গুৱাহাটীত অনুষ্ঠিত হ'ব বিশ্বকাপৰ খেল, ভাৰতে কোনদিনা খেলিব? চাওক সময়সূচী... | ICC women world cup 4match in guwahati barsapara stadium see list Assam news - Assam Tv9

গুৱাহাটীত অনুষ্ঠিত হ’ব বিশ্বকাপৰ খেল, ভাৰতে কোনদিনা খেলিব? চাওক সময়সূচী…

Published: 

12 Aug 2025 | 12:42 PM

ক্ৰিকেটপ্ৰেমীৰ বাবে ভাল খবৰ। গুৱাহাটীত অনুষ্ঠিত হ'ব ৪খনকৈ বিশ্বকাপৰ খেল। এই সন্দৰ্ভত ICC য়ে ঘোষণা কৰিছে সময়সূচী। শীঘ্ৰেই আৰম্ভ হ'ব মহিলা বিশ্বকাপ।

1 / 5ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ। গুৱাহাটীত অনুষ্ঠিত হ'ব আই চি চিৰ মহিলা বিশ্বকাপৰ খেল (ICC women's world cup)।   ICC  প্ৰকাশ কৰিলে মহিলা বিশ্বকাপৰ সূচী।

ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ। গুৱাহাটীত অনুষ্ঠিত হ'ব আই চি চিৰ মহিলা বিশ্বকাপৰ খেল (ICC women's world cup)। ICC প্ৰকাশ কৰিলে মহিলা বিশ্বকাপৰ সূচী।

2 / 5

আই চি চিৰ ঘোষণা অনুসৰি, ৪ খন খেল অনুষ্ঠিত হ'ব গুৱাহাটীত। ৪ খন খেল চুড়ান্ত হৈছে বৰ্ষাপাৰা ষ্টেডিয়ামৰ বাবে। গতিকে ৪ দিনকৈ বিশ্বকাপৰ খেল উপভোগ কৰিব পাৰিব ক্ৰিকেট প্ৰেমীয়ে।

3 / 5

আই চি চিৰ সূচী অনুসৰি বৰ্ষাপাৰাত ৮ অক্টোবৰত ইংলেণ্ড বনাম বাংলাদেশৰ খেল অনুষ্ঠিত হ'ব। তাৰ পাছতে ১২ অক্টোবৰত অনুষ্ঠিত হ'ব ইংলেণ্ড বনাম শ্ৰীলংকাৰ খেল।

4 / 5

ইয়াৰ পাছৰ দুখন খেল হ'ব। ২৪ অক্টোবৰত ভাৰত বনাম নিউজিলেণ্ডৰ খেল অনুষ্ঠিত হব । লগতে ২৭ অক্টোবৰত ইংলেণ্ড বনাম নিউজিলেণ্ডৰ খেল হ'ব।

5 / 5

ইয়াৰোপৰি প্ৰথমখন ছেমি ফাইনেলৰ খেল গুৱাহাটীত হোৱাৰ সম্ভাৱনা |উল্লেখ্য যে, অহা ৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই বিশ্বকাপ।প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেল ২৯ অক্টোবৰত আৰু দ্বিতীয়খন ছেমিফাইনেল ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব। ২ নৱেম্বৰত ফাইনেল অনুষ্ঠিত হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...