বাইক চলাই হঠাৎ চহৰৰ মাজ মজিয়াত ওলাল হনুমান! কিন্তু ক’ৰ পৰা আহিল? | himanshu prasad dass new assamese film jai hanumen will release in 18th october know more Assam news - Assam Tv9
ৰাইজৰ মাজলৈ গৈ গৈ হনুমানে বিচাৰিছে কেইজনমান বিশেষ ব্যক্তিক। আচলতে এয়া হনুমান নহয় হনুমেন হে। ১৮ অক্টোবৰত শুভমুক্তি লাভ কৰিব পৰিচালক তথা অভিনেতা হিমাংশু প্ৰসাদ দাসৰ ছবি 'জয় হনুমেন'। স্পাইডাৰ মেন, ছুপাৰ মেন, বেটছমেনৰ কাহিনী বহুত শুনিছে কিন্তু এইবাৰ শুনিব হনুমেনৰ কথা।
4 / 6
নগাঁও, চামগুৰি, তেজপুৰকে ধৰি বিভিন্ন স্থানত 'জয় হনুমেন'ৰ প্ৰচাৰত ব্যস্ত পৰিচালক তথা অভিনেতা হিমাংশু প্ৰসাদ দাস। অসমৰ এটা বিশেষ ঘটনাৰ আলমত এই ছবিখন নিৰ্মাণ কৰা হৈছে। ১৮ অক্টোবৰত ৰাজ্যৰ প্ৰায়কেইটা ছবিগৃহতে মুক্তিলাভ কৰিব ছবিখনে ৷