ব্যক্তিগত চিকিৎসালয়সমূহে টকাৰ বাবে ৰাখি থ'ব নোৱাৰিব মৃতদেহ, শীঘ্ৰেই মুকলি হ'ব টোল ফ্ৰী নম্বৰ... | himanta biswa sarma says private Hospitals cannot hold patients and body for money see details Assam news - Assam Tv9

ব্যক্তিগত চিকিৎসালয়সমূহে টকাৰ বাবে ৰাখি থ’ব নোৱাৰিব মৃতদেহ, শীঘ্ৰেই মুকলি হ’ব টোল ফ্ৰী নম্বৰ…

Published: 

18 Jun 2025 | 03:51 PM

ব্যক্তিগত হাস্পাতাল সন্দৰ্ভত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, টকাৰ বাবে ব্যক্তিগত নাৰ্ছিং হোমে মৃতদেহ বা ৰোগীক ধৰি ৰাখিব নোৱাৰিব।

1 / 5ব্যক্তিগত চিকিৎসালয় সন্দৰ্ভত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, এতিয়াৰ পৰা ব্যক্তিগত চিকিৎসালয় বা নাৰ্ছিং হোমসমূহে টকাৰ বাবে ৰোগীৰ মৃতদেহ ৰাখি থ'ব নোৱাৰিব। ইয়াৰোপৰি টকা জমা দিব নোৱাৰা বাবে ৰোগীক অতিৰিক্ত দিন চিকিৎসালয়ত থকাৰ বাবে বাধ্য কৰাব নোৱাৰিব ।

ব্যক্তিগত চিকিৎসালয় সন্দৰ্ভত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, এতিয়াৰ পৰা ব্যক্তিগত চিকিৎসালয় বা নাৰ্ছিং হোমসমূহে টকাৰ বাবে ৰোগীৰ মৃতদেহ ৰাখি থ'ব নোৱাৰিব। ইয়াৰোপৰি টকা জমা দিব নোৱাৰা বাবে ৰোগীক অতিৰিক্ত দিন চিকিৎসালয়ত থকাৰ বাবে বাধ্য কৰাব নোৱাৰিব ।

2 / 5

তেওঁ কয়, বহু ব্যক্তিগত চিকিৎসালয়ে টকা দিব নোৱাৰা বাবে মৃতদেহ মুকলি কৰি নিদিয়ে। ইয়াৰোপৰি টকা নিদিয়াৰ বাবে ৰোগীক অতিৰিক্ত দিন চিকিৎসালয়ত থাকিবলৈ বাধ্য কৰায়। গতিকে এতিয়াৰ পৰা এনে কৰিব নোৱাৰিব। টকা দিব নোৱাৰিলে আদালতত যাওঁক, মাটি-ঘৰ লওক কিন্তু এনেকৈ ধৰি ৰাখিব নোৱাৰিব।

3 / 5

শৰ্মাই কয়, এই ক্ষেত্ৰত শীঘ্ৰেই টোল ফ্ৰী নম্বৰ মুকলি কৰা হ'ব। গতিকে কোনো চিকিৎসালয়ে মৃতদেহ বা ৰোগীক ধৰি ৰাখিলে সেই নম্বৰত ফোন কৰিব পাৰিব। তেতিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহ বা ৰোগীক উদ্ধাৰ কৰি লৈ যাব। শীঘ্ৰেই এই ক্ষেত্ৰত কেবিনেটত সিদ্ধান্ত লোৱা হ'ব।

4 / 5

আৰু কয়, ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদত লিখা আছে যে জীৱন সকলোৰে অধিকাৰ। কোনোৱে ইয়াক ধৰি ৰাখিব নোৱাৰে। গতিকে ব্যক্তিগত চিকিৎসালয়সমূহেও নোৱাৰে। যদি কোনো ৰোগীয়ে টকা দিব নোৱাৰে তেন্তে আইনৰ সহায় ল'বলৈ কয় তেও।

5 / 5

মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয়, যি কোনো লোক আৰ্থিকভাবে সক্ষম নহয় তেনে লোকক ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাব নালাগে। কাৰণ পাছত ৰোগী আৰু চিকিৎসালয় উভয়ৰে ক্ষেত্ৰত সমস্যা হয়। কিন্তু কেৱল টকাৰ বাবে মৃতদেহ ৰাখিব থ'ব নোৱাৰিব। লগতে ৰোগীকো অতিৰিক্ত দিন থাকিবৰ বাবে বাধ্য কৰাব নোৱাৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...