Durga puja 2024: ৰাজ্যৰ দুৰ্গা পূজা সমিতিসমূহলৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা... | himanta biswa sarma announce Financial assistance to Durga Puja Committee assam Assam news - Assam Tv9

Durga puja 2024: ৰাজ্যৰ দুৰ্গা পূজা সমিতিসমূহলৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা…

Published: 

29 Sep 2024 | 08:50 PM

Durga puja 2024: সমাগত শাৰদীয় দুৰ্গা পূজা। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যবাসীও সাজু হৈছে পূজালৈ। ৯ অক্টোবৰৰ পৰা আৰম্ভ হ'বলগীয়া পূজা যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে প্ৰশাসনে SOP ও জাৰি কৰিছে। ইয়াৰ মাজতে চৰকাৰে দুৰ্গা পূজা কমিটীসমূহলৈ বিত্তীয় সাহাৰ্য আগবঢ়াইছে।

1 / 5Durga puja 2024: ৰাজ্যৰ দুৰ্গা পূজা সমিতিসমূহলৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা…

2 / 5

পূজা যাতে সুকলমে হয় আৰু ইয়াৰ বাবে যাতে সাধাৰণ ৰাইজ কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে প্ৰশাসনে জাৰি কৰিছে এছ অ' পি । য'ত দুৰ্গা পূজা কমিটীসমূহলৈ বহু নীতি- নিৰ্দেশনা জাৰি কৰিছে।তাৰ অধীনতহে এইবাৰ পূজা কমিটীসমূহে দুৰ্গা পূজা অনুষ্ঠিত কৰিব পাৰিব।

3 / 5

ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা। শৰ্মাই কয় যে সকলো দুৰ্গা পূজা কমিটীক প্ৰদান কৰা হ'ব বিত্তীয় সাহাৰ্য। কোনোৱে যদি এই ক্ষেত্ৰত আয়ুক্তৰ কাৰ্যালয়ত যোগাযোগ কৰা নাই তেন্তে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে ।লগতে সকলোকে পূজা সুকলমে অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে।

4 / 5

শৰ্মাই কয় যে, ৰাজ্য চৰকাৰে বিহুৰ দৰে দুৰ্গা পূজা কমিটীসমূহলৈও আৰ্থিক সাহাৰ্য আগবঢ়াব। পৰৱৰ্তী সময়ত ৰাজ্যৰ ভাওনা কমিটীসমূহলৈও বিত্তীয় সাহাৰ্য আগবঢ়াব বুলি কয় শৰ্মাই। তেওঁ কয় যে, অসমৰ সকলো উৎসৱ পাৰ্বন আনন্দৰে উদযাপন কৰা হ'ব।

5 / 5

শৰ্মাই কয়, ৰাজ্য চৰকাৰে অসমৰ সকলো উৎসৱ পাৰ্বন জনসাধাৰণৰ কাষত থাকি উদযাপন কৰাৰ চেষ্টা কৰি আহিছে। এই কাৰ্যই চৰকাৰখনত জনতাৰ ওচৰলৈ লৈ গৈছে। জনতাৰ লগত উৎসৱ একেলগে পালন কৰাৰ বাবে চৰকাৰে এনে আঁচনি আনিছে বুলি শৰ্মাই কয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...