প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ! কোন জিলাত কিমান ডিগ্ৰীলৈ উঠিল পাৰাস্তম্ভ? | heatwave like conditions assam weather temperature 20 september record Assam news - Assam Tv9

প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ! কোন জিলাত কিমান ডিগ্ৰীলৈ উঠিল পাৰাস্তম্ভ?

Updated On: 

20 Sep 2024 15:57 PM

আহিনৰ বতৰতো উৎকট গৰমে দহিছে সমগ্র ৰাজ্য। ঠায়ে ঠায়ে ৩৭ ডিগ্ৰী পৰ্যন্ত ঊৰ্ধ্বগামী হৈছে পাৰাস্তম্ভ। অবাধ বনাঞ্চল ধ্বংসৰ ফলত জলবায়ু পৰিৱৰ্তন। গৰম সহ্য কৰিব নোৱাৰি বিদ্যালয়ত ঢলি পৰিছে শিক্ষক-শিক্ষাৰ্থী। চাওক আহক ৰাজ্যৰ কোন জিলাত কিমান উষ্ণতা?

1 / 5প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ বাবে সাজু হওক ৰাজ্যবাসী। আগন্তুক ৯-১০ দিনলৈ ৰাজ্যত আহিব পাৰে এটা মিনি ‘হিট ৱেভ’। অনাগত ৩-৪ দিনলৈ ৰাজ্যত পৰিব প্ৰচণ্ড গৰম।

প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ বাবে সাজু হওক ৰাজ্যবাসী। আগন্তুক ৯-১০ দিনলৈ ৰাজ্যত আহিব পাৰে এটা মিনি ‘হিট ৱেভ’। অনাগত ৩-৪ দিনলৈ ৰাজ্যত পৰিব প্ৰচণ্ড গৰম।

2 / 5

অহা দেওবাৰে ৰাজ্যত গৰমে এইবছৰৰ অভিলেখ ৰচাৰ সম্ভাৱনা আছে। ৪০ ডিগ্ৰী পৰ্যন্ত হ’ব পাৰে তাপমাত্ৰা। আজি গুৱাহাটীৰ তাপমাত্ৰা হৈছে সৰ্বাধিক ৩৭ ডিগ্ৰী আৰু সৰ্বনিম্ন ২৯ ডিগ্ৰী।

3 / 5

গোলাঘাটত ৪১ ডিগ্ৰী পৰ্যন্ত হৈছেগৈ উষ্ণতা। গুৱাহাটীত তাপমাত্ৰা ৩৭, ডিব্ৰুগড়ত ৩৭ শিলচৰত ৩৪.৪, যোৰহাটত ৩৭, উত্তৰ লখিমপুৰত ৩৭, ধেমাজি ৩৬, তিনিচুকীয়াত ৩৭, হোজাইত ৩৬ ডিগ্ৰী।

4 / 5

ইয়াৰ উপৰিও নগাঁওত ৩৭ , ডিফুত ৩৮, মৰিগাঁওত ৩৭, কৰিমগঞ্জত ৩৬, বৰপেটাত ৩৭, গোৱালপাৰাত ৩৬, ধুবুৰীত ৩৫, বঙাইগাঁওত ৩৬, মাজুলিত ৩৬ ডিগ্ৰীলৈ বৃদ্ধি হৈছে তাপমাত্ৰা।

5 / 5

ৰাজ্যত এনেদৰে বৃদ্ধি হোৱা তাপমাত্ৰাই সাধাৰণতে সকলোকে চিন্তাত পেলাইছে। সাধাৰণতে আহিন মাহত শেৱালী ফুলে, কুৱলী পৰে, শৰতৰ আগমন ঘটে। কিন্তু এইবাৰ শৰতৰ আগমণৰ কোনো লক্ষণ নাই। জলবায়ু পৰিবৰ্তনে সলনি কৰি পেলাইছে সকলো। এনেক্ষেত্ৰত সকলোৱে সতৰ্কতা অবলম্বন কৰাটো প্ৰয়োজনীয় হৈ পৰিছে।

পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?