উৎসৱৰ আগে আগে প্ৰিয়জনক সোণৰ অলংকাৰ উপহাৰৰ কথা ভাবিছে নেকি? চাওক বজাৰত আজি সোণৰ দাম | How Much Gold and Silver Costs Today in Guwahati, Check Latest Rates Assam news - Assam Tv9

উৎসৱৰ আগে আগে প্ৰিয়জনক সোণৰ অলংকাৰ উপহাৰৰ কথা ভাবিছে নেকি? চাওক বজাৰত আজি সোণৰ দাম

Published: 

15 Sep 2025 10:38 AM

সাধাৰণতেই কোনো এটা সামগ্ৰী ক্ৰয়ৰ পৰিকল্পনা কৰিলে সামগ্ৰীবিধৰ বিষয়ে পূৰ্বেই সংক্ষিপ্ত এক ধাৰণা থাকিলে সুবিধা হয়। গতিকে সোণৰ অলংকাৰ ক্ৰয়ৰ কথা ভাবিলে বজাৰলৈ যোৱাৰ পূৰ্বেই সোণৰ দৰ সম্পৰ্কে ধাৰণা কৰি ল’ব পাৰিলে দৰ-দাম কৰাৰ ক্ষেত্ৰত সুবিধা হয়।

1 / 5শাৰদীয় দুৰ্গোৎসৱলৈ মাজত আৰু কেইটামান দিন। পূজাৰ বতৰত প্ৰিয়জনক উপহাৰ আগবঢ়োৱাৰ পৰিকল্পনা অধিকাংশ লোকৰে থাকে। সাধাৰণতে আমাৰ সমাজত সোণৰ অলংকাৰৰ এক বিশেষ মান্যতা থাকে। সেয়ে প্ৰিয়জনক সোণৰ অলংকাৰ দিয়াটো এক সঠিক বিকল্প হ’ব পাৰে।

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত আৰু কেইটামান দিন। পূজাৰ বতৰত প্ৰিয়জনক উপহাৰ আগবঢ়োৱাৰ পৰিকল্পনা অধিকাংশ লোকৰে থাকে। সাধাৰণতে আমাৰ সমাজত সোণৰ অলংকাৰৰ এক বিশেষ মান্যতা থাকে। সেয়ে প্ৰিয়জনক সোণৰ অলংকাৰ দিয়াটো এক সঠিক বিকল্প হ’ব পাৰে।

2 / 5

কোনো এটা সামগ্ৰী ক্ৰয়ৰ পৰিকল্পনা কৰিলে সামগ্ৰীবিধৰ বিষয়ে পূৰ্বেই সংক্ষিপ্ত এক ধাৰণা থাকিলে সুবিধা হয়। গতিকে সোণৰ অলংকাৰ ক্ৰয়ৰ কথা ভাবিলে বজাৰলৈ যোৱাৰ পূৰ্বেই সোণৰ দৰ সম্পৰ্কে ধাৰণা কৰি ল’ব পাৰিলে দৰ-দাম কৰাৰ ক্ষেত্ৰত সুবিধা হয়।

3 / 5

বজাৰত সোণৰ মূল্যৰ প্ৰতিদিনেই সালসলনি ঘটে। অৱশ্যে গুড ৰিটাৰ্ণছে প্ৰকাশ কৰা অনুসৰি আজি দেশৰ বজাৰত সোণৰ দামৰ পৰিৱৰ্তন ঘটা নাই। সেই অনুসাৰে আজি ১৮ কেৰেট সোণ প্ৰতিগ্ৰামত ৮,৩৩৭ টকা, ২২ কেৰেট সোণ প্ৰতিগ্ৰামত ১০,১৯০ টকা আৰু ২৪ কেৰেট সোণ প্ৰতিগ্ৰামত ১১,১১৭ টকা দৰত উপলব্ধ হ’ব।

4 / 5

দেশৰ বজাৰৰ এই দৰ আজি গুৱাহাটীৰ বজাৰতো দেখা যাব। অৰ্থাৎ দেশৰ দৰে আজি গুৱাহাটীৰ বজাৰতো সোণৰ মূল্যৰ পৰিৱৰ্তন ঘটা নাই। গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি দেশৰ বজাৰৰ দৰে গুৱাহাটীৰ বজাৰতো ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট সোণ প্ৰতিগ্ৰামত ক্ৰমে ৮,৩৩৭ টকা, ১০,১৯০ টকা আৰু ১১,১১৭ টকা হ’ব।

5 / 5

সোণৰ দৰে ৰূপৰ মূল্যৰো আজি কোনো পৰিৱৰ্তন হোৱা নাই। দেশৰ লগতে গুৱাহাটীৰ বজাৰতো আজি প্ৰতিগ্ৰাম ৰূপৰ মূল ১৩৩ টকা হৈছে। এইদৰে আজি এক কিলোগ্ৰাম ৰূপৰ দাম গুৱাহাটীৰ লগতে সমগ্ৰ দেশতে ১,৩৩,০০০ টকা হৈছে বুলি গুড ৰিটাৰ্ণছে প্ৰকাশ কৰিছে।

ফুলকবিৰ উপকাৰিতাৰ কথা জানেনে? এনে ৰোগৰ ‘ৰক্ষাকৱচ’ বুলি জানিলে আপুনিও হ’ব আচৰিত
বৃক্কৰ সমস্যা থাকিলে কৰ্দৈ খাব পাৰিনে? কৰ্দৈৰ আচৰিত উপকাৰিতাৰ বিষয়ে জানো আহক
সম্পৰ্কত সদায় ভালপোৱা অটুট থাকিব, মাথোঁ পালন কৰক এই নিয়ম!
কেঁচা পিঁয়াজৰ উপকাৰী গুণসমূহ জানেনে? জানক সকলো...