মূলা খাই ভাল পায়নে ? ইয়াৰ স্বাস্থ্যৰ উপকাৰিতা কি ? | Health Benefits of Radish: Why You Should Eat It This Winter Assam news - Assam Tv9

Health Benefits of Radish: মূলা খাই ভাল পায়নে ? ইয়াৰ স্বাস্থ্যৰ উপকাৰিতা কি ?

Published: 

24 Feb 2025 | 05:19 PM

এই পাচলি বিধৰ স্বাস্থ্যৰ উপকাৰিতা অধিক। শীতকালত এই পাচলিবিধৰ উৎপাদনও বৃদ্ধি পায় । গতিকে মূলা খোৱাৰ উপকাৰিতা কি ? জানক

1 / 8মূলা হৈছে এবিধ শিপা-জাতীয় পাচলি । প্ৰায় সংখ্য়ক লোকৰে এই পাচলি বিধ অতি প্ৰিয় । কিন্তু বহুতে ইয়াৰ গোন্ধৰ বাবে এই পাচলিবিধ খাবলৈ ভাল নাপায় । বিশেষকৈ যিসকলৰ গেছৰ সমস্যা আছে তেওঁলোকে প্ৰায়ে এই পাচলি বিধ পৰিহাৰ কৰে ।

মূলা হৈছে এবিধ শিপা-জাতীয় পাচলি । প্ৰায় সংখ্য়ক লোকৰে এই পাচলি বিধ অতি প্ৰিয় । কিন্তু বহুতে ইয়াৰ গোন্ধৰ বাবে এই পাচলিবিধ খাবলৈ ভাল নাপায় । বিশেষকৈ যিসকলৰ গেছৰ সমস্যা আছে তেওঁলোকে প্ৰায়ে এই পাচলি বিধ পৰিহাৰ কৰে ।

2 / 8

কিন্তু এই পাচলি বিধৰ স্বাস্থ্যৰ উপকাৰিতা অধিক । শীতকালত এই শাকবিধৰ সোৱাদ অতি ভাল। তদুপৰি এই সময়ছোৱাত এই পাচলিবিধৰ উৎপাদনও বৃদ্ধি পায় । গতিকে মূলা খোৱাৰ উপকাৰিতা কি ? জানক

3 / 8

মূলাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায় । ফলত বিভিন্ন ৰোগৰ সংক্ৰমণ বৃদ্ধি পায়। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবৰ বাবে শীতকালত মাজে মাজে মূলা খাব লাগে।

4 / 8

মূলাই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে । এই ক্ষেত্ৰত কেঁচা মূলা চালাড বনাই খাব পাৰে। যদি আপুনি গেছৰ সমস্যাৰ বাবে মূলা খাবলৈ ভয় কৰে তেন্তে উতলাই খাব পাৰে ।

5 / 8

মূলাত পটাছিয়াম থাকে। গতিকে এই পাচলি হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী। হৃদযন্ত্ৰ সুস্থ হ’লে ষ্ট্ৰোক আৰু হাৰ্ট এটেকৰ সম্ভাৱনা কমি যাব।

6 / 8

মূলাত ভিটামিন চি থাকে। ইয়াৰ উপৰিও ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে। সেয়েহে মূলা খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু হজম শক্তি ভাল হয়।

7 / 8

মূলাই শীতকালত শৰীৰৰ উষ্ণতা স্বাভাৱিক স্তৰত ৰখাত সহায় কৰে। গতিকে এই পাচলি খাব পাৰে ।

8 / 8

অসমৰ খেতিয়ক সকলে এই সময়ছোৱাত প্ৰায়ে মূলাৰ খেতি কৰে । গতিকে থালুৱা খেতিয়কে জৈৱক পদ্ধতিৰে উৎপাদন কৰা মূলা বজাৰত উপলব্ধ হয় ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...