বৰ্ষাপাৰাত আজিৰ পৰা ঐতিহাসিক টেষ্ট, পিছে ভাৰতীয় দল তথা অনুৰাগীৰ বাবে মধুৰ হ’ব নে ইতিহাস! | Historic Moment for Assam: Barsapara to Hosts Its Maiden Test as India Seek Series Level Against South Africa Assam news - Assam Tv9

বৰ্ষাপাৰাত আজিৰ পৰা ঐতিহাসিক টেষ্ট, পিছে ভাৰতীয় দল তথা অনুৰাগীৰ বাবে মধুৰ হ’ব নে ইতিহাস!

Published: 

22 Nov 2025 06:31 AM

আজিৰ পৰা বৰ্ষাপাৰাত আৰম্ভ হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ। প্ৰথমবাৰৰ বাবে বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব টেষ্ট ক্ৰিকেট। পিছে এই স্বৰ্ণিল ক্ষণ বৰ্ষাপাৰাৰ ইতিহাসত তথা ভাৰতীয় দলৰ বাবে মধুৰ হ’বনে, সেই লৈ আৰম্ভ হৈছে চৰ্চা।

1 / 5ৰাজ্যৰ ক্ৰিকেটপ্ৰেমী আজি সাক্ষী হ’ব এক ঐতিহাসিক ক্ষণৰ। প্ৰথমবাৰৰ বাবে গৃহৰাজ্যত টেষ্ট ক্ৰিকেট উপভোগৰ অনন্য সুযোগ লাভ কৰিব ৰাজ্যৰ ক্ৰিকেট অনুৰাগীসকলে। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে অন্ত পৰিব এই স্বৰ্ণিল ক্ষণৰ বাবে ক্ৰিকেটপ্ৰেমীৰ দীৰ্ঘসময়ৰ অপেক্ষা।

ৰাজ্যৰ ক্ৰিকেটপ্ৰেমী আজি সাক্ষী হ’ব এক ঐতিহাসিক ক্ষণৰ। প্ৰথমবাৰৰ বাবে গৃহৰাজ্যত টেষ্ট ক্ৰিকেট উপভোগৰ অনন্য সুযোগ লাভ কৰিব ৰাজ্যৰ ক্ৰিকেট অনুৰাগীসকলে। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে অন্ত পৰিব এই স্বৰ্ণিল ক্ষণৰ বাবে ক্ৰিকেটপ্ৰেমীৰ দীৰ্ঘসময়ৰ অপেক্ষা।

2 / 5

ইতিপূৰ্বে বৰ্ষাপাৰাত আয়োজিত হৈছে সীমিত অভাৰৰ ফৰ্মেটৰ কেইবাখনো আন্তঃৰাষ্ট্ৰীয় মেচ। ২০১৭ চনৰ ১০ অক্টোবৰত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হৈছিল। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছিল এই টি-২০ মেচ। আনহাতে ২০১৮ চনৰ ২১ অক্টোবৰত অনুষ্ঠিত হৈছিল প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ।

3 / 5

এতিয়া দেশৰ ৩০ সংখ্যক টেষ্ট ভেন্যু হিচাপে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ আয়োজন কৰিব বৰ্ষাপাৰাই। স্বাভাৱিকতেই অসম ক্ৰিকেটৰ বাবে এয়া এক স্বৰ্ণিল ক্ষণ। পিছে এই স্বৰ্ণিল ক্ষণ বৰ্ষাপাৰাৰ ইতিহাসত তথা ভাৰতীয় দলৰ বাবে মধুৰ হ’বনে, সেয়া হ’ব লক্ষণীয়।

4 / 5

ইতিমধ্যে কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা শৃংখলাৰ প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাই জয়লাভ কৰিছিল আৰু শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰিছিল। তেনে পৰিস্থিতিত শৃংখলা যাতে হেৰুৱাবলগা নহয়, তাৰ বাবে বৰ্ষাপাৰা টেষ্টত যিকোনো প্ৰকাৰেই জয়ী হ’ব লাগিব ভাৰতীয় দল।

5 / 5

যদি এই মেচখন ড্ৰ হয় বা ভাৰত পৰাস্ত হয়, শৃংখলা হেৰুৱাব ভাৰতে। আনহাতে ২৫ বছৰৰ পিছত ভাৰতৰ মাটিত টেষ্ট শৃংখলা জয় কৰিব দক্ষিণ আফ্ৰিকাই। তেনে পৰিস্থিতিত বৰ্ষাপাৰাৰ প্ৰথমখন টেষ্ট মেচ ঐতিহাসিক হোৱাৰ সমান্তৰালকৈ ভাৰতীয় দল তথা অনুৰাগীৰ বাবে হৈ পৰিব এক দুখজনক ইতিহাস।

পত্নীক সুখী কৰিব বিচাৰিলে খাওক এই ৫ বিধ খাদ্য, সুন্দৰ হ'ব আপোনাৰ সম্পৰ্ক!
ফাষ্ট ফুড খোৱাৰ পিছত পানীৰ পিয়াহ লাগে নেকি? ই কোনো ৰোগৰ সংকেত নেকি?
এই ভুলবোৰ নকৰিব ! বৰ্তমান সময়ত কিডনী দুৰ্বল হোৱাৰ ৫ টা ডাঙৰ কাৰণ কি কি জানেনে ?
জিভাতো হ’ব পাৰে চিন্তনীয় কৰ্কট ৰোগ, এই ৭টা প্ৰাৰম্ভিক লক্ষণক নকৰিব আওকাণ