Guwahati Flood: পুনৰ কৃত্ৰিম বানৰ কবলত মহানগৰবাসী, এজাক বৰষুণতে সাগৰ সদৃশ পৰিৱেশ ! | Heavy rains in the morning caused artificial flooding in Guwahati city Assam news - Assam Tv9

Guwahati Flood: পুনৰ কৃত্ৰিম বানৰ কবলত মহানগৰবাসী, এজাক বৰষুণতে সাগৰ সদৃশ পৰিৱেশ !

Published: 

29 May 2025 08:18 AM

বিপদে লগ নেৰা হৈছে মহানগৰবাসীক। পুৱাৰে পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানত একাকাৰ হৈ পৰিছে মূল ৰাজপথৰ লগতে পদপথ। আপুনি বাহিৰলৈ ওলাই যোৱাৰ পূৰ্বে জানক ক’ত ক’ত হৈছে পানী?

1 / 5পুনৰ কৃত্ৰিম বানত জুৰুলা গুৱাহাটী মহানগৰবাসী। পুৱাই অহা বৰষুণজাকৰ ফলত জলমগ্ন হৈ পৰিছে মহানগৰীৰৰ বিভিন্ন প্ৰান্ত।

পুনৰ কৃত্ৰিম বানত জুৰুলা গুৱাহাটী মহানগৰবাসী। পুৱাই অহা বৰষুণজাকৰ ফলত জলমগ্ন হৈ পৰিছে মহানগৰীৰৰ বিভিন্ন প্ৰান্ত।

2 / 5

এজাক বৰষুণ দিলেই আলৈ-আঁথানি হয় মহানগৰবাসীৰ। আজি হঠাতে পুৱা পৰিৱেশ সলনি হৈ পৰে গুৱাহাটী মহানগৰীৰ।

3 / 5

গুৱাহাটীৰ চানমাৰি, অনিল নগৰ, নবীন নগৰ, কাহিলীপাৰা, হাতীগাঁওকে ধৰি ভিন্নস্থানত এই পৰ্যন্ত পানীৰে উপচি পৰিছে। পুৱাৰে পৰা অহা নেৰানেপেৰা বৰষুণজাকে সমস্যাত পেলাইছে মহানগৰবাসীক।

4 / 5

বৃহস্পতিবাৰে দিয়া এই বৰষুণতে দুৰ্দশা ভুগিবলগীয়া হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু কৰ্মস্থলীলৈ ওলাই যোৱা লোকসকলে।

5 / 5

ইফালে বতৰ বিজ্ঞানে ৰাজ্যত আগন্তুক ২-৩ দিনত পশ্চিম আৰু দক্ষিণ অঞ্চলত প্ৰচণ্ড পৰা অতি প্ৰচণ্ড বৰষুণৰ হোৱাৰ আশংকা কৰিছে। ২৪ ঘণ্টাত সমগ্ৰ অসমত অশুভ বতৰৰ ভৱিষ্যদ্বাণী কৰিছিল বতৰ বিজ্ঞান বিভাগে ।

বৃক্ক-যকৃতৰ পৰা হৃদযন্ত্ৰলৈ, কুন্দুলীৰ এনে স্বাস্থ্য উপকাৰী গুণৰ কথা জানেনে আপুনি?
প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? বিশেষজ্ঞৰ পৰা জানো আহক
নিশা শুই থাকোঁতেও পিয়াহত ডিঙি শুকাই যায় নেকি? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ…
পানীত পৰিল গুজৰাট টাইটানছৰ ১৮ কোটি টকা, ট্ৰফীৰ নামত আহিল ৩৩টা ছয়…