৯ বছৰ পাছত পাকিস্তানত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীঃ চাওক কেনেদৰে জনোৱা হ'ল আদৰণি... | indian foreign minister s jaysankar at pakistan sco meeting see photo Assam news - Assam Tv9

৯ বছৰ পাছত পাকিস্তানত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীঃ চাওক কেনেদৰে জনোৱা হ’ল আদৰণি…

Updated On: 

16 Oct 2024 11:40 AM

S jaysankar at pakistan: প্ৰায় ৯ বছৰ পাছত পাকিস্তান ভ্ৰমণ কৰিলে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী। পাকিস্তানত অনুষ্ঠিত হোৱা SCO (Shanghai Cooperation Organisation)সমিতিৰ বৈঠকত অংশ গ্ৰহণ কৰিবলৈ বিদেশ মন্ত্ৰীগৰাকী পাকিস্তানত উপস্থিত হৈছে।

1 / 5পাকিস্তানত অনুষ্ঠিত হোৱা SCO (Shanghai Cooperation Organisation)সমিতিৰ বৈঠকত অংশ গ্ৰহণ কৰিবলৈ ইছলামবাদত উপস্থিত হৈছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ। ৯ বছৰ পাছত ভাৰতৰ কোনো বিদেশ মন্ত্ৰীয়ে পাকিস্তান ভ্ৰমণ কৰিছে। ইয়াৰ পূৰ্বে ২০১৫ চনত এছ জয়শংকৰ পাকিস্তানলৈ গৈছিল।তেতিয়া তেওঁ বৈদেশিক সচিব হিচাপে চুবুৰীয়া দেশত উপস্থিত হৈছিল।

পাকিস্তানত অনুষ্ঠিত হোৱা SCO (Shanghai Cooperation Organisation)সমিতিৰ বৈঠকত অংশ গ্ৰহণ কৰিবলৈ ইছলামবাদত উপস্থিত হৈছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ। ৯ বছৰ পাছত ভাৰতৰ কোনো বিদেশ মন্ত্ৰীয়ে পাকিস্তান ভ্ৰমণ কৰিছে। ইয়াৰ পূৰ্বে ২০১৫ চনত এছ জয়শংকৰ পাকিস্তানলৈ গৈছিল।তেতিয়া তেওঁ বৈদেশিক সচিব হিচাপে চুবুৰীয়া দেশত উপস্থিত হৈছিল।

2 / 5

ভাৰতীয় বায়ুসেনাৰ বিমানৰ পৰা বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে নূৰ খান বিমান বন্দৰত উপস্থিত হয়। তাত তেওঁক পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ বিষয়া ইলিয়াছ নিজামীয়ে তেওঁক আদৰণি জনায়। সৰু ল'ৰা- ছোৱালীয়েও বিদেশমন্ত্ৰীগৰাকীক আদৰণি জনায়।

3 / 5

এখন ক’লা মাৰ্চিডিজেৰে এছ জয়শংকৰক বিমান বন্দৰৰ পৰা লৈ যোৱা হয়। এই গাড়ীখনত আছিল ভাৰতৰ জাতীয় পতাকা। ১৫ অক্টোবৰৰ নিশা পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ হৈ সকলো উচ্চায়ুক্তৰ বাবে ভোজৰ আয়োজন কৰা হয়, য’ত এছ জয়শংকৰক প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে আদৰণি জনায়।

4 / 5

ইণ্ডিয়ান এক্সপ্ৰেছৰ সৈতে হোৱা কথা-বতৰাত পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মুমতাজ জাহৰা বালোচে কয় যে, তেওঁ পাকিস্তানৰ অতিথি। এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অহা সকলো নেতাক পাকিস্তানে আদৰণি জনাইছে।

5 / 5

পাকিস্তানত উপস্থিত হৈ ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছে এছ জয় শংকৰে। পুৱা মৰ্ণিং ৱাকৰ ফটোও তেওঁ শ্বেয়াৰ কৰে। উল্লেখ কৰা প্ৰয়োজন যে,পাকিস্তানে ১৫ আৰু ১৬ অক্টোবৰত দুদিনীয়াকৈ এছচিঅ’ৰ সদস্যসকলৰ বৈঠক আয়োজন কৰিছে। এই বৈঠকত চীন, ৰাছিয়া, ভাৰত, পাকিস্তান, ইৰাণ, কাজাখস্তান, কিৰ্গিস্তান, তাজিকিস্তান, উজবেকিস্তান আৰু বেলাৰুছ অন্তৰ্ভুক্ত। এই দেশসমূহে বিশ্বৰ জনসংখ্যাৰ ৪০ শতাংশ আৰু জিডিপিৰ ৩০ শতাংশ অংশ গ্ৰহণ কৰে।

নতুন বছৰতে লওক এইসমূহ অভ্যাস ত্যাগৰ পণ, অন্যথা ভুগিব লাগিব উচ্চ ৰক্তচাপৰ সমস্যাত
তেজৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক সংকেত, এই ৫ টা লক্ষণে দেখা দিলে সাৱধান হওক
ভাৰতৰ কোনখন ৰাজ্যত সবাতোকৈ বেছি কণ্ডম বিক্ৰী হয়? জানক...
উপহাসৰ সামগ্ৰী নহয় মূলা, এনে গুণাৱলীৰে শীতকালৰ ছুপাৰফুড এইবিধ পাচলি
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...
বেদখলকাৰীক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...