মহানগৰীত আকৌ কৃত্ৰিম বান! জলমগ্ন যোৰাবাট, জনতাৰ হাহাকাৰ | Heavy rains caused artificial flooding in Jorabat Guwahati city see photo today Assam news - Assam Tv9

মহানগৰীত পুনৰ কৃত্ৰিম বান! জলমগ্ন যোৰাবাট, জনতাৰ হাহাকাৰ

Updated On: 

14 Jul 2025 20:09 PM

আজি দুপৰীয়া অহা এজাক বৰষুণত কৃত্ৰিম বানৰ উদ্ভৱ হয় যোৰাবাটত। পাহাৰৰ পৰা নামি অহা পানীয়ে বুৰাই পেলাই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰ ফলত তীব্ৰ যানজটৰ সৃষ্টি হয় যোৰাবাটত।

1 / 5প্ৰচণ্ড গৰমৰ পিছত বিয়লি অহা এজাক বৰষুণে কিছু সকাহ দিলে মহানগৰবাসীক। কিন্তু প্ৰায় এঘণ্টা ধৰি অব্যাহত থকা এই বৰষুণ সুখকৰ নহ'ল মহানগৰবাসীৰ বাবে।

প্ৰচণ্ড গৰমৰ পিছত বিয়লি অহা এজাক বৰষুণে কিছু সকাহ দিলে মহানগৰবাসীক। কিন্তু প্ৰায় এঘণ্টা ধৰি অব্যাহত থকা এই বৰষুণ সুখকৰ নহ'ল মহানগৰবাসীৰ বাবে।

2 / 5

এজাক মাত্ৰ বৰষুণতে পুনৰ জলমগ্ন হ’ল গুৱাহাটী মহানগৰ। চৌদিশে কৃত্ৰিম বান। পানীত বুৰ গ'ল ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ।

3 / 5

ইফালে যোৰাবাটত দেখা গ'ল কৃত্ৰিম বানৰ ভয়াৱহ ৰূপ। পাহাৰৰ পৰা নামি অহা পানীৰ ধলে বুৰাই পেলালে ঘাইপথ।

4 / 5

তাৰ পিছত জনতাৰ মাজত হাহাকাৰ। পানীৰ ফলত ঘাইপথত তীব্ৰ যানজঁটৰ সৃষ্টি হয়।

5 / 5

আৱদ্ধ হৈ পৰিল বহু বাহন। অৱশ্যে এই দৃশ্য নতুন নহয়। এজাক বৰষুণৰ পিছত প্ৰায় এইদৰে কৃত্ৰিম বানত ডুব যায় যোৰাবাট।

অনবৰতে হামিয়াই থকাটো কিহৰ লক্ষণ জানেনে?
শিৱক অৰ্পন কৰক এই বস্তু! পূৰণ হ'ব মনৰ সকলো কামনা...
শাওনৰ সোমবাৰত ভুলতো নকৰিব এই কাম! শিৱ হ'ব অসন্তুষ্ট...
ডিম্বাশয়ত কৰ্কট ৰোগ হ'লে প্ৰথমতে দেখা দিয়ে এইসমূহ লক্ষণ! আওকান নকৰিব