কেৱল চৰকাৰী শিক্ষানুষ্ঠানত অনুষ্ঠিত হ'ব মেট্ৰিক, হায়াৰ চেকেণ্ডাৰী পৰীক্ষা: ঘোষণা মুখ্যমন্ত্ৰীৰ | HSLC and Higher Secondary Final Examinations conducted exclusively in government schools in Assam 2026 Himanta Biswa Sarma announced Assam news - Assam Tv9

কেৱল চৰকাৰী শিক্ষানুষ্ঠানত অনুষ্ঠিত হ’ব মেট্ৰিক, হায়াৰ চেকেণ্ডাৰী পৰীক্ষা: ঘোষণা মুখ্যমন্ত্ৰীৰ

Published: 

25 Jan 2026 | 12:44 PM

এইবাৰ ব্যক্তিগত শিক্ষানুষ্ঠানত অনুষ্ঠিত নহয় মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষা। চৰকাৰী শিক্ষানুষ্ঠানত, চৰকাৰী শিক্ষকৰ নিৰীক্ষণত পৰীক্ষা অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

1 / 5বিধানসভা নিৰ্বাচনৰ সমসাময়িকভাৱে ৰাজ্যত অনুষ্ঠিত হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। ADRE পৰীক্ষাৰ দৰে এই দুটা পৰীক্ষাও সুকলমে পৰিচালনা কৰিবলৈ শিক্ষক-শিক্ষয়িত্ৰীসকলক আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে।

বিধানসভা নিৰ্বাচনৰ সমসাময়িকভাৱে ৰাজ্যত অনুষ্ঠিত হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। ADRE পৰীক্ষাৰ দৰে এই দুটা পৰীক্ষাও সুকলমে পৰিচালনা কৰিবলৈ শিক্ষক-শিক্ষয়িত্ৰীসকলক আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে।

2 / 5

এইবাৰ ব্যক্তিগত শিক্ষানুষ্ঠানত অনুষ্ঠিত নহয় মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষা। চৰকাৰী শিক্ষানুষ্ঠানত, চৰকাৰী শিক্ষকৰ নিৰীক্ষণত পৰীক্ষা অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

3 / 5

ইয়াৰ বাবে জাৰি কৰা হ'ব কেতবোৰ নীতি-নিৰ্দেশনা। ইফালে ফেব্ৰুৱাৰী মাহত ৫ হাজাৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে নতুনকৈ নিযুক্তি লাভ কৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।

4 / 5

উল্লেখ্য যে শিক্ষা বিভাগে প্ৰকাশ কৰা সময়সূচী অনুসৰি অহা ১১ ফেব্ৰুৱাৰী, ২০২৬ ৰ পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২০২৬। এই পৰীক্ষাৰ অন্ত পৰিব ১৬ মাৰ্চ, ২০২৬ ত।

5 / 5

ইফালে ১০ ফেব্ৰুৱাৰী, ২০২৬ ৰ পৰা আৰম্ভ হোৱা মেট্ৰিক পৰীক্ষা শেষ হ'ব ২৭ ফেব্ৰুৱাৰীত।  মেট্ৰিকৰ পুৱাৰ ভাগৰ পৰীক্ষাসমূহ পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈ দুপৰীয়া ১২ বজাত শেষ হ'ব। ইফালে আবেলিৰ পৰীক্ষাসমূহ দুপৰীয়ে ১.৩০ বজাৰ পৰা আৰম্ভ হৈ আবেলি ৪.৩০ বজালৈ চলিব।

আলুৰ এইবোৰ উপকাৰিতা জানিলে আচৰিত হ’ব আপুনি!
শীতকালত সঘনাই হয় নেকি মূৰৰ বিষ? প্ৰধান কাৰণ জানক...
উজ্জ্বল ছালৰ বাবে কেনেদৰে ব্যৱহাৰ কৰিব এলোভেৰা জেল?
কি সমস্যা থকা লোকে মিঠা আলু খাব নালাগে?
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...