গো মাংসক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ সম্প্ৰদায়ক উদ্দেশ্য কৰি পুনৰ মন্তব্য প্ৰদান কৰে।
1 / 5
গো মাংসক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি। তাৰ মাজতে এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি পুনৰ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, এটা বিশেষ সম্প্ৰদায়ৰ বেয়া মানুহে গো মাংসবোৰ মন্দিৰৰ আগত পেলায়। সেই বেয়া মানুহবোৰক বিশেষ সম্প্ৰদায়ৰ মানুহখিনিয়েও বেয়া পায়। ধুবুৰীৰ সেই বিশেষ সম্প্ৰদায়ৰ মানুহেই মোক কৈছে বেয়া মানুহখিনিক মাৰি পেলাবলৈ।
2 / 5
আৰ এছ এছৰ লোকে গো মাংস মন্দিৰৰ আগত পেলোৱা বুলি কংগ্ৰেছে অভিযোগ কৰিছে। এই সন্দৰ্ভত শৰ্মাই কয় যে, এয়া ৰাহুল গান্ধীৰ বেয়া মানসিকতা। যদি হিন্দুই থয়, গাহৰি মাংস থ'ব। বিজেপি, আৰ এছ এছৰ মানুহে গৰুৰ মূৰটো মন্দিৰত পেলালে, কিন্তু বাকী মাংসখিনি কি কৰিব বুলি প্ৰশ্ন শৰ্মাৰ।