ভাল খবৰ! ৰাজ্যত হ্ৰাস পালে বিদ্যুতৰ মাচুল, মুখ্যমন্ত্ৰীৰ ঘোষণা... | himanta biswa sarma announced electricity bill will decrease in assam Assam news - Assam Tv9

ভাল খবৰ! ৰাজ্যত হ্ৰাস পালে বিদ্যুতৰ মাচুল, মুখ্যমন্ত্ৰীৰ ঘোষণা…

Published: 

01 Apr 2025 | 09:31 AM

ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ। হ্ৰাস পাব বিদ্যুতৰ মাচুল। ১ এপ্ৰিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰে।

1 / 5আজি ১ এপ্ৰিল অৰ্থাৎ এপ্ৰিল ফুল। আজিৰ দিনটোত মানুহক মুৰ্খ সজোৱা হয়। বিভিন্নজনে বন্ধু-বান্ধৱী বা আত্মীয়ক আজিৰ দিনটোত মিছা কথা কৈ মুৰ্খ সজায়। যেতিয়া তেওঁ মিছাটো মানি লয় তেতিয়া এপ্ৰিল ফুল বুলি চিঞৰে।

আজি ১ এপ্ৰিল অৰ্থাৎ এপ্ৰিল ফুল। আজিৰ দিনটোত মানুহক মুৰ্খ সজোৱা হয়। বিভিন্নজনে বন্ধু-বান্ধৱী বা আত্মীয়ক আজিৰ দিনটোত মিছা কথা কৈ মুৰ্খ সজায়। যেতিয়া তেওঁ মিছাটো মানি লয় তেতিয়া এপ্ৰিল ফুল বুলি চিঞৰে।

2 / 5

এই এপ্ৰিল ফুলৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দিলে এক ভাল খবৰ। সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যত হ্ৰাস পাব বিদ্যুতৰ মাচুল। ইয়াৰোপৰি এয়া এপ্ৰিল ফুল নহয় , এয়া সঁচা খবৰ বুলি কয় শৰ্মাই।

3 / 5

মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি, ১ এপ্ৰিলৰ পৰা ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ বিদ্যুতৰ মাচুল হ্ৰাস পাব। প্রতিটো ইউনিটত ১ টকাকৈ ৰেহাই পাব সকলোয়ে। গতিকে পূৰ্বতকৈ বিদ্যুতৰ মাচুলৰ ক্ষেত্ৰত কম টকা ভৰিব লাগিব ৰাইজে।

4 / 5

উল্লেখ্য যে, ৰাজ্যত মূল্যবৃদ্ধিয়ে জনতাক বহু পৰিমাণে সমস্যাত পেলাইছে। ইয়াৰ মাজতে আজিৰ পৰা বৃদ্ধি হৈছে প্ৰায় ৮০০ বিধ অত্যাৱশ্যকীয় ঔষধৰ মূল্য। গতিকে মূল্যবৃদ্ধিৰ মাজতো বিদ্যুতৰ মাচুল হ্ৰাসে ৰাজ্যবাসীক কিছু সকাহ প্ৰদান কৰিব।

5 / 5

এই সন্দৰ্ভত শৰ্মাই সামাজিক মাধ্যমত লিখে যে- আজি এপ্রিলৰ পহিলা তাৰিখ— এপ্রিল ফুল নহয় যদিও এষাৰ কথা কওঁ— উষ্ণতা বাঢ়িলেও আপোনাৰ বিদ্যুৎ বিল নিশ্চিতকৈ হ্রাস হ’ব। আজিৰে পৰা অসমৰ প্রতিটো পৰিয়ালে প্রতিটো ইউনিটত ১ টকাকৈ ৰেহাই পাবলৈ সক্ষম হ’ব। উল্লেখ্য যে এই ৰেহাইৰ হাৰে বছৰৰ শেষত আৰু অধিক সকাহেৰে আপোনাক শান্তি প্রদান কৰিবলৈ সাজু হৈছে।

এইবোৰ ভিটামিনৰ অভাৱৰ ফলত দুৰ্বল হৈ পৰে লিভাৰ, জানক...
প্ৰস্ৰাৱত আহে নেকি তেজ? কি ৰোগৰ লক্ষণ জানক...
জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে তুলসী গছে দিয়ে এই সংকেত...
হৃদৰোগৰ শংকা দূৰ কৰে নেকি নিৰামিষ খাদ্যই? জানিবলৈ চাওক এতিয়াই
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি