অখিলক লগত লৈ শিৱসাগৰত মুখ্যমন্ত্ৰী, জিলাখনৰ বিভিন্ন সমস্যা সমাধানৰ আশ্বাস... | himanta biswa sarma at sivasagar photo share on social media see details Assam news - Assam Tv9

অখিলক লগত লৈ শিৱসাগৰত মুখ্যমন্ত্ৰী, জিলাখনৰ বিভিন্ন সমস্যা সমাধানৰ আশ্বাস…

Published: 

29 Jun 2025 23:00 PM

আজি শিৱসাগৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই সময়চোৱাত তেওঁ শিৱসাগৰৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰে। শৰ্মাই ৰংঘৰৰ বাকৰিত পানী জমা হোৱা সমস্যাৰো বুজ লয়।

1 / 5আজি শিৱসাগৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই সময়চোৱাত তেওঁ শিৱসাগৰ ভটীয়াপাৰৰ গেছ নিৰ্গমন বন্ধ হোৱা ঠাইখিনি পৰিদৰ্শন কৰে। লগতে অন্য ঠাই পৰিদৰ্শন কৰি বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে সমাধানৰ আশ্বাস দিয়ে।

আজি শিৱসাগৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই সময়চোৱাত তেওঁ শিৱসাগৰ ভটীয়াপাৰৰ গেছ নিৰ্গমন বন্ধ হোৱা ঠাইখিনি পৰিদৰ্শন কৰে। লগতে অন্য ঠাই পৰিদৰ্শন কৰি বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে সমাধানৰ আশ্বাস দিয়ে।

2 / 5

মুখ্যমন্ত্ৰীগৰাকীক এই সময়ত লগ দিয়ে বিধায়ক অখিল গগৈয়ে। শিৱসাগৰ ভ্ৰমণৰ সময়ত শৰ্মাই ৰংঘৰত উপস্থিত হৈ কিছুদিন পূৰ্বে হোৱা বানৰ পৰিস্থিতিৰ বুজ লয়। লগতে কি পদ্ধতিৰে বৰষুণৰ পানী বাহিৰলৈ উলিয়াই দিব পাৰি তাৰ ওপৰত বিচাৰ বিবেচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে যে ৰংঘৰ বাকৰিৰ বানৰ সমস্যা সমাধান কৰা হ'ব।

3 / 5

শৰ্মাই গৌৰীসাগৰ অঞ্চলৰ বহুকেইখন গাঁৱক চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ কৰা দিখৌ নৈৰ ওপৰৰ হাৰমতিগড় পকী দলং আৰু এতিয়ালৈ লোক নিৰ্মাণ বিভাগে প্ৰাথমিক কাৰ্য সম্পন্ন কৰা দলংখনৰ সংযোগী পথটো পৰিদৰ্শন কৰে। লগতে স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰে।

4 / 5

শিৱসাগৰ ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত এক পোষ্ট কৰে। তেওঁ লিখে যে- ''শিৱসাগৰ ভ্ৰমণৰ অংশ হিচাপে আজি ইতিমধ্যে গেছ নিৰ্গমন বন্ধ হোৱা ভটীয়াপাৰৰ ঠাইখিনি পুনৰ এবাৰ পৰিদৰ্শন কৰোঁ৷ পৰিদৰ্শন কালত অ' এন জি চি আৰু জিলা প্ৰশাসনক চৰজমিন তদন্ত কৰি উক্ত ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত ভুক্তভোগীসকলক ক্ষতিপূৰণ প্ৰদানৰ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ আগবঢ়াইছোঁ''।

5 / 5

লগতে লিখে-''তদুপৰি গৌৰীসাগৰ অঞ্চলৰ বহুকেইখন গাঁৱক চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ কৰা দিখৌ নৈৰ ওপৰৰ হাৰমতিগড় পকী দলং আৰু এতিয়ালৈ লোক নিৰ্মাণ বিভাগে প্ৰাথমিক কাৰ্য সম্পন্ন কৰা দলংখনৰ সংযোগী পথটোও আজি পৰিদৰ্শন কৰোঁ। এই সময়ছোৱাত বিশাল পৰ্যায়ত শ্ৰদ্ধেয় ৰাইজৰ উষ্ম আদৰণিয়ে অভিভূত কৰি তোলে''।

আপুনিও খায় নেকি কেঁচা পিঁয়াজ? স্বাস্থ্যৰ বাবে এয়া ভাল নে বেয়া জানেনে?
বন্ধ হৈ পৰিছে সকলো পথ, হতাশাই আগুৰি ধৰিছে জীৱন! প্ৰেমানন্দ মহাৰাজে দিলে সমাধান...
বহুসময় ধৰি তথা কেইবাবাৰো উতলোৱা চাহ খালে কি ক্ষতি হ’ব পাৰে জানেনে?
আপোনাৰ যকৃতে সঠিকভাৱে কাম কৰি আছেনে? এই ৬টা লক্ষণত গুৰুত্ব দিয়ক