Dental Health: পোকে খাইছে নেকি আপোনাৰ দাঁত? পাকঘৰৰ ২টা সামগ্ৰীৰে দূৰ কৰক দাঁতৰ সমস্যা | How to Get Rid of Cavities, These things from your kitchen can deal with dental cavities Assam news - Assam Tv9

Dental Health: পোকে খাইছে নেকি আপোনাৰ দাঁত? পাকঘৰৰ ২টা সামগ্ৰীৰে দূৰ কৰক দাঁতৰ সমস্যা

Published: 

26 Aug 2025 18:06 PM

Dental Health: কেৱল বয়সৰ বাবেই দাঁতৰ সমস্যা নহয়। যিকোনো বয়সৰ লোকৰে সমস্যা হ'ব পাৰে। পোকে খোৱা, দাঁত পৰিষ্কাৰকৈ নৰখা, বেক্টেৰিয়াৰ সংক্ৰমণ, কেলচিয়ামৰ অভাৱৰ ফলতো হ'ব পাৰে দাঁতৰ বিষৰ সমস্যা। আজি দাঁতৰ পোকে খোৱা সমস্যা দূৰ কৰাৰ উপায় জানো আহক..

1 / 5দাঁতত পোকে খোৱাৰ সমস্যা সকলোৰে হয়। দাঁতৰ মাজত সৃষ্টি হোৱা গাঁতবোৰ ক্ৰমান্বয়ে বাঢ়ি যায়। মুখৰ বেক্টেৰিয়াই চেনি আৰু পৰিশোধিত কাৰ্বহাইড্ৰেটৰ সৈতে এচিড উৎপন্ন কৰে, যিয়ে দাঁতৰ কঠিন বাহিৰৰ স্তৰটোও ক্ষতি কৰিব পাৰে, যাক ইনামেল বুলি জনা যায়।

দাঁতত পোকে খোৱাৰ সমস্যা সকলোৰে হয়। দাঁতৰ মাজত সৃষ্টি হোৱা গাঁতবোৰ ক্ৰমান্বয়ে বাঢ়ি যায়। মুখৰ বেক্টেৰিয়াই চেনি আৰু পৰিশোধিত কাৰ্বহাইড্ৰেটৰ সৈতে এচিড উৎপন্ন কৰে, যিয়ে দাঁতৰ কঠিন বাহিৰৰ স্তৰটোও ক্ষতি কৰিব পাৰে, যাক ইনামেল বুলি জনা যায়।

2 / 5

শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোৱে এই সমস্যাৰ সৈতে যুঁজি আছে। দাঁতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ, মুখত বেক্টেৰিয়াৰ সংক্ৰমণ, অত্যধিক মিঠা খাদ্য খোৱা বা স্বাস্থ্য সম্পৰ্কীয় যিকোনো সমস্যা।

3 / 5

বেছিভাগ ক্ষেত্ৰতে যেতিয়া আমাৰ দাঁতৰ বিষ হ’বলৈ আৰম্ভ কৰে তেতিয়া আমি দন্ত চিকিৎসকৰ ওচৰলৈ লৰালৰিকৈ যাওঁ। ফলত আমাৰ বহুত ধন খৰচ হয়। অৱশ্যে কিছুমান ঘৰুৱা উপায় আছে যিবোৰ বিষ কমোৱাত অতি ফলপ্ৰসূ। সেইবোৰ কি কি জানো আহক।

4 / 5

হালধি দাঁতৰ বিষ দূৰ কৰাত উত্তম। ইয়াৰ ঔষধি গুণৰ বাবে আয়ুৰ্বেদত যথেষ্ঠ জনপ্ৰিয়। হালধিৰ অন্যতম পৰিচিত উপাদান হ’ল এলিচিন, যাৰ এন্টিবেক্টেৰিয়েল আৰু এন্টিমাইক্ৰ’বিয়াল গুণ আছে। দাঁতৰ বিষৰ বাবে দায়ী কিছুমান বীজাণু ধ্বংস কৰাত হালধি অতি ফলপ্ৰসূ।

5 / 5

দাঁতৰ বিষ কমোৱাৰ বাবে আন এটা অতি ফলপ্ৰসূ উপাদান হ’ল লং। এই মছলা কম বেছি পৰিমাণে সকলোৰে পাকঘৰত থাকে। গতিকে হাতত থকাটোও সুবিধাজনক। মাত্ৰ লৱণ থেতেলিয়াই, চোবাই লওক।

কিয় ধূমপান হঠাতে ত্যাগ কৰিব নালাগে? হ'ব পাৰে এইসমূহ সমস্যা!
দাঁতৰ বিষত ভুগিছে নেকি ? এই প্ৰাকৃতিক প্ৰতিকাৰৰ দ্বাৰা তৎক্ষণাত সকাহ পাওক
গণেশ চতুৰ্থীত বিৰল কাকতালীয় সংযোগ, এই ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!
নিশা আহিব গভীৰ টোপনি, ঘৰতে থকা এইবিধ সামগ্ৰীয়ে দূৰ কৰিব অনিদ্ৰাৰ সমস্যা