মূলা খাই ভাল পায়নে ? ইয়াৰ স্বাস্থ্যৰ উপকাৰিতা কি ? | Health Benefits of Radish: Why You Should Eat It This Winter Assam news - Assam Tv9

Health Benefits of Radish: মূলা খাই ভাল পায়নে ? ইয়াৰ স্বাস্থ্যৰ উপকাৰিতা কি ?

Published: 

24 Feb 2025 17:19 PM

এই পাচলি বিধৰ স্বাস্থ্যৰ উপকাৰিতা অধিক। শীতকালত এই পাচলিবিধৰ উৎপাদনও বৃদ্ধি পায় । গতিকে মূলা খোৱাৰ উপকাৰিতা কি ? জানক

1 / 8মূলা হৈছে এবিধ শিপা-জাতীয় পাচলি । প্ৰায় সংখ্য়ক লোকৰে এই পাচলি বিধ অতি প্ৰিয় । কিন্তু বহুতে ইয়াৰ গোন্ধৰ বাবে এই পাচলিবিধ খাবলৈ ভাল নাপায় । বিশেষকৈ যিসকলৰ গেছৰ সমস্যা আছে তেওঁলোকে প্ৰায়ে এই পাচলি বিধ পৰিহাৰ কৰে ।

মূলা হৈছে এবিধ শিপা-জাতীয় পাচলি । প্ৰায় সংখ্য়ক লোকৰে এই পাচলি বিধ অতি প্ৰিয় । কিন্তু বহুতে ইয়াৰ গোন্ধৰ বাবে এই পাচলিবিধ খাবলৈ ভাল নাপায় । বিশেষকৈ যিসকলৰ গেছৰ সমস্যা আছে তেওঁলোকে প্ৰায়ে এই পাচলি বিধ পৰিহাৰ কৰে ।

2 / 8

কিন্তু এই পাচলি বিধৰ স্বাস্থ্যৰ উপকাৰিতা অধিক । শীতকালত এই শাকবিধৰ সোৱাদ অতি ভাল। তদুপৰি এই সময়ছোৱাত এই পাচলিবিধৰ উৎপাদনও বৃদ্ধি পায় । গতিকে মূলা খোৱাৰ উপকাৰিতা কি ? জানক

3 / 8

মূলাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায় । ফলত বিভিন্ন ৰোগৰ সংক্ৰমণ বৃদ্ধি পায়। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবৰ বাবে শীতকালত মাজে মাজে মূলা খাব লাগে।

4 / 8

মূলাই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে । এই ক্ষেত্ৰত কেঁচা মূলা চালাড বনাই খাব পাৰে। যদি আপুনি গেছৰ সমস্যাৰ বাবে মূলা খাবলৈ ভয় কৰে তেন্তে উতলাই খাব পাৰে ।

5 / 8

মূলাত পটাছিয়াম থাকে। গতিকে এই পাচলি হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী। হৃদযন্ত্ৰ সুস্থ হ’লে ষ্ট্ৰোক আৰু হাৰ্ট এটেকৰ সম্ভাৱনা কমি যাব।

6 / 8

মূলাত ভিটামিন চি থাকে। ইয়াৰ উপৰিও ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে। সেয়েহে মূলা খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু হজম শক্তি ভাল হয়।

7 / 8

মূলাই শীতকালত শৰীৰৰ উষ্ণতা স্বাভাৱিক স্তৰত ৰখাত সহায় কৰে। গতিকে এই পাচলি খাব পাৰে ।

8 / 8

অসমৰ খেতিয়ক সকলে এই সময়ছোৱাত প্ৰায়ে মূলাৰ খেতি কৰে । গতিকে থালুৱা খেতিয়কে জৈৱক পদ্ধতিৰে উৎপাদন কৰা মূলা বজাৰত উপলব্ধ হয় ।

প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা বা বিষ হয় নেকি? হ’ব পাৰে এনে স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ
আপোনাৰ ভোক কমি গৈছে নেকি? ই কি কি ৰোগৰ ইংগিত দিব পাৰে...
আপোনাৰ শোৱা কোঠাটো কেনেকুৱা হ’ব লাগে? বাস্তুত কি কোৱা হৈছে ?
নালাগে জিম যাব! এই ৫ বিধ ঘৰুৱা পানীয়ই কম কৰিব পেটৰ চৰ্বি...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা