বুমৰাহ, জাদেজাৰ লগতে এইকেইজন ভাৰতীয় ক্ৰিকেটাৰেও আজি উদযাপন কৰিছে জন্মদিন | Indian cricketers birthday today Jasprit Bumrah Ravindra Jadeja Shreyas Iyer Karun Nair RP Singh Assam news - Assam Tv9

বুমৰাহ, জাদেজাৰ লগতে এইকেইজন ভাৰতীয় ক্ৰিকেটাৰেও আজি উদযাপন কৰিছে জন্মদিন

Published: 

06 Dec 2024 21:29 PM

আজি ভাৰতীয় ক্ৰিকেট দলৰ কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰে জন্মদিন উদযাপন কৰিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি খ্যাতি অৰ্জন কৰা এই তাৰকাকেইগৰাকীৰ জন্মদিনত প্ৰতিগৰাকী অনুৰাগীয়েই শুভেচ্ছাৰে উপচাই পেলাইছে। আজি কোনকেইগৰাকী খেলুৱৈয়ে জন্মদিন উদযাপন কৰিছে চাওঁ আহক।

1 / 5সাম্প্ৰতিক ভাৰতীয় ক্ৰিকেটৰ বলিং আক্ৰমণৰ প্ৰধান কাণ্ডাৰী যশপ্ৰীত বুমৰাহে আজি ৩১তম জন্মদিন পালন কৰিছে। ১৯৯৩ চনৰ আজিৰ দিনটোতে গুজৰাটত বুমৰাহৰ জন্ম হৈছিল। এইপৰ্যন্ত তাৰকা পেচাৰগৰাকীয়ে ৪২খন টেষ্টত ১৮২টা, ৮৯খন এদিনীয়াত ১৪৯টা আৰু ৭০ খন টি-২০ত ৮৯টা উইকেট দখল কৰিছে। চলিত বৰ্ষত ভাৰতৰ টি-২০ বিশ্বকাপ জয়ত মুখ্য ভূমিকা লোৱা বুমৰাহ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হৈছিল।

সাম্প্ৰতিক ভাৰতীয় ক্ৰিকেটৰ বলিং আক্ৰমণৰ প্ৰধান কাণ্ডাৰী যশপ্ৰীত বুমৰাহে আজি ৩১তম জন্মদিন পালন কৰিছে। ১৯৯৩ চনৰ আজিৰ দিনটোতে গুজৰাটত বুমৰাহৰ জন্ম হৈছিল। এইপৰ্যন্ত তাৰকা পেচাৰগৰাকীয়ে ৪২খন টেষ্টত ১৮২টা, ৮৯খন এদিনীয়াত ১৪৯টা আৰু ৭০ খন টি-২০ত ৮৯টা উইকেট দখল কৰিছে। চলিত বৰ্ষত ভাৰতৰ টি-২০ বিশ্বকাপ জয়ত মুখ্য ভূমিকা লোৱা বুমৰাহ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হৈছিল।

2 / 5

ভাৰতায় ক্রিকেটৰ অলৰাউণ্ডাৰৰ তালিকাৰ প্ৰথমৰ ফালেই নাম উচ্চাৰিত হ'ব ৰবীন্দ্র জাদেজাৰ নামা ১৯৮৮ চনত জন্মগ্রহণ কৰা জাদেজাই আজি ৩৬ তম জন্মদিন পালন কৰিছে। নিজ কেৰিয়াৰত ক্ৰিকেটৰ তিনিওটা ফর্মেটতে জাতীয় দলৰ গুৰুত্বপূৰ্ণ সদস্য হিচাপে পৰিগণিত হোৱা জাদেজাই টেষ্টত ৩২৩৫, এদিনীয়াত ২৭৫৬ আৰু টি-২০৩ ৫১৫ ৰান সংগ্ৰহ কৰাৰ লগতে টেষ্টত ৩১৯টা, এদিনীয়াত ২২০টা আৰু টি-২০৩ ৫৪টা উইকেট দখল কৰিছে।

3 / 5

ভাৰতীয় দলৰ আন এগৰাকী তাৰকা শ্রেয়স আয়াৰেও আজি ৩০তম জন্মদিন পালন কৰিছে। ১৯৯৪ চনত জন্মগ্ৰহণ কৰা আয়াৰে ভাৰতৰ হৈ এইপর্যন্ত টেষ্টত ৮১১, এদিনীয়াত ২৪২১ আৰু টি-২০ত ১১০৪ ৰান সংগ্ৰহ কৰিছে। কেন্দ্ৰীয় চুক্তিৰ পৰা বাদ পৰাৰ পিছত আয়াৰৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত কিছু বিৰতি আহিলেও ঘৰুৱা ক্রিকেটত শেহতীয়া প্রদৰ্শনৰ সুবাদত তেওঁ শীঘ্রেই জাতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটাব বুলি আশা কৰিছে অনুৰাগীয়ে।

4 / 5

ভাৰতীয় দলৰ হৈ দীঘলীয়া সময়ৰ বাবে খেলাৰ সুযোগ লাভ নকৰিলেও এক চমকপ্রদ টেষ্ট ইনিংছেৰে ভাৰতীয় ক্রিকেট অনুৰাগীৰ মনত সদায়েই সজীৱ হৈ আছে কৰুণ নায়াৰৰ নাম। ১৯৯১ চনত জন্মগ্রহণ কৰা এই প্রতিভাসম্পন্ন ক্রিকেটাৰগৰাকীয়ে আজি ৩৩তম জন্মদিন উদযাপন কৰিছে। নিজৰ চমু আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত নায়াৰে ৬খন ৩৭৪ টেষ্টত আৰু দুখন এদিনীয়াত ৪৬ ৰান সংগ্ৰহ কৰিছে। ২০১৬ চনত ইংলেণ্ডৰ বিপক্ষে ৩০৩ ৰানৰ এক দর্শনীয় ইনিংছ খেলি নায়াৰে প্ৰশংসা বুটলিছিল যদিও ইয়াৰ পিছত তেওঁ বিশেষ সুযোগ লাভ নকৰিলে।

5 / 5

ভাৰতৰ প্ৰাক্তন তাৰকা পেচাৰ আৰ পি সিঙেও আজি ৩৯তম জন্মদিন উদযাপন কৰিছে। ১৯৮৫ চনত জন্মগ্ৰহণ কৰা ৰুদ্ৰ প্ৰতাপ সিঙে ভাৰতৰ হৈ ১৪ খন টেষ্টত ৪০টা, ৫৮ খন এদিনীয়াত ৬৯টা আৰু ১০খন টি-২০ত ১৫টা উইকেট দখল কৰিছিল। ২০০৭ চনত উদ্বোধনী বৰ্ষৰ টি-২০ বিশ্বকাপত ভাৰতৰ খিতাপ জয়ত গুৰুত্বপূৰ্ণ ভুমিকা লৈছিল বাওঁহতীয়া পেচাৰগৰাকীয়ে।

বৃক্ক-যকৃতৰ পৰা হৃদযন্ত্ৰলৈ, কুন্দুলীৰ এনে স্বাস্থ্য উপকাৰী গুণৰ কথা জানেনে আপুনি?
প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? বিশেষজ্ঞৰ পৰা জানো আহক
নিশা শুই থাকোঁতেও পিয়াহত ডিঙি শুকাই যায় নেকি? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ…
পানীত পৰিল গুজৰাট টাইটানছৰ ১৮ কোটি টকা, ট্ৰফীৰ নামত আহিল ৩৩টা ছয়…