চিৰদিনৰ বাবে Spam Calls ব্লক কৰিবলৈ অন কৰক এই ফিচাৰ... | How to Activate DND to Block Spam Calls on Airtel, Jio, and Vi Assam news - Assam Tv9

চিৰদিনৰ বাবে ব্লক কৰক Spam Calls, ইয়াৰ বাবে আপোনাৰ ফোনত অন কৰি ৰাখক এই ফিচাৰ …

Published: 

01 May 2025 00:05 AM

প্ৰায়ে স্পেম কলে আমনি দিয়ে । এই কলবোৰৰ পৰা সাৱধান হোৱাটো প্ৰয়োজন । কিয়নো অসাৱধানতাৰ বাবে প্ৰৱঞ্চনাৰ বলি হ'ব পাৰে । স্পেম কল চিৰদিনৰ বাবে ব্লক কৰিবলৈ অনুসৰণ কৰক এই প্ৰক্ৰিয়া ।

1 / 5বৰ্তমান প্ৰায় সংখ্যক লোকে বাৰে বাৰে স্পেম কল লাভ কৰি থাকে। এই ফোন কলবোৰ কেৱল আমনিদায়কে নহয়, কেতিয়াবা প্ৰৱঞ্চনাৰ আশংকাও বৃদ্ধি কৰে। কিন্তু এতিয়াৰ পৰা এই স্পেম কলবোৰ চিৰদিনৰ বাবে ব্লক কৰিব পাৰিব। Airtel, JIO আৰু VI য়ে তেওঁলোকৰ ব্যৱহাৰকাৰীসকলক DND (Do Not Disturb) সেৱা প্ৰদান কৰে। যাৰ বাবে এই কল আৰু মেছেজ ব্লক কৰিব পাৰি।

বৰ্তমান প্ৰায় সংখ্যক লোকে বাৰে বাৰে স্পেম কল লাভ কৰি থাকে। এই ফোন কলবোৰ কেৱল আমনিদায়কে নহয়, কেতিয়াবা প্ৰৱঞ্চনাৰ আশংকাও বৃদ্ধি কৰে। কিন্তু এতিয়াৰ পৰা এই স্পেম কলবোৰ চিৰদিনৰ বাবে ব্লক কৰিব পাৰিব। Airtel, JIO আৰু VI য়ে তেওঁলোকৰ ব্যৱহাৰকাৰীসকলক DND (Do Not Disturb) সেৱা প্ৰদান কৰে। যাৰ বাবে এই কল আৰু মেছেজ ব্লক কৰিব পাৰি।

2 / 5

DND হৈছে TRAI (Telecom Regulatory Authority of India)ৰ দ্বাৰা আৰম্ভ কৰা চৰকাৰী সুবিধা। ইয়াৰ উদ্দেশ্য হৈছে ,মোবাইল ব্যৱহাৰকাৰীক স্পেম কল আৰু মেছেজৰ পৰা মুক্ত কৰা । সকলো নেটৱৰ্কৰ বাবে DND সক্ৰিয় কৰাৰ উপায় হ'ল মোবাইলৰ পৰা ১৯০৯ লৈ এছএমএছ প্ৰেৰণ কৰা। ইয়াৰ পিছত অহা নিৰ্দেশনা সম্পূৰ্ণ কৰিব লাগিব ।

3 / 5

যদি আপুনি এজন Airtel ব্যৱহাৰকাৰী তেন্তে প্ৰথমে Airtel Thanks App খোলক। ইয়াৰ পিছত More বা Services লৈ যাওক। এতিয়া DND (Do Not Disturb) অপচনত ক্লিক কৰক। এতিয়া ইয়াৰ পৰা আপুনি আপোনাৰ পছন্দৰ Category ব্লক কৰিব পাৰিব।

4 / 5

Jio ব্যৱহাৰকাৰীসকলে প্ৰথমে নিজৰ ফোনত MyJio এপটো খুলিব লাগব। ইয়াৰ পিছত Menu লৈ গৈ Settings অপচনত ক্লিক কৰক। এতিয়া Service Settings লৈ গৈ Do Not Disturb ত ক্লিক কৰক। এতিয়া আপোনাৰ ইচ্ছামতে DND অন কৰিব পাৰিব।

5 / 5

আপোনাৰ ফোনত Vi এপটো খুলিব লাগিব। যদি নাই তেন্তে এপল এপ ষ্ট’ৰ বা গুগল প্লে ষ্ট’ৰৰ পৰা ইনষ্টল কৰিব পাৰিব। Menu লৈ গৈ Profile ত ক্লিক কৰক। ইয়াত আপুনি বিচৰা DND বিকল্পটো পাব। ইয়াৰ পৰা স্পেম কল আৰু এছএমএছ ব্লক কৰিব পাৰিব।

অনবৰতে মন বেয়া লাগি থাকে নেকি? জানক ডিপ্ৰেছনৰ লক্ষণসমূহ...
গৰমৰ দিনত আপোনাৰ অত্যাধিক মূৰৰ বিষ হয় নেকি? কাৰণ জানক
ভগৱান হনুমানৰ এই অৱতাৰক পূজা কৰিলে পাব শুভ ফল! সকলো জানক
ফাইব্ৰইড কি ? গৰ্ভাৱস্থাত এই সমস্যা কেনেকৈ নিয়ন্ত্ৰণ কৰিব?