শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ... | himanta biswa sarma govt announced Financial assistance for rajib sadia's family assam Assam news - Assam Tv9

শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ…

Published: 

27 Jan 2025 14:40 PM

প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়াললৈ আৰ্থিক সাহাৰ্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। শদিয়াৰ পৰিয়াললৈ চৰকাৰে ৫ লাখ টকাৰ আৰ্থিক অনুদান ঘোষণা কৰাৰ লগতে ভৱিষ্যতেও সহায়ৰ আশ্বাস দিয়ে।

1 / 5হিমন্ত বিশ্ব শৰ্মা

হিমন্ত বিশ্ব শৰ্মা

2 / 5

শদিয়াৰ মৃত্যুৰ পাছতে বিভিন্ন দল সংগঠনে চৰকাৰৰ ওচৰত তেওঁৰ পৰিয়ালৰলোকক সংস্থাপনৰ দাবী জনাইছিল। তাৰ মাজতে প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰিছে বিধায়ক বিনোদ হাজৰিকাই।

3 / 5

বিধায়কগৰাকীয়ে কয় যে, ৰাজীৱ শদিয়াই অসমক লৈ গীত গাইছিল, তেওঁ অসমক ভাল পাইছিল। শদিয়াৰ মৃত্যুৰ সময়ত মুখ্যমন্ত্ৰী বিদেশত আছিল। এনে পৰিস্থিতিত, গণৰাজ্য দিৱসৰ সময়ত মুখ্যমন্ত্ৰীগৰাকী ডিব্ৰুগড়ত উপস্থিত হোৱাৰ সময়ত ৰাজীৱ শদিয়া সন্দৰ্ভত অৱগত কৰা হৈছিল।

4 / 5

সেই সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজীৱ শদিয়াৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্যৰ ঘোষণা কৰে। লগতে পৰিয়ালটোৱে ভৱিষ্যতে যাতে কোনো বিপদৰ সন্মুখীন নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আশ্বাস প্ৰদান কৰে।

5 / 5

উল্লেখ্য যে, ভোগালী বিহুৰ উৰুকাৰ দিনা ৰাজীৱ শদিয়াই মৃত্যুক সাৱতি লৈছিল। মঞ্চত গান গাই থকা সময়ত হঠাতে শদিয়া অসুস্থ হৈ পৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁক হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু সকলোকে কন্দুৱাই শেষ নিশ্বাস ত্যাগ কৰিছিল ৰাজীৱ শদিয়াই।

বৃক্ক-যকৃতৰ পৰা হৃদযন্ত্ৰলৈ, কুন্দুলীৰ এনে স্বাস্থ্য উপকাৰী গুণৰ কথা জানেনে আপুনি?
প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? বিশেষজ্ঞৰ পৰা জানো আহক
নিশা শুই থাকোঁতেও পিয়াহত ডিঙি শুকাই যায় নেকি? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ…
পানীত পৰিল গুজৰাট টাইটানছৰ ১৮ কোটি টকা, ট্ৰফীৰ নামত আহিল ৩৩টা ছয়…