পৰ্যটকক আকৰ্ষণৰ লক্ষ্যঃ আটকধুনীয়াকৈ সজাই তোলা হৈছে নীলগিৰি মাউণ্টেন ৰে’ল Assam news - Assam Tv9

পৰ্যটকক আকৰ্ষণৰ লক্ষ্যঃ আটকধুনীয়াকৈ সজাই তোলা হৈছে নীলগিৰি মাউণ্টেন ৰে’ল

Published: 

25 Jun 2024 | 09:48 PM

যাত্ৰী তথা পৰ্যটকক মন্ত্ৰমুগ্ধ কৰি তোলাৰ লক্ষ্যৰে ভাৰতীয় ৰে’লৱেই গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। পৰ্যটকক আকৰ্ষণৰ লক্ষ্যৰে আটকধুনীয়াকৈ সজাই তোলা হৈছে নীলগিৰি মাউণ্টেন ৰে’লৰ ডবাসমূহ। ৰঙীন এল ই ডি লাইটেৰে ডবাসমূহ সুসজ্জিত কৰি তোলাৰ লগতে যাত্ৰীসকলৰ আৰাম যাতে বৃদ্ধি পায় তাৰ প্ৰতি লক্ষ্য ৰাখি ছাচপেনচন আৰু ব্ৰেকিং চিষ্টেমো উন্নত কৰা হৈছে।

1 / 6পৰ্যটক তথা যাত্ৰীসকলক এক স্মৰণীয় অভিজ্ঞতা প্ৰদানৰ প্ৰয়াসেৰে ভাৰতীয় ৰে’লৱেই নীলগিৰি মাউণ্টেন ৰে’লৱেৰ ডবাসমূহ ন-ৰূপত সজাই তুলিছে।

পৰ্যটক তথা যাত্ৰীসকলক এক স্মৰণীয় অভিজ্ঞতা প্ৰদানৰ প্ৰয়াসেৰে ভাৰতীয় ৰে’লৱেই নীলগিৰি মাউণ্টেন ৰে’লৱেৰ ডবাসমূহ ন-ৰূপত সজাই তুলিছে।

2 / 6

এল ই ডি লাইটেৰে আলোকিত কৰি তোলা হৈছে ডবাসমূহ। তদুপৰি চাৰ্জিং ষ্টেচন আৰু ৰাজহুৱা ঘোষণা ব্যৱস্থাও স্থাপন কৰা হৈছে ৰে’লখনত।

3 / 6

উল্লেখ্য যে ব্ৰিটিছে নিৰ্মাণ কৰা আৰু দক্ষিণ ৰে’লৱেৰ দ্বাৰা পৰিচালিত হোৱা এই নীলগিৰি মাউণ্টেন ৰে’লৱে হৈছে তামিলনাডুৰ মিটাৰ গ’জ ৰে’লৱে।

4 / 6

৪৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰে’লপথটোত মুঠ ১৩টা ষ্টেচন আছে।

5 / 6

এই ৰে’লৱেৰ দ্বাৰা কুনুৰ, ৱেলিংটন, আৰুভাংকাড়ু, লাভডেল, ফাৰ্ণ হিল, কেটেৰী ৰোড, ৰুনেমেড, হিলগ্ৰ’ভ, এডাৰলি, কল্লৰ, মেট্টুপালয়াম, উধাগামণ্ডলামকে ধৰি কেইবাটাও ষ্টেচন সামৰি লোৱা হৈছে।

6 / 6

২০০৫ চনৰ জুলাই মাহত ইউনেস্ক’ই দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্প্ৰসাৰণ হিচাপে নীলগিৰি পৰ্বত ৰে’লৱে সংযোজন কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...