সুস্থ জীৱনৰ বাবে অভ্যাস কৰক এই ৫ টা যোগাসন... | International Yoga Day 2025: 5 Effective Yoga Asanas for a Healthy Life Assam news - Assam Tv9

International Yoga Day: সুস্থ জীৱনৰ বাবে অভ্যাস কৰক এই ৫ টা যোগাসন…

Published: 

20 Jun 2025 19:26 PM

সুস্থ জীৱন-যাপন কৰিবলৈ যোগাসন অভ্যাস কৰিব লাগে । যোগাসনে শৰীৰটো ফিট কৰি ৰখাৰ লগতে বিভিন্ন শাৰীৰিক সমস্যা দূৰ । বিশ্বৰ যোগ দিৱসৰ উপলক্ষে কেইটামান যোগাসনৰ বিষয়ে জানোঁ আহক ।

1 / 5আনন্দ বালাসনে শৰীৰ শিথিল কৰে, পিঠি আৰু নিতম্ব টানি ধৰে, মানসিক চাপৰ পৰা উপশম দিয়ে। এই আসন ওপৰলৈ মুখ কৰি শুই আঁঠু দুটা বেঁকা কৰি ভৰি দুখন ওপৰলৈ লৰচৰ কৰিব লাগে। ভৰিৰ তলুৱা দুহাতেৰে ধৰি লাহে লাহে আঁঠু দুটা বুকুৰ ফালে টানিব। এই সময়ত কঁকালটো মাটিত লাগি থাকিব লাগে।

আনন্দ বালাসনে শৰীৰ শিথিল কৰে, পিঠি আৰু নিতম্ব টানি ধৰে, মানসিক চাপৰ পৰা উপশম দিয়ে। এই আসন ওপৰলৈ মুখ কৰি শুই আঁঠু দুটা বেঁকা কৰি ভৰি দুখন ওপৰলৈ লৰচৰ কৰিব লাগে। ভৰিৰ তলুৱা দুহাতেৰে ধৰি লাহে লাহে আঁঠু দুটা বুকুৰ ফালে টানিব। এই সময়ত কঁকালটো মাটিত লাগি থাকিব লাগে।

2 / 5

মৎস্যাসন থাইৰয়ড, পিটুইটেৰী গ্ৰন্থি সক্ৰিয় কৰে, উশাহ-নিশাহৰ ক্ষমতা বৃদ্ধি কৰে আৰু কঁকালৰ বিষৰ পৰা উপশম দিয়ে। মৎস্যাসন কৰিবলৈ, প্ৰথমে ওপৰলৈ মুখ কৰি শুব আৰু ভৰি দুটা একেলগে লগাই পোনকৈ ৰাখক। তাৰ পিছত, হাত দুখন শৰীৰৰ কাষত ৰাখক, তলুৱা অংশ তললৈ কৰি। এতিয়া, আপোনাৰ হাত দুখনৰ সহায়ত, নিজৰ বুকু আৰু মূৰটো ওপৰলৈ দাঙক। মূৰটো এনেদৰে দাঙক যাতে আপোনাৰ মূৰটো পিছফালে হেলনীয়া হৈ মাটিত স্পৰ্শ কৰে। এই অৱস্থাত, আপোনাৰ ভৰি আৰু কঁকাল মাটিত লাগি থাকিব।

3 / 5

সিংহাসন মুখৰ বাবে অতি উপকাৰী। কিন্তু কৰিবলৈ বৰ আচহুৱা যেন লাগে। আচলতে এই কামটো কৰিবলৈ বজ্ৰাসনৰ অৱস্থাত বহি আঁঠুৰ ওপৰত হাত ৰাখক। এতিয়া মুখখন মেলি জিভাখন উলিয়াই দীঘলকৈ উশাহ এটা লৈ থাকোঁতে সিংহৰ দৰে ‘হাহাহা’ শব্দ কৰক। ই মুখৰ পেশী শক্তিশালী কৰে আৰু ডিঙিৰ সমস্যা দূৰ কৰে।

4 / 5

কৰ্ণপিদাসন কৰাটোও অলপ আচহুৱা যদিও বৰ উপকাৰী। ই মেৰুদণ্ডক নমনীয় কৰি তোলে। ই মগজুক শান্ত কৰাৰ লগতে একাগ্ৰতা বৃদ্ধিত সহায় কৰে। হলাসনৰ ভংগীমাত আহি ভৰি দুখন মূৰৰ পিছফালে মাটিত ৰাখক, তাৰ পিছত আঁঠু দুটা বেঁকা কৰি কাণৰ ওচৰত ৰাখক। দুয়োখন হাত শৰীৰৰ ওচৰত ৰাখক।

5 / 5

শশাঙ্গাসনে পিঠি আৰু ডিঙিৰ জঠৰতা দূৰ কৰে, মানসিক চাপ কমায় আৰু ৰক্ত সঞ্চালন উন্নত কৰে। ইয়াৰ বাবে বজ্ৰাসনত বহি তাৰ পিছত কুঁজৰাই কপালখন মাটিত স্পৰ্শ কৰিব লাগে। দুয়োহাতেৰে গোৰোহা ধৰি পিঠিখন ওপৰলৈ তুলি লওক।

মাহেকীয়াৰ সময়ত মহিলাসকলে কোন দিনা চুলি ধুব লাগে?
কেনেকৈ ঋণৰ বোজাৰ পৰা মুক্ত হ'ব ? বাস্তু শাস্ত্ৰৰ এই উপদেশ মানি চলক...
International Yoga Day 2025: মানসিক চিন্তা দূৰ কৰিবলৈ কৰক এইকেইটা যোগাসন
পৰিয়ালত বাঢ়িব পাৰে অশান্তি ! ঘৰৰ কোন ঠাইত আইনা ৰাখিব লাগে ? জানক