BCCI য়ে ল’লে ডাঙৰ সিদ্ধান্তঃ বিগত ৫ বছৰে নকৰা কাম কৰিব লাগিব হাৰ্দিক পাণ্ডিয়াই – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

BCCI য়ে ল’লে ডাঙৰ সিদ্ধান্তঃ বিগত ৫ বছৰে নকৰা কাম কৰিব লাগিব হাৰ্দিক পাণ্ডিয়াই

Published: 

11 May 2024 | 07:03 AM

ভাৰতীয় ক্ৰিকেটক লৈ বহু বিষয়ৰ ওপৰত মন্তব্য কৰে বিচিচিআইৰ সচিব জয় শ্বাহে। তেওঁ জনাই শীঘ্ৰেই টিম ইণ্ডিয়াই নতুন প্ৰশিক্ষক লাভ কৰিব। হাৰ্দিক পাণ্ডিয়াকলৈও তেওঁ ডাঙৰ ঘোষণা কৰে।

1 / 5টিম ইণ্ডিয়াৰ অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া বিশেষ চৰ্চাত আছে। মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কত্ব লাভ কৰাৰ পাছৰ পৰাই বিভিন্ন বিতৰ্কত সোমাই পৰিছে খেলুৱৈজন। আনকি দলৰ জ্যেষ্ঠ খেলুৱৈয়েও তেওঁৰ বিৰুদ্ধে বহু অভিযোগ কৰিছে। তেওঁৰ অধিনায়কত্বতেই এম আই আইপিএলৰ প্লে অফৰ দৌৰৰ পৰা বাহিৰ হয়।

টিম ইণ্ডিয়াৰ অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া বিশেষ চৰ্চাত আছে। মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কত্ব লাভ কৰাৰ পাছৰ পৰাই বিভিন্ন বিতৰ্কত সোমাই পৰিছে খেলুৱৈজন। আনকি দলৰ জ্যেষ্ঠ খেলুৱৈয়েও তেওঁৰ বিৰুদ্ধে বহু অভিযোগ কৰিছে। তেওঁৰ অধিনায়কত্বতেই এম আই আইপিএলৰ প্লে অফৰ দৌৰৰ পৰা বাহিৰ হয়।

2 / 5

ইয়াৰ মাজতেই হাৰ্দিক পাণ্ডিয়াক লৈ বিচিচিআইৰ সচিব জয় শ্বাহে ডাঙৰ বিবৃতি দিছে। জয় শ্বাহে কয় যে হাৰ্দিক পাণ্ডিয়াই এতিয়া ঘৰুৱা ক্ৰিকেট খেলিব। এই বিষয়টো তেওঁৰ সৈতে আলোচনা কৰা হৈছে আৰু তেওঁ ঘৰুৱা ক্ৰিকেট খেলিবলৈ সন্মত হৈছে।

3 / 5

হাৰ্দিক পাণ্ডিয়াই শেষৰবাৰ বাবে ঘৰুৱা ক্ৰিকেট খেলিছিল ২০১৮-১৯ বৰ্ষত। ইয়াৰ পিছত তেওঁ আইপিল অথবা টিম ইণ্ডিয়াৰ হৈ খেলিছিল।

4 / 5

যোৱা ২-৩ বছৰত হাৰ্দিক পাণ্ডিয়াই বহু আঘাত পাইছিল আৰু ইয়াৰ বাবেই ঘৰুৱা ক্ৰিকেটৰ পৰা নিজকে আঁতৰাই ৰাখিছিল। ইয়াৰ ওপৰত ইৰফান পাঠানেও প্ৰশ্ন উত্থাপন কৰিছিল। কিন্তু এতিয়া বি চি চি আইয়ে কৈছে যে গ্ৰেড-এ খেলুৱৈয়ে ঘৰুৱা ক্ৰিকেট খেলিব লাগিব।

5 / 5

হাৰ্দিকৰ কামৰ পৰিচালনাৰ প্ৰতি লক্ষ্য ৰাখি বিচিচিআইয়ে তেওঁক প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলিব নালাগে বুলি কৈছে। কিন্তু ঘৰুৱা ক্ৰিকেটত হাৰ্দিক পাণ্ডিয়াক কেতিয়া দেখা যাব সেয়া লক্ষণীয় হ'ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...