পোহৰলৈ আহিল ভাৰতীয় দলৰ নতুন এদিনীয়া জাৰ্চি, ঘটিল এনে পৰিৱৰ্তন | India vs Australia: Men in Blue Reveal New ODI Kit Featuring Tricolour and New Sponsor Assam news - Assam Tv9

পোহৰলৈ আহিল ভাৰতীয় দলৰ নতুন এদিনীয়া জাৰ্চি, ঘটিল এনে পৰিৱৰ্তন

Updated On: 

17 Oct 2025 18:30 PM

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত হ’বলগীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ দেওবাৰে পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। এই মেচখনৰ পূর্বে ভাৰতীয় দলৰ নতুন এদিনীয়া জার্চি প্রকাশ কৰা হৈছে৷

1 / 5অহা ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলা। ক্ৰিকেট বিশ্বৰ এই দুই শক্তিশালী দলৰ মাজত হ’বলগীয়া শৃংখলাৰ পূৰ্বে ভাৰতীয় দলৰ নতুন এদিনীয়া জাৰ্চি প্ৰকাশ পাইছে।

অহা ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলা। ক্ৰিকেট বিশ্বৰ এই দুই শক্তিশালী দলৰ মাজত হ’বলগীয়া শৃংখলাৰ পূৰ্বে ভাৰতীয় দলৰ নতুন এদিনীয়া জাৰ্চি প্ৰকাশ পাইছে।

2 / 5

এই নতুন জাৰ্চি পূৰ্বৰ এদিনীয়া জাৰ্চিতকৈ যথেষ্ট পৃথক দেখা গৈছে। পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত আজি ভাৰতীয় দলৰ দুই সদস্য ধ্ৰুৱ জুৰেল আৰু নীতিশ ৰেড্ডীক নতুন এদিনীয়া জাৰ্চিত দেখা পোৱা গ’ল। নতুন জাৰ্চিৰ কান্ধত ত্ৰিৰংগ শ্বেড আৰু সন্মুখত নতুন স্প’নচ’ৰৰ ল’গ’ দেখা গৈছে।

3 / 5

ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিৰ নতুন স্প’নচ’ৰ হৈছে এপ’ল’ টায়াৰ। Dream11ৰ সৈতে বিচিচিআইৰ চুক্তি বাতিল হৈ পৰাৰ পিছত নতুন স্প’নচ’ৰৰ বাবে নিবিদা আহ্বান কৰাৰ পিছত টায়াৰ কোম্পানীটোৱে ভাৰতীয় দলৰ জাৰ্চিৰ বাবে উচ্চ নিৰিখ আগবঢ়ায়।

4 / 5

এপ’ল’ টায়াৰে বিচিচিআইৰ সৈতে স্প’নচ’ৰশ্বিপৰ বাবে ৫৭৯ কোটি টকা (প্ৰায় ৫.৭ বিলিয়ন ডলাৰ)ৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তি ২০২৭ চনলৈকে অব্যাহত থাকিব। এপ’ল’ টায়াৰে প্ৰতিখন মেচৰ বাবে বিচিচিআইক ৪.৫ কোটি টকা (প্ৰায় ৪.৫ বিলিয়ন ডলাৰ) প্ৰদান কৰিব।

5 / 5

লক্ষণীয়ভাৱে এই শৃংখলাৰ জৰিয়তে প্ৰত্যাৱৰ্তন ঘটিছে দুই তাৰকা বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ। নতুন জাৰ্চিৰে প্ৰত্যাৱৰ্তন ঘটাবলগীয়া এই দুই জ্যেষ্ঠ তাৰকাৰ বাবে এয়াই হ’ব পাৰে ভাৰতীয় দলৰ সৈতে অন্তিমটো অষ্ট্ৰেলিয়া ভ্ৰমণ।

ড্ৰাই ফ্ৰুটছত আছে ইউৰিক এছিডৰ পৰা সকাহৰ গুণ, জানেনে এই বিষয়ে
অকালতে চুলি পকা সমস্যা প্ৰাকৃতিকভাৱে কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ? ফলপ্ৰসূ ঘৰুৱা উপায়
ৰক্তহীনতা কেনেকৈ প্ৰাকৃতিকভাৱে নিৰাময় কৰিব পাৰি ? ফলপ্ৰসূ প্ৰতিকাৰ আৰু খাদ্যৰ পৰামৰ্শ
ব্ৰহ্মযোগত ধনতেৰাচ! এই ৪ ৰাশিৰ বাবে অত্যন্ত শুভ, জানক...