন সঞ্জীৱনী বাহনৰ ফ্লেগ অফ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সময়চোৱাত শৰ্মাই বিভিন্ন দিশৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

4 / 5

শৰ্মাই কয় যে, অহা বছৰ অসম চৰকাৰে দিল্লীত ৭ দিন অসমৰ চহকী সংস্কৃতিক উপস্থাপনৰ প্রয়াস কৰিব। ইয়াৰ দ্বাৰা আমাৰ জনগোষ্ঠীসমূহৰ লগতে ৰাজ্যৰ সংস্কৃতিয়ে অধিক প্রসাৰৰ অনন্য সুযোগ লভিব। ইয়াৰোপৰি চাহ বাগিচাৰ লোকসকলৰ বাবে চৰকাৰে বহু পদক্ষেপ হাতত লোৱা বুলি কয় শৰ্মাই।

5 / 5

তেওঁ আৰু কয় যে, অহা জানুৱাৰীত চাহ বাগিচা অঞ্চলত নতুনকৈ আৰু ১০০খন হাইস্কুল আমি প্ৰতিষ্ঠা কৰিব অসম চৰকাৰে ৷ লগতে আমি এখন আইন অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যিখনৰ জৰিয়তে চাহ বাগিচাৰ লাইনৰ মাটিৰ মালিক শ্ৰমিকসকলক কৰা হ'ব বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সোঁ চকু লৰা ভাল নে বেয়া? জানক ইয়াৰ কাৰণ...
মৃত্যুৰ পাছত আত্মা ক'লৈ যায়?ক'লে প্ৰেমানন্দ মহাৰাজে...
অষ্ট্ৰেলিয়াত ৰোহিতৰ বিশ্ব অভিলেখৰ সুযোগ, অভিলেখ গঢ়িলেই আঘাত লাগিব পাকিস্তানৰ বুকুত!
নিশা টোপনি যোৱাৰ পূৰ্বে ধনী লোকসকলে কৰে এই ৫টা কাম!