৬০ শতাংশ নহয়, উচ্চতৰ মাধ্যমিকত ৮০% লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলেহে লাভ কৰিব স্কুটীঃ মুখ্যমন্ত্ৰীৰ ঘোষণা | himanta biswa sarma says for scooty scheme students have to get 80% in hs exam assam Assam news - Assam Tv9

৬০ শতাংশ নহয়, উচ্চতৰ মাধ্যমিকত ৮০% লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলেহে লাভ কৰিব স্কুটীঃ মুখ্যমন্ত্ৰীৰ ঘোষণা

Published: 

19 May 2025 12:12 PM

বিগত কেইটামান বছৰ ধৰি উচ্চতৰ মাধ্যমিক প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকলক স্কুটী প্ৰদান কৰিছিল ৰাজ্য চৰকাৰে। কিন্তু শেহতীয়াকৈ স্কুটী সন্দৰ্ভত ৰাজ্য চৰকাৰে এক ডাঙৰ ঘোষণা কৰিছে।

1 / 5ৰাজ্য চৰকাৰ বিভিন্ন সময়ত ছাত্ৰ-ছাত্ৰী, মহিলাসকলৰ বাবে আঁচনি ৰূপায়ন কৰি আহিছে। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিত প্ৰথম বৰ্ষত উত্তীৰ্ণ হোৱা ছাত্ৰসকলক স্কুটী প্ৰদান কৰাৰ ব্যৱস্থা আছিল। কিন্তু চলিত বৰ্ষত ইয়াক কিছু সাল-সলনি কৰা হৈছে।

ৰাজ্য চৰকাৰ বিভিন্ন সময়ত ছাত্ৰ-ছাত্ৰী, মহিলাসকলৰ বাবে আঁচনি ৰূপায়ন কৰি আহিছে। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিত প্ৰথম বৰ্ষত উত্তীৰ্ণ হোৱা ছাত্ৰসকলক স্কুটী প্ৰদান কৰাৰ ব্যৱস্থা আছিল। কিন্তু চলিত বৰ্ষত ইয়াক কিছু সাল-সলনি কৰা হৈছে।

2 / 5

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৮০ শতাংল লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলেহে স্কুটী লাভ কৰিব। শৰ্মাই কয় যে, এইবাৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগতে বিজ্ঞাপন দিয়া হৈছিল যে এইবাৰৰ পৰা ৮০ শতাংশ পালেহে স্কুটী লাভ কৰিব।

3 / 5

শৰ্মাই কয় যে, ৰাজ্য চৰকাৰে নিযুত মইনা আঁচনি আৰু স্কুটী একেলগে প্ৰদান কৰিবলৈ সক্ষম নহয়। স্কুটি বন্ধ কৰিব নালাগে। কিন্তু একদম বন্ধ কৰি দিব নোৱাৰি বাবে ৮০ শতাংশ লাভ কৰা সকলকহে স্কুটী দিয়াৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বিপৰীতে বাকী ছাত্ৰীসকলে নিযুত মইনা আঁচনিৰ ধন লাভ কৰিব।

4 / 5

শৰ্মাই কয়, নিযুত মইনা আঁচনিৰ প্ৰ-পত্ৰ পূৰণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। কিন্তু এইবাৰ নিযুত মইনা আঁচনি কিছু সম্প্ৰসাৰণ কৰা হ'ব। পূৰ্বতে চৰকাৰী বিদ্যালয় বা মহাবিদ্যালয়ত চেলফ ফাইনেন্সিং পঢ়ি থকাসকলে এই সুবিধা লাভ কৰা নাছিল। এইবাৰৰ পৰা তেওঁলোকেও নিযুত মইনা আঁচনিৰ ধন লাভ কৰিব।

5 / 5

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, নিযুত মইনা আঁচনিৰ অধীনত ১০ মাহৰ বাবে টকা লাভ কৰে ছাত্ৰীসকলে। ইতিমধ্যে যোৱা বছৰৰ টকা লাভ কৰিছে। গতিকে পৰৱৰ্তী সময়ত যিসকল ছাত্ৰীয়ে অধ্যয়ন অব্যাহত ৰাখিব বিচাৰিছে সেইসকলে নিযুত মইনা আঁচনিৰ ধন লাভ কৰিব।

প্ৰস্ৰাৱ জ্বলা-পোৰা, পেটৰ তলৰ অংশত বিষ... মহিলাসকলে ভুলতেও আওকাণ নকৰিব এনে লক্ষণ
সাৱধান! এই ৫ টা অভ্যাসে আপোনাৰ বৃক্ক লাহে লাহে নষ্ট কৰিব পাৰে!
বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস পালে চকুত কি কি লক্ষণে দেখা দিয়ে?
জীৱনত নাহে কোনো বাধা! পুৱা উঠি কৰক মাত্ৰ এই ৩ টা কাম...