জুবিনৰ পোষ্টাৰ লগোৱা বাহনত উঠি খানাপাৰালৈ পোষ্ট মেলন... | International Pop Star Post Malone in Guwahati Assam news - Assam Tv9

লিখা আছিল “ৰৈ ৰৈ বিনালে”, জুবিনৰ পোষ্টাৰ লগোৱা বাহনত উঠি খানাপাৰালৈ আমেৰিকান পপষ্টাৰ পোষ্ট মেলন…

Updated On: 

08 Dec 2025 20:34 PM

খানাপাৰাত আমেৰিকান পপষ্টাৰ পোষ্ট মেলন লাইভ কনচাৰ্ট। গুৱাহাটীৰ উপস্থিত হোৱাৰ পাছতে জুবিনৰ পোষ্টাৰ লগোৱা বাহনত উঠি খানাপাৰালৈ যায় পোষ্ট মেলন।

1 / 5গুৱাহাটীত পোষ্ট মেলনৰ লাইভ কনচাৰ্ট। ৮ ডিচেম্বৰ সোমবাৰে বহু প্ৰত্যাশিত লাইভ কনচাৰ্টৰ বাবে গুৱাহাটীত উপস্থিত হয় আমেৰিকান পপষ্টাৰ পোষ্ট মেলন। একে সময়তে পোষ্ট মেলন অনুষ্ঠান উপভোগ কৰাৰ বাবে মহানগৰীৰ ৰাজপথত অনুৰাগীৰ ভিৰ দেখা যায়।

গুৱাহাটীত পোষ্ট মেলনৰ লাইভ কনচাৰ্ট। ৮ ডিচেম্বৰ সোমবাৰে বহু প্ৰত্যাশিত লাইভ কনচাৰ্টৰ বাবে গুৱাহাটীত উপস্থিত হয় আমেৰিকান পপষ্টাৰ পোষ্ট মেলন। একে সময়তে পোষ্ট মেলন অনুষ্ঠান উপভোগ কৰাৰ বাবে মহানগৰীৰ ৰাজপথত অনুৰাগীৰ ভিৰ দেখা যায়।

2 / 5

পোষ্ট মেলনক বিমানবন্দৰৰ পৰা আদৰি অনা বাহনখনত দেখা গৈছিল অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পোষ্টাৰ। য'ত লিখা আছিল "ৰৈ ৰৈ বিনালে"। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে পোষ্ট মেলনক লৈ যোৱা হয়। গুৱাহাটীৰ পৰা পোনে পোনে পোষ্ট মেলন ৰাওনা হয় খানাপাৰাৰ অনুষ্ঠানলৈ ।

3 / 5

জানিব পৰা মতে, আবুধাবিৰ পৰা বিশেষ বিমানেৰে গুৱাহাটীত উপস্থিত হয় আন্তঃৰাষ্ট্ৰীয় সংগীত শিল্পীগৰাকী। ৮ ডিচেম্বৰৰ সন্ধিয়া ৫ বজাত খানাপাৰাৰ পশু চিকিৎসা খেলপথাৰত পোষ্ট মেলনৰ কনচাৰ্ট অনুষ্ঠিত হয়।

4 / 5

ইণ্ডিয়া টুডে নৰ্থ ইষ্টৰ এক প্ৰতিবেদন অনুসৰি, তেওঁৰ কনচাৰ্টৰ বাবে প্ৰায় ২১ হাজাৰ টিকট বিক্ৰী হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰে প্ৰায় ৭৪০০ টিকট কেৱল গুৱাহাটীৰ পৰা অনুৰাগীয়ে ক্ৰয় কৰাৰ বিপৰীতে ৫,০০০ টিকট উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ সংগীতপ্ৰেমীসকলে আৰু বাকী ৫,০০০ টিকট সমগ্ৰ ভাৰতৰ দৰ্শকে বুকিং কৰা বুলি জানিব পৰা গৈছে।

5 / 5

ইফালে, পোষ্ট মেলনৰ অনুষ্ঠান উপভোগ কৰাৰ বাবে বিদেশৰ অনুৰাগীয়ে গুৱাহাটীত ভিৰ কৰিছে। প্ৰায় ৩০০০ টিকট বিদেশী অনুৰাগীয়ে ক্ৰয় কৰা বুলি জানিব পৰা গৈছে।

পুৰুষৰ বাবে টাইট জিন্স হ’ব পাৰে বহু সমস্যাৰ কাৰণ, হ’ব পাৰে যৌন সমস্যাও! জানি লওক এতিয়াই
উশাহত কষ্ট, কাহ বা বুকুৰ বিষ নহয় ! গোপনে দেখা দিয়া হাওঁফাওঁৰ কৰ্কট ৰোগৰ ৩ টা লক্ষণ জানক
লিভাৰ চিৰ’ছিছ কেনেকৈ চিনিব? আগতীয়াকৈ দেখা দিয়া লক্ষণবোৰ জানক
যকৃতৰ সমস্যা হ'লে প্ৰাৰম্ভিক অৱস্থাত দেখা দিয়ে এই ৫টা লক্ষণ, জানক...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...