'মুখ্যমন্ত্ৰীৰ এটি কলি, দুটি পাত আঁচনি'ৰ শুভাৰম্ভ: এইসকল লোকে পাব ৫,০০০ কৈ টকা... | Himanta Biswa Sarma Start New Scheme Eti koli Duti Paat Scheme See Details In Assamese Assam news - Assam Tv9

‘মুখ্যমন্ত্ৰীৰ এটি কলি, দুটি পাত আঁচনি’ৰ শুভাৰম্ভ: এইসকল লোকে পাব ৫,০০০ কৈ টকা…

Updated On: 

25 Jan 2026 | 06:04 PM

Assam Govt Scheme: আজি পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভণি কৰিলে এক নতুন আঁচনিৰ। এই আঁচনিৰ নাম মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত। ইয়াৰ দ্বাৰা চাহ বাগিচাৰ কৰ্মচাৰীসকল লাভান্বিত হ'ব।

1 / 5মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত জনতাৰ কল্যানৰ অৰ্থে কিছুমান আঁচনি আৰম্ভ কৰে। দেওবাৰে পুনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে  এক নতুন আঁচনিৰ শুভাৰম্ভ কৰে। এই আঁচনিৰ নাম 'মুখ্যমন্ত্ৰীৰ এটি কলি, দুটি পাত আঁচনি'। ইয়াৰ অধীনত ৰাজ্যৰ লাখ লাখ চাহ বাগিচাৰ কৰ্মচাৰী উপকৃত হ'ব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত জনতাৰ কল্যানৰ অৰ্থে কিছুমান আঁচনি আৰম্ভ কৰে। দেওবাৰে পুনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক নতুন আঁচনিৰ শুভাৰম্ভ কৰে। এই আঁচনিৰ নাম 'মুখ্যমন্ত্ৰীৰ এটি কলি, দুটি পাত আঁচনি'। ইয়াৰ অধীনত ৰাজ্যৰ লাখ লাখ চাহ বাগিচাৰ কৰ্মচাৰী উপকৃত হ'ব।

2 / 5

জানিব পৰা মতে, 'মুখ্যমন্ত্ৰীৰ এটি কলি, দুটি পাত আঁচনি'ৰ অধীনত ৰাজ্যৰ চাহ বাগিচাসমূহৰ ৬ লাখৰো অধিক শ্রমিক আৰু কৰ্মচাৰী উপকৃত হ'ব। এই কৰ্মচাৰীসকলে ৫,০০০ টকাকৈ এককালীন সাহাৰ্য লাভ কৰিব। ইয়াৰ বাবে চৰকাৰৰ ব্যয় হ'ব প্ৰায় ৩০০ ৰো অধিক কোটি টকা।

3 / 5

দেওবাৰে ডুমডুমাত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে এই আঁচনিৰ শুভাৰম্ভ কৰে। য'ত শ শ লোকে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ পৰা চেক গ্ৰহণ কৰে। আজিৰ এই অনুষ্ঠানত অঞ্চলটোৰ বিধায়ক,নেতা আদি উপস্থিত থাকে।

4 / 5

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত লিখে যে-"অসমৰ ২০০ বছৰীয়া চাহ উদ্যোগলৈ চাহ বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীসকলে আগবঢ়োৱা অনন্য অৱদানৰ স্বীকৃতিস্বৰূপে আজি ডুমডুমাত 'মুখ্যমন্ত্ৰীৰ এটি কলি, দুটি পাত আঁচনি'ৰ শুভাৰম্ভ কৰিবলৈ পাই আনন্দিত হৈছোঁ। এই আঁচনিৰ অধীনত তিনিশ কোটিৰো অধিক টকা ব্যয়েৰে ৰাজ্যখনৰ চাহ বাগিচাসমূহৰ ৬ লাখৰো অধিক শ্রমিক আৰু কৰ্মচাৰীলৈ প্ৰতিজনলৈ ৫,০০০ টকাকৈ এককালীন বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব"।

5 / 5

আৰু লিখে- "আজিৰ অনুষ্ঠানতে চাহ বাগিচা আৰু নিৰ্মাণ ক্ষেত্ৰসমূহৰ বাবে ব্যৱস্থা কৰা ভ্ৰাম্যমাণ শিশু ওমলা গৃহ (ক্ৰেচ) আৰু ভ্ৰাম্যমাণ টয়লেট সেৱাও আনুষ্ঠানিকভাৱে মুকলি কৰোঁ। ভ্ৰাম্যমাণ শিশু ওমলা গৃহৰ ব্যৱস্থাই পিতৃ-মাতৃৰ কৰ্মস্থানৰ ওচৰতেই শিশুসকলৰ যত্ন লোৱাত সহায় কৰাৰ লগতে ডাঙৰ শিশুসকল নিয়মিতভাৱে বিদ্যালয়লৈ যোৱাটো নিশ্চিত কৰিব। আনহাতে ভ্ৰাম্যমাণ টয়লেট ব্যৱস্থাই শ্ৰমিকৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰাৰ লগতে কৰ্মক্ষেত্ৰত স্বাস্থ্যসন্মত পৰিৱেশ গঢ়ি তুলিব''।

ওজন হ্ৰাসৰ সকলো চেষ্টা হ’ব বিফল, যদিহে নিশা খায় এনে খাদ্য
সঘনাই জিভা শুকাই যায় নেকি ? হ'ব পাৰে এই জটিল ৰোগ...
আলুৰ এইবোৰ উপকাৰিতা জানিলে আচৰিত হ’ব আপুনি!
শীতকালত সঘনাই হয় নেকি মূৰৰ বিষ? প্ৰধান কাৰণ জানক...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...