তেওঁলোকে প্ৰত্যাক্ৰমণ নকৰে, অসমৰ ভালৰ বাবে ...আলফা(স্বাঃ)ৰ শিবিৰত আক্ৰমণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী | Himanta biswa sarma Press meet reaction on drone attack on ulfai camp myanmar Assam news - Assam Tv9

তেওঁলোকে প্ৰত্যাক্ৰমণ নকৰে, অসমৰ ভালৰ বাবে …আলফা(স্বাঃ)ৰ শিবিৰত আক্ৰমণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী

Updated On: 

15 Jul 2025 17:12 PM

মঙলবাৰে লোকসেৱা ভৱনত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। সংবাদমেলত ভূমি বেদখলক লৈ বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীয়ে।  লগতে আলফা(স্বাঃ)ৰ শিবিৰত ড্ৰোন আক্ৰমণৰ সন্দৰ্ভত ক'লে মুখ্যমন্ত্ৰীয়ে...

1 / 5মুখ্যমন্ত্ৰীয়ে কয়, ভাৰত চৰকাৰ এই বিষয়ে অৱগত নহয়। আমি তেওঁলোকক এই বিষয়ে সুধিছিলো। আমাক আন কোনো তথ্য দিয়া নাই।'

মুখ্যমন্ত্ৰীয়ে কয়, ভাৰত চৰকাৰ এই বিষয়ে অৱগত নহয়। আমি তেওঁলোকক এই বিষয়ে সুধিছিলো। আমাক আন কোনো তথ্য দিয়া নাই।'

2 / 5

তেওঁ কয়, আমি কেৱল পৰেশ বৰুৱাই দিয়া পত্ৰখন হে পাইছো। এই সন্দৰ্ভত আমাৰ হাতত আন একো তথ্য নাই। অসম আৰক্ষী ইয়াৰ জড়িত নহয়।'

3 / 5

লগতে কয়, অসমৰ ভালৰ বাবে তেওঁলোকে আন্দোলন কৰি আছে, অসমৰ বেয়া কিয় কৰিব। নিজৰ ঘৰত নিজে আক্ৰমণ নচলায়। অসমীয়াই ড্ৰোন আক্ৰমণ কৰা নাই।'

4 / 5

আলফা(স্বাঃ)ৰ প্ৰত্যাক্ৰমণক লৈ মুখ্যমন্ত্ৰীয়ে কয়, 'তেওঁলোকে প্ৰত্যাক্ৰমণ নকৰে,কাৰণ তেওঁলোক অসমৰে হয়। বোমা দিলে অসমৰে মাটি যাব, অসমৰে স্কুল যাব, অসমৰে ৰাস্তা যাব'।

5 / 5

উল্লেখ্য যে, ১৩ জুলাইৰ পুৱতি নিশা ম্যানমাৰস্থিত আলফা (স্বাধীন)ৰ শিবিৰত ভয়ংকৰ ড্ৰ’ণ আক্ৰমণ সংঘটিত হয়। ১৩ জুলাইত এক প্ৰেছ বিবৃতিযোগে এই কথা ঘোষণা কৰে আলফা (স্বা)য়ে। এই আক্ৰমণৰ ফলত লেফটেনেন্ট জেনেৰেল নয়ন অসম নিহত হোৱা বুলি নিশ্চিত হৈছে। আলফা (স্বা)য়ে দাবী কৰা অনুসৰি, প্ৰায় ১০০ ৰো অধিক ড্ৰ’ণেৰে আক্ৰমণ চলাই ভাৰতীয় সেনাই।

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ আৰু ৰক্তক্ষৰণ হোৱাটো কি ৰোগৰ লক্ষণ জানেনে?
Sawan 2025: শাওন মাহত ভুলতেও দান নকৰিব এইসমূহ বস্তু, বিপদত পৰিব আপুনি!
বিয়াৰ পূৰ্বে জীৱন সংগীক কি কি কথা সুধিব লাগে? ক'লে প্ৰেমানন্দ মহাৰাজে...
সাৱটি ধৰিবলৈ মহিলাই পুৰুষক দিয়ে ধন, ক'ত আছে এই ব্যৱস্থা?