মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা! প্ৰতিটো ৰন্ধন গেছ চিলিণ্ডাৰত লাভ কৰিব ২৫০ টকাৰ অতিৰিক্ত ৰেহাই... | Himanta biswa sarma announced 250rs extra relief on every cooking gas cylinder for 20 lakh Orunodoi families See details assamese Assam news - Assam Tv9

মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা! প্ৰতিটো ৰন্ধন গেছ চিলিণ্ডাৰত লাভ কৰিব ২৫০ টকাৰ অতিৰিক্ত ৰেহাই…

Updated On: 

27 Nov 2025 | 12:31 PM

ৰাজ্যৰ লাখ লাখ মহিলাই প্ৰতিমাহে লাভ কৰে অৰুণোদয় আঁচনিৰ ধন। ইয়াৰ মাজতে চৰকাৰে গ্ৰহণ কৰিছে আন এক ডাঙৰ সিদ্ধান্ত। সেই অনুসৰি এতিয়াৰ পৰা গেছ চিলিণ্ডাৰৰ ক্ষেত্ৰত লাভ কৰিব সকাহ।

1 / 5চৰকাৰে বিভিন্ন সময়ত মহিলাসকলক  আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। ইয়াৰ ভিতৰত অৰুণোদয় আঁচনি অন্যতম। এই আঁচনিৰ অধীনত প্ৰতিমাহে মহিলাসকলে ১২৫০ টকাকৈ লাভ কৰে। পোনপটীয়াকৈ মহিলাসকলৰ একাউন্টত এই ধন সোমায়।

চৰকাৰে বিভিন্ন সময়ত মহিলাসকলক আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। ইয়াৰ ভিতৰত অৰুণোদয় আঁচনি অন্যতম। এই আঁচনিৰ অধীনত প্ৰতিমাহে মহিলাসকলে ১২৫০ টকাকৈ লাভ কৰে। পোনপটীয়াকৈ মহিলাসকলৰ একাউন্টত এই ধন সোমায়।

2 / 5

ইয়াৰ মাজতে চৰকাৰে এইবাৰ আন এক আৰ্থিক সকাহ দিয়াৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি, প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰতে ২৫০ টকাৰ অতিৰিক্ত ৰেহাই লাভ কৰিব। ইয়াৰ অধীনত ৰাজ্যৰ ২০ লাখ অৰুণোদয় পৰিয়ালে ডাঙৰ সকাহ লাভ কৰিব।

3 / 5

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখে যে-আমাৰ সমাজৰ কোনো এখন ঘৰতেই অন্নমুঠি গ্ৰহণৰ ক্ষেত্ৰত সামান্যও অসুবিধা নোহোৱাটো সুনিশ্চিত কৰিবলৈ চাউলৰ পাছতে ইতিমধ্যে দাইল-চেনি-নিমখ বিতৰণৰ আমি ব্যৱস্থা কৰিছোঁ। আৰু এইবাৰ ৰাজ্যৰ ২০ লাখ অৰুণোদয় পৰিয়াললৈ বৃহৎ সকাহ দি আমি প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰতে ২৫০ টকাৰ অতিৰিক্ত ৰেহাই দিবলৈ আগবাঢ়িছোঁ। ৰাজ্য চৰকাৰৰ এই বিশেষ পদক্ষেপক সকলোৱে সাদৰেৰে গ্ৰহণ কৰিব বুলি মোৰ আশা।

4 / 5

উল্লেখ্য যে, ইতিমধ্যে চৰকাৰে সুলভ মূল্য দাইল, চেনি আৰু নিমখ দিয়াৰ ব্যৱস্থা কৰিছে। ইয়াৰ অধীনত ৰাজ্যৰ লাখ লাখ পৰিয়াল লাভান্বিত হৈছে। এইবাৰ চৰকাৰে ৰন্ধন গেছৰ চিলিণ্ডাৰত সকাহ প্ৰদান কৰিব।

5 / 5

প্ৰতিমাহৰ ১০ তাৰিখে অৰুণোদয় আঁচনিৰ ধন সোমায়। ইয়াৰোপৰি চৰকাৰে প্ৰতিশ্ৰুতি দিছে যে বিজেপি চৰকাৰ আহিলে তেল সুলভ মূল্যত দিয়াৰ ব্যৱস্থা কৰিব। ইমানেই নহয়, ১০০ টকাত লাভ কৰিব দাইল-চেনি আৰু নিমখ। মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ বাবে চৰকাৰে এই পদক্ষেপ লোৱা বুলি কয়।

বয়স ৩০ৰ আশে-পাশে বাঢ়ে ফেটি লিভাৰৰ শংকা! এইদৰে পাব চিন্তাৰ পৰা পৰিত্ৰাণ
সৰস্বতী পূজাত পাঠ কৰক সৰস্বতী স্তোত্ৰ, দেখিব জীৱনত আচৰিত পৰিৱৰ্তন!
আগতীয়াকৈ হাঁওফাঁওৰ কৰ্কট ৰোগ কেনেকৈ ধৰা পেলাব ? প্ৰতিৰোধৰ উপায়...
শত্ৰু নাশ! হনুমান ভক্তসকলে মাত্ৰ মঙলবাৰে দান কৰক এইবোৰ সামগ্ৰী
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ