মইতো বিচাৰো, কোনোবাই গো মাংস থ'লে হিন্দুই গাহৰি মাংস থৈ আহকঃ মুখ্যমন্ত্ৰী | himanta biswa sarma reaction on beef near temple of assam Assam news - Assam Tv9

মইতো বিচাৰো, কোনোবাই গো মাংস থ’লে হিন্দুই গাহৰি মাংস থৈ আহকঃ মুখ্যমন্ত্ৰী

Published: 

18 Jun 2025 | 04:33 PM

গো মাংসক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ সম্প্ৰদায়ক উদ্দেশ্য কৰি পুনৰ মন্তব্য প্ৰদান কৰে।

1 / 5গো মাংসক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি। তাৰ মাজতে এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি পুনৰ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, এটা বিশেষ সম্প্ৰদায়ৰ বেয়া মানুহে গো মাংসবোৰ মন্দিৰৰ আগত পেলায়। সেই বেয়া মানুহবোৰক বিশেষ সম্প্ৰদায়ৰ মানুহখিনিয়েও বেয়া পায়। ধুবুৰীৰ সেই বিশেষ সম্প্ৰদায়ৰ মানুহেই মোক কৈছে বেয়া মানুহখিনিক মাৰি পেলাবলৈ।

গো মাংসক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি। তাৰ মাজতে এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি পুনৰ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, এটা বিশেষ সম্প্ৰদায়ৰ বেয়া মানুহে গো মাংসবোৰ মন্দিৰৰ আগত পেলায়। সেই বেয়া মানুহবোৰক বিশেষ সম্প্ৰদায়ৰ মানুহখিনিয়েও বেয়া পায়। ধুবুৰীৰ সেই বিশেষ সম্প্ৰদায়ৰ মানুহেই মোক কৈছে বেয়া মানুহখিনিক মাৰি পেলাবলৈ।

2 / 5

আৰ এছ এছৰ লোকে গো মাংস মন্দিৰৰ আগত পেলোৱা বুলি কংগ্ৰেছে অভিযোগ কৰিছে। এই সন্দৰ্ভত শৰ্মাই কয় যে, এয়া ৰাহুল গান্ধীৰ বেয়া মানসিকতা। যদি হিন্দুই থয়, গাহৰি মাংস থ'ব। বিজেপি, আৰ এছ এছৰ মানুহে গৰুৰ মূৰটো মন্দিৰত পেলালে, কিন্তু বাকী মাংসখিনি কি কৰিব বুলি প্ৰশ্ন শৰ্মাৰ।

3 / 5

শৰ্মাই কয় যে, এইবোৰ কথাৰ বাবে ৰাহুল গান্ধী আৰু কংগ্ৰেছক মানুহে ঘৃণা কৰে। তেওঁলোকৰ মিনিঙত হিন্দু মানুহ নাথাকে। ইয়াৰোপৰি আৰ এছ এছৰ মানুহক গ্ৰেপ্তাৰ কৰিলে বাংলাদেশৰ পৰা অহাবোৰকো গ্ৰেপ্তাৰ কৰিব লাগিব বুলি কয় শৰ্মাই।

4 / 5

ইয়াৰোপৰি তেওঁ কয়, মইতো বিচাৰো কোনোবাই গৰু মাংস থ'লে আমাৰ হিন্দু মানুহে গাহৰি মাংস থৈ আহক। তেতিয়া সকলো বৰাবৰ হৈ যাব। উল্লেখ্য যে, ঈদৰ সময়ত ধুবুৰীৰ এটা মন্দিৰৰ সন্মুখত গৰুৰ কটা মূৰ উদ্ধাৰ হৈছিল। তাৰ পাছতে ৰাজ্যত গো মাংসকেন্দ্ৰিক বিতৰ্কই গা কৰি উঠিছে।

5 / 5

তাৰ পাছতে হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত শ্বুট এট চাইট অৰ্ডাৰ দিছিল। ইতিমধ্যে এই কাণ্ডৰ লগত জড়িত কেইবাজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই সন্দৰ্ভত কংগ্ৰেছে অভিযোগ কৰিছে যে বাহিৰৰ পৰা অহা আৰ এছ এছ, বিজেপিৰ লোকে এনে কাণ্ড সংঘটিত কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...