আফ্ৰিকান ছোৱাইন ফিভাৰ কেনেকৈ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰিব পাৰি ? | How to Prevent and Control African swine fever ? Safety Measures for Pig Farmers in Assamese Assam news - Assam Tv9

আফ্ৰিকান ছোৱাইন ফিভাৰ কেনেকৈ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰিব পাৰি ?

Updated On: 

11 Jun 2025 13:07 PM

আপোনাৰ গাহৰি পামখন এই সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব । ইয়াৰে একমাত্ৰ উপায় হৈছে গাহৰি পামসমূহৰ জৈৱ সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰা । এই প্ৰতিবেদনৰ জৰিয়তে সম্পূৰ্ণ উপায় জানক ।

1 / 8বৰ্তমান সময়ত অসমৰ বিভিন্ন প্ৰান্তত "আফ্রিকান ছোৱাইন ফিভাৰ" প্রাদুৰ্ভাৱ দেখা গৈছে । এই সংক্ৰমণৰ ফলত গাহৰি পালকসকলো লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে । এই সময়ত গাহৰি পালকসকলে কিছু সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজন ।

বৰ্তমান সময়ত অসমৰ বিভিন্ন প্ৰান্তত "আফ্রিকান ছোৱাইন ফিভাৰ" প্রাদুৰ্ভাৱ দেখা গৈছে । এই সংক্ৰমণৰ ফলত গাহৰি পালকসকলো লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে । এই সময়ত গাহৰি পালকসকলে কিছু সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজন ।

2 / 8

অসম চৰকাৰৰ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ তৰফৰ পৰাও পশু পালকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে । কোৱা হৈছে যে,"আফ্রিকান ছোৱাইন ফিভাৰ" গাহৰিৰ এবিধ মাৰাত্মক ৰোগ। এই ৰোগৰ কোনো প্রতিষেধক ছিটা নাই। যিকোনো বয়সৰ গাহৰিৰ এই ৰোগ হ'ব পাৰে।

3 / 8

গতিকে আপোনাৰ গাহৰি পামখন এই সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব । ইয়াৰে একমাত্ৰ উপায় হৈছে গাহৰি পামসমূহৰ জৈৱ সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰা । পাৰিলে এই সময়ত গাহৰিৰ মাংস বেচা-কিনাৰ পৰা আঁতৰি থাকিব । গাহৰিৰ মৃত্যু হ'লে প্ৰায় ছয় ফুট দকৈ গাঁত খান্দি তাত পুতি থোৱাৰ ব্যৱস্থা কৰিব লাগে ।

4 / 8

একে সময়তে গাহৰিৰ দেহত কোনো ৰোগৰ লক্ষণ দেখা পালে পশু চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে । আক্রান্ত অঞ্চলৰ গাহৰি যাতে আক্রান্ত নোহোৱা পামৰ ওচৰলৈ আহিব নোৱাৰে সেয়া নিশ্চিত কৰিব লাগে ।

5 / 8

এই ধৰণৰ সংক্ৰমণৰ পৰা আপোনাৰ গাহৰি পামখন সুৰক্ষিত কৰি ৰাখিবলৈ আবদ্ধ পদ্ধতি গ্ৰহণ কৰক । বিজ্ঞানসন্মতভাৱে আবদ্ধ পদ্ধতিত গাহৰি পালন কৰিলে এই সংক্ৰমণৰ ৰক্ষা কৰিব পাৰিব ।

6 / 8

আপোনাৰ গাহৰি পামখনৰ চাৰিওফালে ৩ মিটাৰ দূৰত্বত বেৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে । ইয়াৰ লগতে অন্য জীৱ-জন্তুৰ লগতে বাহিৰৰ পৰা অহা লোক যাতে আপোনাৰ পামখনত প্ৰৱেশ নকৰে তাৰ প্ৰতি গুৰুত্ব দিব ।

7 / 8

পামখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ চেষ্টা কৰিব । লেতেৰা পৰিৱেশত এই ধৰণৰ সংক্ৰমণ বৃদ্ধি পায় । পামখন পৰিষ্কাৰ কৰিবলৈ আপুনি ব্লিচিং পাউদাৰ ব্যৱহাৰ কৰিব পাৰে ।

8 / 8

পামখনৰ বাবে আছুতীয়া পোছাকৰ ব্যৱস্থা কৰিব । এই পোছাক পৰিধান কৰিহে পামত প্রৱেশ কৰিব লাগে । ইয়াৰ লগতে সময়ে সময়ে পশু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব । এই সাৱধানতাই আপোনাৰ পামখন সংক্ৰমণৰ পৰা ৰক্ষা কৰাত সহায় কৰিব ।

অৱশেষত অন্ত পৰিল দীৰ্ঘ প্ৰতীক্ষাৰ! ২২১ দিনৰ অন্তত ভাৰতীয় দলে দেখিলে এনে সফলতাৰ মুখ
বৃক্কৰ সমস্যা হ'লে প্ৰাৰম্ভিক অৱস্থাত চকুত কি কি লক্ষণে দেখা দিয়ে? জানক...
ধনতেৰাচত মহাপুৰুষ ৰাজযোগ! অত্যন্ত শুভ এই ৩ ৰাশিৰ লোকৰ বাবে...
জিভাত বাৰে বাৰে ঘাঁ হয় নেকি? কাৰণ জানক..