কাইলৈ ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল! | HSLC result declared tomorrow 10th april assam Assam news - Assam Tv9

কাইলৈ ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল!

Published: 

09 Apr 2025 19:03 PM

HSLC result 2025: বহু প্ৰতীক্ষাৰ অন্তত কাইলৈ ঘোষণা হব চলিত শিক্ষাবৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল। পৰীক্ষাৰ্থীসকলে অনলাইনৰ জৰিয়তে এই ফলাফল চাব পাৰিব।

1 / 5কাইলৈ (১০ এপ্ৰিল) ঘোষণা হোৱাৰ সম্ভাৱনা চলিত বৰ্ষৰ মেট্ৰিকৰ ফলাফল।  অনলাইনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে চাব পাৰিব এই ফলাফল। ASSEB ৰ শীৰ্ষ সূত্ৰই জনাইছে এই তথ্য।

কাইলৈ (১০ এপ্ৰিল) ঘোষণা হোৱাৰ সম্ভাৱনা চলিত বৰ্ষৰ মেট্ৰিকৰ ফলাফল। অনলাইনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে চাব পাৰিব এই ফলাফল। ASSEB ৰ শীৰ্ষ সূত্ৰই জনাইছে এই তথ্য।

2 / 5

ফলাফল ঘোষণাৰ বাবে সম্পূৰ্ণৰূপে সাজু ASSEB, অৱশ্যে ফলাফলৰ ক্ষেত্ৰত এতিয়ালৈকে অৱশ্যে আনুষ্ঠানিক ঘোষণা হোৱা নাই। সম্ভৱতঃ কিছু সময় পাছত শিক্ষামন্ত্ৰীয়ে ইয়াৰ বিষয়ে সবিশেষ জনাব।

3 / 5

চলিত শিক্ষাবৰ্ষত প্ৰায় ৪.৩০ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। প্ৰতিটো বিষয়ৰ পৰীক্ষাতে আছিল বস্তুনিষ্ঠ আৰু বাখ্যাত্মক প্ৰশ্নকাকত। এইবাৰ উভয় প্ৰশ্নকাকততে উত্তীৰ্ণ হ'ব লাগিব ছাত্ৰ-ছাত্ৰী।

4 / 5

যদি দুয়োটা পদ্ধতিৰ পৰীক্ষাৰ উত্তীৰ্ণ নহয়, তেন্তে প্ৰাৰ্থীক অনুত্তীৰ্ণ হিচাপে ধৰা হ'ব। ইয়াৰোপৰি এইবাৰ মেট্ৰিকত নাথাকে শীৰ্ষ স্থানৰ ব্যৱস্থা। যোৱা বৰ্ষৰ পৰা শীৰ্ষস্থান বিলুপ্ত কৰা হৈছে। যাৰ বাবে এইবাৰো এই ব্যৱস্থা নাথাকে।

5 / 5

উল্লেখ্য যে, শিক্ষা বোৰ্ডৰ ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। সম্ভৱতঃ দিছপুৰৰ সেউজ সংকেত লাভ কৰাৰ পাছতে ইয়াৰ ক্ষেত্ৰত সিদ্ধান্ত চূড়ান্ত হ'ব। গতিকে কিছু সময়ৰ পাছতে পৰীক্ষাৰ ফলাফলৰ সময় স্পষ্ট হৈ পৰিব।

আৰ্থিক সংকট দূৰ আৰু সফলতা লাভৰ বাবে ঘৰলৈ আনক এইসমূহ সামগ্ৰী...
হৰম'নৰ ভাৰসাম্যহীনতাৰ পৰা ওজন বৃদ্ধিলৈ, ৩৫ৰ পাছত পুৰুষে কেনেদৰে নিজকে ফিট ৰাখিব পাৰে? ৫ টা টিপছ
আহিব দৰিদ্ৰতা! সূৰ্যাস্তৰ পাছত দান নকৰিব এই ৫ বিধ বস্তু...
বুধবাৰে তুলসী ৰোপণ কৰিলে কি হয়? জানক...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...