গৌৰৱী পিতৃ! মুখ্যমন্ত্ৰীৰ পুত্ৰই বাহৰেইনত সম্পূৰ্ণ কৰিলে আইৰনমেন ৭০.৩... | Himanta biswa sarma share a post on son nandil sarma see details in assamese Assam news - Assam Tv9

গৌৰৱী পিতৃ! মুখ্যমন্ত্ৰীৰ পুত্ৰই বাহৰেইনত সম্পূৰ্ণ কৰিলে আইৰনমেন ৭০.৩…

Published: 

07 Dec 2025 | 07:24 PM

বাহৰেইনত বিশেষ কৰ্তৃত্ব অৰ্জন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰই। এই সন্দৰ্ভত শৰ্মাই সামাজিক মাধ্যমত পোষ্ট কৰি সবিশেষ জনায়। শৰ্মাই কয় যে, নন্দিল শৰ্মাই বাহৰেইনত আইৰনমেন ৭০.৩ সম্পূৰ্ণ কৰে।

1 / 5মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত কৰিলে এক বিশেষ পোষ্ট। বিদেশত বিশেষ কৰ্তৃত্ব অৰ্জন কৰিলে পুত্ৰ নন্দিল শৰ্মাই। পুত্ৰৰ কৰ্তৃত্বত গৌৰৱান্বিত হৈ মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত যোগে এই বিশেষ খবৰ জনায়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত কৰিলে এক বিশেষ পোষ্ট। বিদেশত বিশেষ কৰ্তৃত্ব অৰ্জন কৰিলে পুত্ৰ নন্দিল শৰ্মাই। পুত্ৰৰ কৰ্তৃত্বত গৌৰৱান্বিত হৈ মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত যোগে এই বিশেষ খবৰ জনায়।

2 / 5

জানিব পৰা মতে, মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল শৰ্মাই বাহৰেইনত আইৰনমেন ৭০.৩ সম্পূৰ্ণ কৰে। ইয়াত থাকে ১.৯ কিলোমিটাৰ সাঁতোৰ, ৯০ কিলোমিটাৰ চাইকেল আৰু ২১.১ কিলোমিটাৰ দৌৰ। এই সকলোখিনি নন্দিল শৰ্মাই ৬ ঘন্টা ৪৮ মিনিটত সম্পূৰ্ণ কৰে।

3 / 5

ইয়াৰ পাছতে তেওঁ পৰৱৰ্তী লক্ষ্যত ৩.৮ কিলোমিটাৰ সাঁতোৰ, ১৮০ কিলোমিটাৰ চাইকেল আৰু ৪২.২ কিলোমিটাৰ দৌৰিব লাগিব। পুত্ৰৰ এই বিশেষ খবৰ সামাজিক মাধ্যমত প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে গৌৰৱ অনুভৱ কৰে। লগতে পুত্ৰৰ জয় আশা কৰে।

4 / 5

মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত লিখে যে,এগৰাকী গৌৰৱী পিতৃৰ অনুভৱেৰে। ৫ ডিচেম্বৰ, শুকুৰবাৰে পুত্ৰ নন্দিলে বাহৰেইনত আইৰনমেন ৭০.৩ সম্পূৰ্ণ কৰে। এক কষ্টকৰ ১.৯ কিলোমিটাৰ সাঁতোৰ, ৯০ কিলোমিটাৰ চাইকেল আৰু ২১.১ কিলোমিটাৰ দৌৰ-- এই সকলোখিনি একেটা উদ্যমেৰে সফলতাৰে সমাপ্ত কৰে। মাত্ৰ ৩-৪ মাহৰ প্ৰস্তুতিৰে এইখিনি তেওঁ ৬ ঘণ্টা ৪৮ মিনিটত সম্পূৰ্ণ কৰিছিল।

5 / 5

আৰু লিখেনন্দিলৰ এতিয়া পৰৱৰ্তী লক্ষ্য সম্পূৰ্ণ আইৰনমেনৰ ওপৰত, য'ত অতিক্ৰম কৰিব লাগিব ৩.৮ কিলোমিটাৰ সাঁতোৰ, ১৮০ কিলোমিটাৰ চাইকেল আৰু ৪২.২ কিলোমিটাৰ দৌৰ৷ অহা মে' মাহত বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হোৱাৰ পূৰ্বেই এই জয় কৰাৰ আশা কৰিছে। সীমাৰ পৰিধি ভেদ কৰি আগুৱাই যাবলৈ ঈশ্বৰে এনেকৈয়ে সদায় শক্তি, আনন্দ আৰু সাহস প্ৰদান কৰক-- তাকেই প্ৰাৰ্থনা কৰিলোঁ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...